ETV Bharat / sports

Virat Kohli 49th ODI hundred: খেলৰ সময়ত আবেগ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ: কোহলী

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 6:31 PM IST

জন্মদিনৰ দিনাই ক্ৰিকেটৰ নন্দন কানন ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিজৰ এদিনীয়া ক্ৰিকেট কেৰিয়াৰৰ 49 সংখ্যক শতক অৰ্জন কৰিলে বিৰাট কোহলীয়ে ৷ বিৰাটৰ এই শতকে ভাৰতীয় লক্ষ লক্ষ ক্ৰিকেট অনুৰাগীক আপ্লুত কৰাৰ লগতে মেন ইন ব্লুক প্ৰ’টিয়াৰ্চৰ বিৰুদ্ধে 243 ৰাণত জয়ৰ সোৱাদ দিয়ে ৷

Virat Kohli 49th ODI hundred
ODI cricket World Cup 2023

স্প’ৰ্টছ ডেস্ক, 6 নৱেম্বৰ: তেওঁৰ বিস্ফোৰক বেটিং চাবলৈ ৰৈ থাকে লাখ লাখ ক্ৰিকেট অনুৰাগী ৷ কোনোৱে তেওঁক কয় ৰাণ মেচিন, কোনোৱে কয় চেজ মাষ্টাৰ ৷ যোৱা 5 নৱেম্বৰত 35 সংখ্যক জন্মদিন পালন কৰা এইগৰাকী খেলুৱৈয়ে নিজৰ ক্ৰিকেট কেৰিয়াৰত সন্নিৱিষ্ট কৰিলে আৰু এটা শতক ৷ এদিনীয়া ক্ৰিকেটত 49 টা শতক অৰ্জন কৰি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুকাৰৰ সৈতে অভিলেখৰ সমতা স্থাপন কৰে তেওঁ ৷ আপুনি নিশ্চয় বুজিব পাৰিছে, ইয়াত কাৰ কথা কোৱা হৈছে ৷ হয়, তেওঁ হৈছে ক্ৰিকেট প্ৰেমীৰ অন্যতম ক্ৰেজ বিৰাট কোহলী, যাক কোৱা হয় কিং কোহলী বুলিও ৷

বৰ্তমানলৈকে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জনকাৰী শচীন তেণ্ডুকাৰৰ অভিলেখ স্পৰ্শ কৰা কোহলীয়ে আৰু এটা শতক অৰ্জন কৰিলেই হৈ পৰিব এদিনীয়াত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ ৷ কোহলীয়ে ইডেন গাৰ্ডেনত দঃ আফ্ৰিকাৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ লগে লগে উল্লাসিত হৈ পৰিল তেওঁ সকলো অনুৰাগী ৷ ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰে X ত পোষ্ট কৰিছিল, ‘‘এই 49 সংখ্যক শতকৰ পৰা 50 লৈ যাবলৈ মোক প্ৰায় এবছৰ লাগিছিল ৷ কিন্তু কোহলীয়ে হয়তো ইমান সময় নল’ব আৰু সোনকালেই মোৰ এই অভিলেখ ভংগ কৰিব ৷’’

নিজৰ বেটিং সন্দৰ্ভত কি কয় কোহলীয়ে ?

‘‘মই সদায় নিজৰ আবেগ আৰু অনুভূতি নিয়ন্ত্ৰণত ৰাখিব বিচাৰোঁ ৷ ই হৈছে মোৰ খেলৰ এক গুৰুত্বপূৰ্ণ অংশ ৷ গতিকে খেলৰ পূৰ্বে মই এই বিষয়ত গুৰুত্ব আৰোপ কৰোঁ ৷’’ ষ্টাৰ স্প’ৰ্টছত দিয়া এক সাক্ষাৎকাৰত কোহলীয়ে এইদৰে কয় ৷

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে বিৰাট কোহলীক অভিনন্দন জনোৱা দেখা গৈছে ৷ যেতিয়া টি-20 বিশ্বকাপ 2022 মেলব’ৰ্ণত ভাৰতে প্ৰতিদ্বন্দী পাকিস্তানক পৰাস্ত কৰিছিল, তাৰ পিচত ৰোহিত আৰু বিৰাটৰ বিশেষভাৱে বিজয় উদযাপন কৰা দেখা গৈছিল ৷ ‘‘ৰোহিতৰ সৈতে মই দীৰ্ঘ সময় ধৰি খেলিছোঁ কিন্তু কেতিয়াও তেওঁক এইদৰে উল্লাস প্ৰকাশ দেখা নাই ৷’’

