ETV Bharat / sports

ICC cricket World Cup 2023: বিশ্বকাপত ব্যক্তিগত প্ৰথমটো শতকৰ কৃতিত্ব শচীন তেণ্ডুলকাৰক দিলে ইব্ৰাহিম জাড্ৰানে

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 9:28 PM IST

বিশ্বকাপত শতাধিক ৰাণ কৰি প্ৰথমজন আফগানিস্তানৰ বেটছমেন হিচাপে অভিলেখ সৃষ্টি কৰা ইব্ৰাহিম জাড্ৰানে ৱাংখেড়েত অৰ্জন কৰা দৰ্শনীয় শতকৰ বাবে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক কৃতিত্ব দিয়ে ।

ICC cricket World Cup 2023
ICC cricket World Cup 2023

নিউজ ডেস্ক, 7 নৱেম্বৰ: ৱাংখেড়ে ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখনৰ পূৰ্বে ইব্ৰাহিম জাড্ৰানে শচীন তেণ্ডুলকাৰৰ সৈতে দীঘলীয়া সময় কটায় আৰু ক্ৰিকেট আইকনগৰাকীৰ পৰা বেটিঙৰ শিক্ষা গ্ৰহণ কৰে । সোমবাৰে ৱাংখেড়েত অনুশীলন কৰি থকা আফগানিস্তানৰ খেলুৱৈসকলৰ সৈতে সময় কটোৱা দেখা গৈছিল শচীন তেণ্ডুলকাৰক ।

মঙলবাৰে আফগানিস্তানৰ ২১ বছৰীয়া অ’পেনাৰগৰাকীয়ে বিশ্বকাপৰ মেচত শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় ৷ এয়া তেণ্ডুলকাৰৰ সৈতে হোৱা আলাপৰ প্ৰভাৱ যেন দেখা গৈছে । শতকত উপনীত হোৱাৰ কিছু মুহূৰ্তৰ পিচতে তেওঁৰ অমূল্য টিপছৰ বাবে তেণ্ডুলকাৰক ধন্যবাদ জনায় জাড্ৰানে ।পেট কামিন্স, মিচেল ষ্টাৰক, জোছ হেজলউড আৰু এডাম জাম্পাৰ আক্ৰমণৰ বিৰুদ্ধে আফগানিস্তানে জাড্ৰানৰ ১২৯ ৰানৰ বাবেই প্ৰত্যাহ্বানমূলক ২৯১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হয় ।

‘‘শচীন তেণ্ডুলকাৰৰ সৈতে মোৰ আলাপ হৈছিল । তেওঁ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছিল আৰু মই মেচৰ পূৰ্বে কৈছিলো যে মই শচীন তেণ্ডুলকাৰৰ দৰে বেটিং কৰিম । তেওঁ মোক বহুত সাহস আৰু আত্মবিশ্বাস দিছিল ।’’ জাড্ৰানে কয় ৷

জাড্ৰানে আঠ টা চাৰি আৰু 3 টা ছিক্সাৰৰ সহায়ত শতক সম্পূৰ্ণ কৰে ৷ ইয়াৰ ফলত আফগানিস্তানে কেংগাৰু বাহিনীক প্ৰত্যাহ্বানমূলক টাৰ্গেট দিবলৈ সক্ষম হয় ।

"বিশ্বকাপত আফগানিস্তানৰ হৈ প্ৰথম শতক অৰ্জন কৰিবলৈ পাই মই বৰ সুখী অনুভৱ কৰিছোঁ । এই প্ৰতিযোগিতাখনৰ বাবে মই সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছিলোঁ । পাকিস্তানৰ বিৰুদ্ধে শতকৰ সুবিধা হেৰুৱালোঁ যদিও আজি সফলতা লাভ কৰিলোঁ । মই মোৰ প্ৰশিক্ষকৰ সৈতে কথা পাতোতে তেওঁলোকক কৈছিলো মই অনুভৱ কৰিছো যে অহা তিনিখন মেচত মই এটা শতক অৰ্জন কৰিব পাৰিম ৷’’ সোঁহতীয়া অ’পেনিং বেটছমেনগৰাকীয়ে কয় ।

সোমবাৰে সন্ধিয়া ৪৬৩ খন এদিনীয়া খেলত অংশ লোৱা শচীন তেণ্ডুলকাৰে জাদ্ৰানক দীৰ্ঘ সময়ৰ বাবে বেটিং কৰাৰ লগতে শ্বট খেলি থকাৰ সময়ত অধিক বিকল্পৰ সন্ধান কৰাৰ বিষয়ে টিপছ দিয়ে । কিংবদন্তিগৰাকীয়ে তেওঁলোকক এটা গ’ল (টিম গ’ল) ঠিৰাং কৰিবলৈও কৈছিল । জাড্ৰানে কয় যে ৱাংখেড়েৰ পৃষ্ঠভাগ বেটিং কৰিবলৈ ভাল আৰু মাজৰ অভাৰত উইকেট হেৰুওৱাত শোক প্ৰকাশ কৰে ৷ যাৰ ফলত তেওঁলোকে মুঠ ৩০০ ৰান সংগ্ৰহ কৰাত ব্যৰ্থ হয় ।

লগতে পঢ়ক: ICC World Cup 2023 : ভাৰতৰ মুখামুখি হ'বলৈ ভয় প্ৰতিটো দলৰ: ৰাজেশ চৌহান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.