ETV Bharat / sports

ভাৰত আফগানিস্তান প্ৰথম টি২০ মেচ; দৃষ্টি নিবদ্ধ থাকিব ৰোহিত-বিৰাটৰ ওপৰত

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 2:17 PM IST

দৃষ্টি নিবদ্ধ থাকিব ৰোহিত-বিৰাটৰ ওপৰত
দৃষ্টি নিবদ্ধ থাকিব ৰোহিত-বিৰাটৰ ওপৰত

Ind Afg First T20 : আন্তৰাষ্ট্ৰীয় টি-২০ ফৰ্মেটৰ পৰা এবছৰতকৈ অধিক সময় বিৰত থকাৰ পিছত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই আফগানিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত ভাৰতৰ টি-২০ দললৈ প্ৰত্যাৱৰ্তন কৰিছে ।

স্পৰ্টছ ডেস্ক, ১০ জানুৱাৰী : বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব ভাৰত-আফগানিস্তানৰ টি-২০ শৃংখলা । মোহালিত অনুষ্ঠিত হ'বলগীয়া এই টি-২০ শৃংখলাৰ প্ৰথমখন মেচত অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলীৰ তাৰকা যুটিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া সৰ্বাধিক গুৰুত্বপূৰ্ণ আইচিচি টি-২০ বিশ্বকাপৰ পূৰ্বে মাত্ৰ তিনিখন টি-২০ মেচ খেলিবলৈ বাকী থকা অৱস্থাত ভাৰতীয় নিৰ্বাচক সমিতিয়ে ১৪ মাহৰ বিৰতিৰ পিছত ৰাষ্ট্ৰীয় টি-২০ দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে এই দুগৰাকী জ্যেষ্ঠ খেলুৱৈক । সেয়ে ৰোহিত আৰু বিৰাটৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্বাচক সমিতিয়েও তীক্ষ্ণ দৃষ্টি ৰাখিব ।

অৱশ্যে দুয়োৰে বাবে এটা স্বস্তিৰ কথা যে তেওঁলোকে বিপক্ষ আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰাশ্বিদ খানৰ মুখামুখী হ'ব নালাগিব । কিয়নো দলত স্থানলাভৰ পিছতো ৰছিদ খানে খেলিব নোৱাৰিব ।

ৰোহিত আৰু বিৰাটৰ প্ৰদৰ্শনক লৈ কোনো সন্দেহ নাই । আনহাতে, ভাৰতক বিভিন্ন সময়ত বিজয়ৰ নেতৃত্ব দিছে এই দুগৰাকী অভিজ্ঞ ক্ৰিকেটাৰে । যদি দুয়োগৰাকীয়ে সমানে ফৰ্মলৈ উভতি আহে, তেন্তে কোনো দুৰ্ধৰ্ষ বলিং আক্ৰমণে তেওঁলোকক বাধা দি ৰাখিব নোৱাৰে । আফগানিস্তানৰ অনভিজ্ঞ আক্ৰমণো ইয়াৰ ব্যতিক্ৰম নহ'ব ।

ইফালে দুয়োগৰাকীয়ে আইচিচি বিশ্ব টি-২০ দলত নিজৰ উৎকৃষ্টতা অৰ্জন কৰিবলৈ আৰু পুনৰ এবাৰ আইচিচি ট্ৰফী দখলৰ বাবে অধিক আগ্ৰহী হ'ব । ৰোহিত শৰ্মা ২০০৭ চনত দক্ষিণ আফ্ৰিকাত উদ্বোধনী টি-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল আৰু তেওঁ নিশ্চিতভাৱে তেওঁৰ কেৰিয়াৰ এক উচ্চতাত সমাপ্ত কৰিব বিচাৰিব ।

আনহাতে, যদি দুয়োৰে বেটে ভালদৰে কথা কয়, তেন্তে মোহালিৰ আই এছ বিন্দ্ৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাণৰ জোৱাৰ উঠাটো নিশ্চিত । অৱশ্যে ইয়াৰ বাবে শুভমন গিল আৰু যশস্বী জয়ছোৱালৰ দৰে খেলুৱৈসকলেও তেওঁলোকৰ ভূমিকা সম্পূৰ্ণৰূপে পালন কৰিব লাগিব । যদি দুয়োজনে বা ৰোহিত বিৰাটৰ যিকোনো এজনে স্বাভাৱিক ছন্দত থাকে, তেন্তে শুভমন-যশস্বীয়ে এক সহায়কাৰীৰ ভূমিকা গ্ৰহণ কৰিব লাগিব । উল্লেখ্য যে শৃংখলাৰ বাকী দুখন মেচ বেংগালুৰু আৰু ইন্দোৰত অনুষ্ঠিত হ'ব ।

দল দুটা

ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, তিলক বৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটৰক্ষক), সঞ্জু চেমচন (উইকেটৰক্ষক), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবি বিষ্ণই, কুলদীপ যাদৱ, অৰ্শদীপ সিং, আবেশ খান, মুকেশ কুমাৰ ।

আফগানিস্তান : ইব্ৰাহিম জাদৰান (অধিয়নায়ক), ৰহমানুল্লাহ গুৰবাজ (উইকেটৰক্ষক), ইক্ৰাম আলি খিল (উইকেটৰক্ষক), হজৰতুল্লাহ জাজাই, ৰহমত শ্বাহ, নাজিবুল্লাহ জাদৰান, মহম্মদ নবী, কৰিম জনত, আজমাউল্লাহ ওমৰজাই, শ্বৰফুদ্দিন আশ্ৰফ, মুজিব উৰ ৰহমান, ফৰিদ আহমেদ, নবীন উল হক, নুৰ আহমেদ, মহম্মদ চালেম, কোৱেইছ আহমদ, গুলবদিন নাইব আৰু ৰাশ্বিদ খান ।

লগতে পঢ়ক :ৰোহিত-বিৰাটৰ প্ৰত্যাৱৰ্তন: সমালোচনাৰ বন্যা সামাজিক মাধ্যমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.