ETV Bharat / sports

ICC ODI World Cup 2023 : মহম্মদ শ্বামীৰ প্ৰশংসাত পঞ্চমুখ অধিনায়ক ৰোহিত

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 11:41 AM IST

ICC ODI World Cup 2023
মহম্মদ শ্বামীৰ প্ৰশংসাত পঞ্চমুখ অধিনায়ক ৰোহিত

কিৱি বাহিনীক পৰাস্ত কৰি আইচিচি এদিনীয় বিশ্বকাপ ২০২৩ৰ ফাইনেলত মেন ইন ব্লু । শ্বামীৰ আক্ৰমণাত্মক বলিঙক উচ্চ প্ৰশংসা অধিনায়ক ৰোহিত শৰ্মাৰ । এখন এদিনীয়াত ৭ টা উইকেট দখল কৰা একমাত্ৰ ভাৰতীয় বলাৰ হিচাপে পৰিগণিত শ্বামী ।

স্পৰ্টছ ডেস্ক,১৬ নৱেম্বৰ : শক্তিশালী নিউজীলেণ্ডক পৰাস্ত কৰি এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দল । খেলখনত বেটিং বা বলিং সকলোতে ভাৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱালৈ সক্ষম হয় । লগতে পেচাৰ মহম্মদ শ্বামীৰ দুৰ্দান্ত বলিং প্ৰদৰ্শনত ধৰাশায়ী নিউজীলেণ্ড । ৭ টা উইকেট দখল কৰি নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ৭০ ৰাণৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে শ্বামীয়ে । শ্বামীৰ প্ৰদৰ্শনত আনন্দিত অধিনায়ক ৰোহিত শৰ্মা । পশ্চিমবংগৰ পেচাৰগৰাকীক উচ্চ প্ৰশংসাও কৰিলে ৰোহিতে । খেলৰ অন্তত ৰোহিত শৰ্মাই কয় যে শ্বামীৰ উন্নত প্ৰদৰ্শনে নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । শ্বামীক সৰ্বশ্ৰেষ্ঠ আখ্যাও দিলে ৰোহিত শৰ্মাই ।

ভাৰতে প্ৰথমে বিৰাট কোহলী আৰু শ্ৰেয়স আয়াৰৰ শতকৰ সৈতে ৪ টা উইকেটত ৩৯৭ ৰাণৰ বিশাল টাৰ্গেট ৰাখিবলৈ সক্ষম হয় । তাৰ পাছত নিউজীলেণ্ডক ৩২৭ ৰাণতে অলআউট কৰে ভাৰতীয় বলাৰে । বিশেষকৈ শ্বামীয়ে ৭ টা উইকেট দখল কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় । ৰোহিত শৰ্মাৰ মতে ছামীয়ে অভিলেখ সৃষ্টি কৰাই নহয় খেলখনত ভাৰতক পুনৰ এবাৰ ওভতাই অনাত সহায় কৰিছিল । কিয়নো এটা পৰ্যায়ত ভাৰতীয় দলটো তীব্ৰ প্ৰত্যাহ্বানৰ মাজত আছিল ।

খেলৰ পাছত ৰোহিত শৰ্মাই কয় যে তেওঁ ৱানখেড়েত যথেষ্ট ক্ৰিকেট খেলিছে । ইয়াত কোনেও আৰামেৰে খেলিব নোৱাৰে । যিমান সম্ভৱ সোনকালে কামবোৰ সম্পন্ন কৰিব লাগে । ৰোহিতৰ মতে তেওঁলোকে জানিছিল যে তেওঁলোকৰ ওপৰত চাপ থাকিব । কিন্তু তাৰ পাছতো দলটোৱে শান্ত হৈ খেলখন খেলিছে । ৰোহিতৰ মতে খেলখন ভাৰতৰ হাতৰ পৰা ওলাই যাব ধৰিছিল কিন্তু তেওঁ আনন্দিত যে অৱশেষত তেওঁলোকে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল ।

যেতিয়া স্কোৰিং ৰেট ৯ৰ ওপৰত থাকে তেতিয়া এটা দলে সুযোগ ল'ব লাগে । নিউজীলেণ্ডে ভাৰতক সেই সুযোগ দিছিল কিন্তু সেইবোৰ তেওঁলোকে ল'ব পৰা নাছিল । ডেৰিল মিচেল আৰু কেন উইলিয়ামছনৰ প্ৰশংসা কৰি ৰোহিতে কয় যে দুয়োগৰাকীয়ে সুন্দৰ বেটিং কৰিছিল । কিন্তু ভাৰতীয় দলটোৱে শান্তভাৱে খেলখন খেলি গৈছিল । ৰোহিতৰ মতে তেওঁলোকে জানিছিল যে খেলখন তেওঁলোকৰ হাতলৈ আনিব লাগিব । যাৰ বাবে দলটোৱে সকলো চেষ্টা কৰিছিল আৰু অৱশেষত ছামী উজ্জ্বলি উঠিল ।

খেলখলত ৰোহিত আৰু শুভমন গিলে দলটোক এক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হৈছিল । শীৰ্ষ ৫-৬ গৰাকী বেটছমেনে উন্নত প্ৰদৰ্শন কৰিছে । এই প্ৰতিযোগিতাত শ্ৰেয়স আয়াৰৰ প্ৰদৰ্শনক লৈ ৰোহিত শৰ্মা আৰু দলটো আনন্দিত ।

ৰোহিত শৰ্মাই কয় যে শুভমন গিলে প্ৰাৰম্ভিক পৰ্যায়ত দলটোক আগুৱাই লৈ যায় যদিও আঘাতৰ বাবে তেওঁ ড্ৰেছিং ৰুমলৈ উভতিবলগা হয় । তাৰ পাছত বিৰাট কোহলীয়ে নিয়মীয়া ইনিংছ খেলি নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় । ৰোহিত শৰ্মাৰ মতে সকলো ফালৰ পৰা ভাৰতীয় বেটিং সুন্দৰ আছিল ।

ৰোহিতে স্বীকাৰ কৰিছে যে খেলুৱৈসকলৰ ওপৰত যথেষ্ট চাপ আছিল । যেতিয়া এটা দলে একেৰাহে ৯ খন খেলত জয়ী হয় তেতিয়া চাপ থাকে । কিন্তু তাৰ পাছতো পুনৰ এবাৰ দলটোৱে বিজয়ৰ মুখ দেখিবলৈ সক্ষম হয় । অপৰাজেয় ভাৰতে এতিয়া বিশ্বকাপৰ ট্ৰফী হাতত তুলি লোৱাৰ পৰা মাত্ৰ এখোজ দূৰত আছে ! ১৯ নৱেম্বৰত আহমেদাবাদত দলটোৱে অষ্ট্ৰেলিয়া বা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইলেনত অৱতীৰ্ণ হ'ব ।

লগত পঢ়ক :ICC World Cup 2023: ৱাংখেড়েত 2019 ৰ পোতক তুলিলে ভাৰতে; কিৱি বাহিনীক পৰাস্ত কৰি বিশ্বকাপ 2023ৰ ফাইনেলত টীম ইণ্ডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.