ETV Bharat / sports

Riyan Parag to India Team : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি২০ শৃংখলাত অভিষেক ঘটিব পাৰে ৰিয়ান পৰাগৰ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 9:11 PM IST

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি২০ শৃংখলাত অভিষেক ঘটিব পাৰে ৰিয়ান পৰাগৰ
Riyan Parag to India Team

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাৰ দুৱাৰদলিত উপনীত হৈছে ৰিয়ান পৰাগ । শেহতীয়া মুস্তাক আলী ট্ৰফীত প্ৰদৰ্শনৰ পিছতে এই সম্ভাৱনা বৃদ্ধি পাইছে ৰিয়ানৰ । বিশ্বকাপৰ পিছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতীয় দলৰ জাৰ্চী পিন্ধিব পাৰে ৰিয়ান পৰাগে ।

স্পৰ্টছ ডেস্ক, ৬ নৱেম্বৰ : চলিত ক্ৰিকেট বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক দ্বিপাক্ষিক শৃংখলা খেলিবলৈ গৈ আছে । ঘৰুৱা মাটিত অনুষ্ঠিত হ'বলগীয়া এই পাঁচখন মেচৰ টি-২০ শৃংখলা অহা ২৩ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব । অষ্ট্ৰেলিয়াই ইতিমধ্যে ভাৰত ভ্ৰমণৰ বাবে তেওঁলোকৰ দল ঘোষণা কৰিছে । আনহাতে, ভাৰতীয় ক্ৰিকেট বোৰ্ডেও শীঘ্ৰেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাৰ বাবে দল ঘোষণা কৰিব । আশা কৰা হৈছে যে চৈয়দ মুস্তাক আলী ট্ৰফীত সুন্দৰ প্ৰদৰ্শন কৰা ৰিয়ান পৰাগক এই শৃংখলাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ।

  • Riyan Parag in SMAT 2023:

    Runs - 510.
    Wickets - 11.

    - He becomes the first Indian to score 500+ runs and pick 10+ wickets in a T20 tournament. pic.twitter.com/mHfM6R1cfl

    — Mufaddal Vohra (@mufaddal_vohra) November 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ঘৰুৱা ক্ৰিকেটত অসমৰ প্ৰতিশ্ৰুতিৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে শেহতীয়াভাৱে নিজৰ প্ৰদৰ্শনেৰে সকলোকে আচৰিত কৰি তুলিছে । শেহতীয়াকৈ অন্ত পৰা চৈয়দ মুস্তাক আলী ট্ৰফীত ৰিয়ান পৰাগে একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰি এক অবিশ্বাস্য অভিলেখ গঢ়িছে । লগতে তেওঁৰ সুন্দৰ ফৰ্ম প্ৰদৰ্শন কৰিছে । তেওঁৰ এই প্ৰদৰ্শন নিশ্চিতভাৱে এক অতি উল্লেখনীয় ঘটনা । ৰিয়ান পৰাগে মুস্তাক আলী ট্ৰফীত ১০ খন মেচত গড় ৮৫ আৰু ১৮২ ৰ ষ্ট্ৰাইক ৰেটেৰে ৬১০ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, চৈয়দ মুস্তাক আলী ট্ৰফীৰ এই ছিজনত ৰিয়ান পৰাগ হৈছে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ।

ইয়াৰ উপৰি অলৰাউণ্ডাৰ ৰিয়ান পৰাগে বলিঙতো বিস্ময়কৰ প্ৰদৰ্শন কৰিছে । চৈয়দ মুস্তাক আলী ট্ৰফীত তেওঁ ২৪.৫৪ গড় আৰু ৭.২৯ ইকনমী হাৰৰ সৈতে ১১ টা উইকেট দখল কৰে । ইয়াৰ দ্বাৰা তেওঁ খেলপথাৰত বহুমুখী প্ৰতিভা প্ৰদৰ্শন কৰিছে । বলিঙত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৯ ৰাণত ৩ টা উইকেট ।

ইয়াৰ উপৰি শেহতীয়া দেওধৰ ট্ৰফীতো ৰিয়ান পৰাগে আকৰ্ষণীয় প্ৰদৰ্শন কৰিছিল । তেওঁ প্ৰতিযোগিতাখনত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে আত্মপ্ৰকাশ কৰে আৰু মাত্ৰ ৫ খন মেচত মুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰে । ঘৰুৱা ক্ৰিকেটত তেওঁৰ বেটিং গড় ৮৮.৫০ আৰু ষ্ট্ৰাইক ৰেট হৈছে ১৩৬.৬৭ । ইয়াৰ দ্বাৰা ৰিয়ান পৰাগৰ বিশেষ প্ৰতিভা আৰু প্ৰতিশ্ৰুতি প্ৰকাশ পাইছে ।

লগতে পঢ়ক :Virat Kohli 49th ODI hundred: খেলৰ সময়ত আবেগ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ: কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.