ETV Bharat / sports

Suryakumar Yadav Birthday : ৩৩ বছৰত ভৰি দিলে তাৰকা ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱে

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:14 PM IST

Suryakumar Yadav Birthday
Suryakumar Yadav Birthday

চুটি ফৰ্মেটৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত ভাৰতৰ তাৰকা টি-২০ বেটাৰ সূৰ্যকুমাৰ যাদৱে বৃহস্পতিবাৰে ৩৩ বছৰত ভৰি দিয়ে । সূৰ্যকুমাৰ যাদৱ বৰ্তমান এছিয়া কাপৰ বাবে কলম্বোত ভাৰতীয় ক্ৰিকেট দলৰ সৈতে আছে ।

স্পৰ্টছ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ক্ৰিকেটৰ চুটি ফৰ্মেটৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত ভাৰতৰ তাৰকা টি-২০ বেটাৰ সূৰ্যকুমাৰ যাদৱ ৩৩ বছৰীয়া হ'ল । বৃহস্পতিবাৰে সূৰ্যকুমাৰে ৩৩ বছৰত ভৰি দিয়ে । আন্তৰ্জাতিক ক্ৰিকেটত সূৰ্যকুমাৰৰ অভিষেক যথেষ্ট পলমকৈ ঘটে । ২০২১ চনৰ মাৰ্চ মাহত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ ৩১ বছৰ বয়সত আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটে ।

সূৰ্যকুমাৰৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ আৰম্ভণিত বিশ্বৰ অন্যতম আগশাৰীৰ স্পিডষ্টাৰ জোফ্ৰা আৰ্চাৰৰ বলত এটা ক্ৰেকিং 'কেলিপ্চো শ্বট' মাৰি সমগ্ৰ ক্ৰিকেট জগতক আচৰিত কৰি তুলিছিল । তেতিয়াৰে পৰা 'অডেচিটি' শব্দটোৱে তেওঁৰ অন্তৰ্নিহিত প্ৰতিভাক বুজাবলৈ এক নতুন সমাৰ্থক নাম বিচাৰি পায় ।

ইয়াৰ পিছৰ দুটা বছৰত তেওঁ বিশ্বৰ বিভিন্ন কোণত, খেলপথাৰৰ বিভিন্ন দিশত তেওঁৰ অসাধাৰণ, অবিশ্বাস্য তথা দুঃসাহসিক ৩৬০ ডিগ্ৰী শ্বট প্ৰদৰ্শন কৰি আহিছে ।

ইয়াৰ ফলাফল হৈছে তেওঁৰ এক ঈৰ্ষণীয় টি-২০ কেৰিয়াৰ । এতিয়ালৈকে ৫৩ খন মেচ আৰু ৫০ টা ইনিংছত তেওঁ ১৭২.৭০ ষ্ট্ৰাইক ৰেটেৰে, ৪৬.০২ গড়ে ১,৮৪১ ৰাণ সংগ্ৰহ কৰিছে । তেওঁ নিজৰ টি-২০ কেৰিয়াৰত তিনিটা শতক আৰু ১৫ টা অৰ্ধশতক অৰ্জন কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ঘৰুৱা মাটিত ইংলেণ্ডৰ বিৰুদ্ধে ১১৭ ৰাণ । এনেধৰণৰ স্থিৰতা, শতিক আৰু বিস্ফোৰক ইনিংছৰ সংমিশ্ৰণ টি-২০ত এক বিৰল বিষয় ।

  • 8️⃣0️⃣ intl. matches
    2️⃣3️⃣6️⃣0️⃣ intl. runs 👌🏻👌🏻
    3️⃣ T20I Tons 💯
    The current No. 1 ranked batter in ICC Men’s T20I Rankings 🔝

    Wishing Suryakumar Yadav a very Happy Birthday 🎂👏🏻#TeamIndia pic.twitter.com/j1H2DZ44fK

    — BCCI (@BCCI) September 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে সূৰ্যকুমাৰ ২০২২ চনৰ আইচিচি টি-২০ বিশ্বকাপ ছেমিফাইনেলত উপনীত হোৱা টীম ইণ্ডিয়াৰ অংশ আছিল । ছয়খন মেচত তেওঁ ১৯০ ষ্ট্ৰাইক ৰেটেৰে আৰু ৫৯.৭৫ গড়ে ২৩৯ ৰাণ সংগ্ৰহ কৰে । তিনিটা অৰ্ধশতকৰ লগতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৬৮ ৰাণ । তেওঁ নেদাৰলেণ্ডৰ মেক্স অ'ডউড (আঠখন মেচত ২৪২) আৰু বিৰাট কোহলীৰ (ছয়খন মেচত ২৯৬) পিছত প্ৰতিযোগিতাখনত তৃতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল ।

লগতে পঢ়ক :ICC Cricket World Cup 2023 : গুৱাহাটী পালেহি এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.