পাকিস্তানৰ বিৰুদ্ধে সেই মেচখনত বিৰাট কোহলীয়ে 53 টা বলত অপৰাজিত 82 ৰান সংগ্ৰহ কৰি ভাৰতক চাৰি উইকেটৰ বিনিময়ত জয়ৰ দিশত আগুৱাই লৈ গৈছিল ৷ ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে সেই ইনিংছটোক তেওঁ কেনেদৰে চাপ নিয়ন্ত্ৰণ কৰে তাৰ উদাহৰণ হিচাপে লৈছিল । শ্বাহীন শ্বাহ আফ্ৰিদি, নাছিম শ্বাহ আৰু হেৰিছ ৰৌফকে ধৰি পাকিস্তানৰ শক্তিশালী পেচ আক্ৰমণক ধৰাশায়ী কৰি মেচ বিজয়ী ইনিংছ খেলে কোহলীয়ে ।

লগতে পঢ়ক: ICC World Cup 2023 : শচীন তেণ্ডুলকাৰৰ পৰা প্ৰশংসা পোৱাটোৱে বহু অৰ্থবহন কৰে; বিৰাট কোহলী

"তেওঁলোকৰ সন্মুখীন হ'বলৈ কোনো অতিৰিক্ত প্ৰস্তুতি নাছিল ৷ কাৰণ বছৰ বছৰ ধৰি আপুনি প্ৰতি ঘণ্টাত 140/145/150 কিলোমিটাৰ বেগত বলিং কৰাত অভ্যস্ত হৈ পৰিছে । মানসিকভাৱে প্ৰত্যাহ্বানৰ বাবে সাজু হোৱাটোৱেই হ’ল একমাত্ৰ কাম ।’’ তেওঁ লগতে কয় ।

"2021 চনত পাকিস্তানৰ বিৰুদ্ধে পৰাজয় মোৰ মনলৈ (2022 চনত) কেতিয়াও নাহিল । ক্ৰীড়াৰ লগত জড়িত ডাঙৰ মানৱীয় ভুলৰ কাৰকটো বিবেচনা কৰিলে এটা নিৰ্দিষ্ট দিনত আপুনি জয়ী হ'ব বুলি কোনো নিশ্চয়তা নাই । আমি সেই সকলো বছৰ পাকিস্তানৰ বিৰুদ্ধে জয়ী হৈ আছিলো কিন্তু তাৰ পিছত সেইদিনা (২০২১ চনৰ বিশ্বকাপত) তেওঁলোকে আমাক আউটপ্লে’ কৰিছিল । সেইটো মানি লোৱাত কোনো লাজ নাই । সকলোৰে বাবে ই এটা ভাল ৰিয়েলিটি চেক আছিল । আমি আগতে পৰাজয়ৰ প্ৰতিশোধ ল’ব লাগিব বুলি ভাবি মেচ খেলিব নোৱাৰো ।’’

দীৰ্ঘদিনীয়া লিন পেচৰ পিছত কোহলীয়ে ডুবাইত অনুষ্ঠিত এছিয়া কাপত টি-20 ত শতক অৰ্জন কৰি ৰান মেকিং পথলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰে । আফগানিস্তানৰ বিৰুদ্ধে কোহলীয়ে অপৰাজিত 122 ৰান সংগ্ৰহ কৰে আৰু ভাৰতে 101 ৰানত জয়লাভ কৰে ৷ কোহলীয়ে কয় যে এই প্ৰদৰ্শনে টি-20 বিশ্বকাপৰ পূৰ্বে তেওঁক ভাল মানসিক স্থানত ৰাখিছে ।

"যদি মই ভাল খেলিব নোৱাৰিলোঁহেঁতেন, তেন্তে সম্ভৱতঃ, মই অলপ অস্বস্তিত পৰিলোহেঁতেন । কিন্তু মই এছিয়া কাপত মোৰ প্ৰথম টি-20 শতক কৰোঁ আৰু সেইটোৱে মোক পুনৰ সন্তুষ্টিৰ স্থানলৈ লৈ গ'ল । মই হতাশ বা নাৰ্ভাছ অনুভৱ কৰা নাছিলো । মই মাত্ৰ সুখী যে ইমান ডাঙৰ অনুষ্ঠানত আৰু এবাৰ খেলিব পাৰিলোঁ ৷ কোহলীয়ে লগতে কয় ৷

লগতে পঢ়ক: ICC World Cup 2023 : কোহলীৰ 49 সংখ্যক এদিনীয়া শতকৰ পিচতে শচীন তেণ্ডুলকাৰৰ বিশেষ পোষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.