ETV Bharat / sports

Asia Cup 2023 : সংৰক্ষিত দিনতো বৰষুণে বিধিপথালি দিলে কি হ’ব ভাৰত পাকিস্তানৰ ক্ৰিকেট মেচ ?

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 12:58 PM IST

বৰষুণৰ বাবে মেচখন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাৰ প্ৰতি ভাবুকি অব্যাহত ৰাখিছে । সোমবাৰে ভাৰত বনাম পাকিস্তান এছিয়া কাপৰ মেচখন ভাৰতীয় সময় মতে আবেলি ৩ বজাত পুনৰ আৰম্ভ হ'ব ।

Asia Cup 2023
Asia Cup 2023

স্পৰ্টছ ডেস্ক, ১১ ছেপ্টেম্বৰ : ভাৰত-পাকিস্তানৰ মেচ মানেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক বেলেগ শিহৰণ, এক বিশেষ উন্মাদনা । দেশ-বিদেশ য'তেই নহওক, ষ্টেডিয়াম বা টিভিৰ সন্মুখত য'তেই উপভোগ নকৰক কিয় কোটি কোটি ভাৰত-পাক সমৰ্থকৰ স্নায়ু আৰু হৃদস্পন্দন প্ৰবল বেগত উদ্দীপিত হৈ থাকে । খেলুৱৈৰ কথা নক'লোৱেই যেনিবা । বিগত টি-২০ বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তানৰ সন্মুখসমৰ চাবলৈ অনুৰাগী অপেক্ষা কৰি আছিল এছিয়া কাপত । কিন্তু এইবাৰ খলনায়কৰ ৰূপত অৱতীৰ্ণ হৈছে শ্ৰীলংকাৰ বতৰ ।

গ্ৰুপ পৰ্যায়ৰ ভাৰতৰ প্ৰথমখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা হোৱাৰ পিছত ছুপাৰ ফ'ৰৰো প্ৰথম মেচখনত বৰষুণে বিধিপথালি দিলে । সাম্ভাৱ্য বৰষুণৰ আশংকাত এই মেচখনৰ বাবে এটা সংৰক্ষিত দিনৰ ব্যৱস্থা কৰা হয় যদিও দেওবাৰৰ পিছত সোমবাৰেও ক্ৰিকেটপ্ৰেমী নিৰাশ হোৱাৰ সম্ভাৱনা বহুখিনি বৃদ্ধি পাইছে । সংৰক্ষিত দিনটোত কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত এছিয়া কাপ ছুপাৰ ফ'ৰৰ যুঁজ আৰম্ভ হোৱাৰ পূৰ্বে দ্বীপ ৰাষ্ট্ৰখনৰ পৰা এনে কিছু নিৰুৎসাহজনক লক্ষণে দেখা দিছে । যাৰ বাবে মেচখন সমাপ্ত কৰাৰ সম্ভাৱনাত সন্দেহৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে এছিয়া কাপ ২০২৩ৰ ছুপাৰ ফ'ৰ পৰ্যায়ত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হাই ভল্টেজ মেখন দেওবাৰে স্থগিত ৰাখিবলগা হয় আৰু সংৰক্ষিত দিনৰ বাবে অপেক্ষা কৰিবলগা হয় । কিয়নো দেওবাৰে ২৪.১ অ'ভাৰৰ পিছত বৰষুণৰ বাবে মেচখন স্থগিত ৰখাৰ পিছত পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰিব পৰা নগ'ল । বৰষুণৰ বাবে মেচখন প্ৰায় চাৰি ঘণ্টা ধি স্তব্ধ হৈ পৰে । ভাৰতে সোমবাৰে ১৪৭/২ ৰাণৰ পৰা ইনিংছ পুনৰ আৰম্ভ কৰিব । ক্ৰিজত বিৰাট কোহলী (৮*) আৰু কে এল ৰাহুল (১৭*) অপৰাজিত হৈ আছে । আনহাতে, অধিনায়ক ৰোহিত শৰ্মা (৫৬) আৰু শুভমন গিলে (৫৮) সুন্দৰ আৰু মাৰমুখী আৰম্ভণিৰে দলক প্ৰাম্ভিক অগ্ৰগতি প্ৰদান কৰাৰ লগতে দুয়োৱে অৰ্ধশতক অৰ্জন কৰে ।

উল্লেখ্য যে, সংৰক্ষিত দিনটোতো পুৱা ৭ বজাত কলম্বোত ধাৰাসাৰ বৰষুণ হয় । লগতে আকাশ সম্পূৰ্ণ ডাৱৰীয়া ।

তদুপৰি, খেলখন অনুষ্ঠিত হৈ থকা আৰ প্ৰেমদাস ষ্টেডিয়ামত লক্ষণীয়ভাৱে তিতা থকা বাবে অনফিল্ডখন যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে । অধিক বৰষুণে ইয়াক অধিক শোচনীয় কৰি তুলিব আৰু মেচ আৰম্ভ হোৱাত অধিক বিলম্ব ঘটাব । আনকি এটাও বল পিটচত নপৰাকৈয়ে খেলখন পৰিত্যক্ত ঘোষণাৰো সম্ভাৱনা আছে ।

যদি বৰষুণৰ বাবে মেচখন পৰিত্যক্ত হয়, ভাৰত আৰু পাকিস্তানে এটাকৈ পইণ্ট ভগই ল'ব । পাকিস্তানে বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰি তিনি পইণ্টৰ সৈতে ছুপাৰ ফ'ৰ তালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত হ'ব । আনহাতে, শ্ৰীলংকাই ইতিমধ্যে বাংলাদেশৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি দুটা পইণ্ট সংগ্ৰহ কৰিছে আৰু বাংলাদেশক প্ৰতিযোগিতাৰ পৰা প্ৰায় বাহিৰ কৰি দিছে ।

এই ক্ষেত্ৰত শ্ৰীলংকা (১২ ছেপ্টেম্বৰ) আৰু বাংলাদেশৰ (১৫ ছেপ্টেম্বৰ) বিৰুদ্ধে ভাৰতৰ পৰৱৰ্তী দুখন মেচত ভাৰতে জয় নিশ্চিত কৰিব লাগিব আৰু তেতিয়া মুঠ পাঁচ পইণ্টত উপনীত হ'ব ।

কিন্তু ইয়াৰে এখন মেচত যদি ভাৰত পৰাস্ত হয় বা দুয়োখন মেত যদি পৰিতক্ত হয় তেন্তে ভাৰতৰ পইণ্ট মাত্ৰ তিনিলৈ হ্ৰাস পাব । যাৰ ফলত ভাৰতৰ যোগ্যতা অৰ্জনৰ সম্ভাৱনা বিপদত পৰিব । যদি ভাৰতে তিনি পইণ্টৰ সৈতে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব বিচাৰে তেন্তে তেওঁলোকৰ ফলাফল বৰষুণ আৰু নেট ৰাণ ৰেট আৰু বাকী দলবোৰৰ পইণ্ট তালিকাৰ ওপৰত নিৰ্ভৰ কৰিব ।

উল্লেখ্য যে ভাৰত বনাম শ্ৰীলংকা, শ্ৰীলংকা বনাম পাকিস্তান আৰু ভাৰত বনাম বাংলাদেশ এই তিনিখন মেচ 17 ছেপ্টেম্বৰত কলম্বোত অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ পূৰ্বে বাকী আছে ।

লগতে পঢ়ক :India vs Pakistan 2023 : পুনৰ সমুখ সমৰত ভাৰত আৰু পাকিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.