ETV Bharat / sports

T20 WC: ২৪ অক্টোবৰত পাকিস্তানৰে মুখামুখি হ'ব ভাৰত

author img

By

Published : Aug 4, 2021, 3:24 PM IST

আগন্তুক টি-২০ বিশ্বকাপ(T20 World Cup)ৰ ২৪ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত(India) আৰু পাকিস্তান(Pakistan)ৰ খেল । ডুবাইত অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত খেলখন । ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ(T20 World Cup) ।

India to face arch rivals Pakistan on October 24
২৪ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ খেল

স্পৰ্টছ ডেস্ক, ৪ আগষ্ট: ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত টি-২০ বিশ্বকাপ(T20 World Cup) । ২৪ অক্টোবৰত পাকিস্তানৰে মুখামুখি হ'ব ভাৰতৰ ক্ৰিকেট দল । এইবাৰ ডুবাই আৰু ওমানত টি-২০ বিশ্বকাপ(T20 World Cup)ৰ খেলসমূহ অনুষ্ঠিত হ'ব । ২৪ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখন ডুবাইত অনুষ্ঠিত হ'ব ।

এক বিশেষ সূত্ৰই এই কথা জানিবলৈ দিছে । যোৱা মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (International Cricket Council) টি-২০ বিশ্বকাপ(T20 World Cup) আৰম্ভ হোৱাৰ দিন আৰু স্থান ঘোষণা কৰিছিল । ভাৰত আৰু পাকিস্তানক চুপাৰ ১২ৰ গ্ৰুপ ২ত ৰখা হৈছে । চলিত বৰ্ষৰ ২০ মাৰ্চলৈকে দলৰ ৰেংকিঙৰ আধাৰত বাছনি কৰা হৈছে গোটবোৰ ।

ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজ, প্ৰাক্তন চেম্পিয়ন ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাক চুপাৰ ১২ৰ গ্ৰুপ ১ ত ৰখা হৈছে । গ্ৰুপ ২ত আছে প্ৰাক্তন চেম্পিয়ন ভাৰত আৰু পাকিস্তান, নিউজিলেণ্ড, আফগানিস্তান ।

আঠটা দলে প্ৰথম ৰাউণ্ডত প্ৰতিদ্বন্দিতা কৰিব । এই দলকেইটাৰ ভিতৰত আছে শ্ৰীলংকা আৰু বাংলাদেশো । আয়াৰলেণ্ড, নেডাৰলেণ্ড আৰু নামিবিয়াই শ্ৰীলংকাৰ সৈতে একেটা গ্ৰুপত আছে । আনহাতে ওমান, পিএনজি আৰু স্কটলেণ্ডে গ্ৰুপ বিত বাংলাদেশৰে মুখামুখি হ'ব ।

লগতে পঢ়ক:পদক লাভ কৰিলে ভাৰতীয় মহিলা হকী দলক ঘৰ অথবা গাড়ী উপহাৰ দিব সাভজী ধোলাকিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.