ETV Bharat / sports

Asia Cup 2023 : বৰষুণে আমাক ৰক্ষা কৰিছে; ভাৰত বনাম পাক মেচ সন্দৰ্ভত শ্বোৱেইব আখতাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 3:53 PM IST

Asia Cup 2023
Asia Cup 2023

শ্বোৱেইব আখতাৰে দেওবাৰে ধাৰাসাৰ বৰষুণৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । উল্লেখ্য, বৰষুণৰ বাবে এছিয়া কাপৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ অতি প্ৰত্যাশিত খেলখন সংৰক্ষিত দিনলৈ পিছুৱাই দিয়া হয় ।

স্পৰ্টছ ডেস্ক, ১১ ছেপ্টেম্বৰ : পাকিস্তানৰ পূৰ্বৰ বিধ্বংসী পেচাৰ শ্বোৱেইব আখতাৰে দেওবাৰে কলম্বোত অনুষ্ঠিত এছিয়া কাপ ২০২৩ৰ ছুপাৰ ফ'ৰ মেচৰ ভাৰত-পাক যুঁজ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে । ৰাৱালপিণ্ডি এক্সপ্ৰেছ নামেৰে খ্যাত ৪৮ বছৰীয়া ছোৱেইব আখতাৰে কয় যে বৰষুণে মেন ইন গ্ৰীণক ৰক্ষা কৰিলে ।

আখতাৰে এক্সত (পূৰ্বতে টুইটাৰ) এটা ভিডিঅ' পোষ্ট কৰি কয়, "বৰষুণে অৱশেষত আমাক ৰক্ষা কৰিছে । যোৱাবাৰ ভাৰতক বচাবলৈ বৰষুণ আহিছিল; আজি আমি বিপদত পৰিছিলোঁ আৰু আমাক বচাবলৈ বৰষুণ আহে ।"

আখতাৰে ভাৰতৰ হৈ এক আক্ৰমণাত্মক শতকীয়া যুটি (১২১ ৰাণ) প্ৰদান কৰাৰ বাবে ভাৰতীয় বেটছমেন ৰোহিত শৰ্মা (৫৬ ৰাণ) আৰু শুভমন গিলক (৫৮ ৰাণ) প্ৰশংসা কৰে । তেওঁ লগতে উল্লেখ কৰে যে গ্ৰুপ পৰ্যায়ৰ খেলখনত ভাৰত ভাগ্যৱান আছিল আৰু এইবাৰ বতৰে পাকিস্তানৰ পক্ষ লৈছে । ইয়াত বৰষুণে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

উল্লেখ্য যে দেওবাৰে খেল স্থগিত ৰখাৰ সময়ত ভাৰতে ২৪.১ অভাৰত দুই উইকেটৰ বিনিময়ত ১৪৭ ৰাণ সংগ্ৰহ কৰিছিল । সেই সময়ত বিৰাট কোহলী (৮*) আৰু কে এল ৰাহুল (১৭*) ক্ৰীজত আছিল । অৱশ্যে দুৰ্যোগপূৰ্ণ বতৰৰ বাবে খেলুৱৈসকলে খেলপথাৰ ত্যাগ কৰিবলৈ বাধ্য হয় আৰু কিছু সময় পিছতে বৰষুণ তীব্ৰতৰ হয় ।

ইয়াৰ পূৰ্বে পাকিস্তানৰ যুটি উপ-অধিনায়ক শ্বাদাব খান আৰু বাঁওহতীয়া পেচাৰ শ্বাহিন শ্বাহ আফ্ৰিদীয়ে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু তেওঁৰ প্ৰাৰম্ভিক সংগী শুভমন গিলক পেভিলিয়নলৈ ঘূৰাই পঠোৱাৰ পূৰ্বে দুয়োৱে এক দুৰ্দান্ত পাৰ্টনাৰশ্বিপ গঢ়ি তোলে ।

উল্লেখ্য যে এছিয়ান ক্ৰিকেট কাউন্সিলে কেৱল এই মেচখনৰ বাবে অন্তিম মুহূৰ্তত সংৰক্ষিত দিনৰ ব্যৱস্থা কৰিছিল । কিয়নো পাল্লেকেলেত ধাৰাবাহিক বৰষুণৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজৰ পূৰ্বৰ গ্ৰুপ পৰ্যায়ত মুখামুখি হোৱা মেচখনো পৰিত্যক্ত হৈছিল ।

লগতে পঢ়ক :Asia Cup 2023 : সংৰক্ষিত দিনতো বৰষুণে বিধিপথালি দিলে কি হ’ব ভাৰত পাকিস্তানৰ ক্ৰিকেট মেচ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.