ETV Bharat / sports

Virat Kohli batting order : '৪ নম্বৰত বেটিং কৰিব লাগিব বিৰাট কোহলীয়ে'-ৰবি শাস্ত্ৰী

author img

By

Published : Aug 17, 2023, 3:54 PM IST

ভাৰতৰ বেটিং অৰ্ডাৰকলৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । ৰবি শাস্ত্ৰীয়ে দাবী কৰা মতে বিৰাট কোহলীয়ে বেটিং অৰ্ডাৰ সলনি কৰিব লাগে । কোহলীৰ ৪ নম্বৰত ৰেকৰ্ড যথেষ্ট ভাল ।

Virat Kohli batting order
৪ নম্বৰত বেটিং কৰিব লাগিব বিৰাট কোহলীয়ে

স্পৰ্টছ ডেস্ক,১৭ আগষ্ট : এইবাৰ ভাৰতত অনুষ্ঠিত হ'ব আইচিচি বিশ্বকাপ । তাৰ প্ৰাকক্ষণত ভাৰতৰ বেটিং অৰ্ডাৰকলৈ বিভিন্ন প্ৰশ্ন উঠিছে । শেহতীয়া শৃংখলাবোৰত এই ক্ষেত্ৰত ভাৰতীয় দলটোৱে বহু পৰীক্ষা নিৰীক্ষাও কৰিছে । ইয়াৰ মাজতে ভাৰতীয় দলটোৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে বিৰাট কোহলীৰ বেটিং অৰ্ডাৰকলৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । তেওঁ দাবী কৰা মতে বিৰাট কোহলীয়ে আগন্তুক এছিয়া কাপ আৰু আইচিচি ক্ৰিকেট বিশ্বকাপৰ সময়ত তেওঁৰ বেটিং অৰ্ডাৰ সলনি কৰিব লাগে । তেওঁ কিছু তলত বেটিং কৰিব লাগে বুলিও উল্লেখ কৰে । ইংলেণ্ডত অনুষ্ঠিত ২০১৯ চনৰ বিশ্বকাপৰ সময়ত প্ৰশিক্ষক হৈ থাকোতেও তেওঁ এই কথাই ভাবিছিল ।

ষ্টাৰ স্পৰ্টছৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে ঈশান কিষাণে অপেনিং কৰিব লাগে আৰু প্ৰয়োজন হ'লে বিৰাট, অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমান গিলৰ বেটিং অৰ্ডাৰ সলনি কৰিব লাগে । শাস্ত্ৰীয়ে কোৱা মতে বিৰাটক ক্ৰমৰ তললৈ লৈ যোৱাৰ ফলত শক্তিশালী টপ অৰ্ডাৰ কিছু ভাঙিব আৰু নিম্ন-মধ্যক্ৰমত কিছু অভিজ্ঞতা আৰু বেটিং গভীৰ হ'ব ।

তেওঁ কয় যে ঈশান কিষাণে ক্ৰমৰ শীৰ্ষত বেটিং কৰা উচিত । অধিনায়ক হিচাপে ৰোহিত যথেষ্ট অভিজ্ঞ । তেওঁ তিনি নম্বৰত বা চাৰি নম্বৰত আহিব পাৰে । এই ক্ৰমত খেলুৱৈগৰাকীৰ ফৰ্ম চাব লাগিব । শীৰ্ষত বেটিং কৰাৰ বিপৰীতে যদি ৩ নম্বৰ বা ৪ নম্বৰ বেটিং কৰিবলৈ কোৱা হয় তেন্তে শুভমান গিলে কেনে প্ৰদৰ্শন দেখুৱাব । যদি প্ৰয়োজন হয় বিৰাটে ৪ নম্বৰত বেটিং কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে ।

শাস্ত্ৰীয়ে কয় যে ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপৰ অন্তিম সংস্কৰণৰ সময়ত ভাৰতৰ মুখ্য প্ৰশিক্ষক হৈ থাকোতে তেওঁ বিৰাটক বেটিং অৰ্ডাৰ তললৈ লৈ যোৱাৰ কথা মনলৈ আহিছিল । আনকি এই সন্দৰ্ভত তেওঁ তেতিয়াৰ অধিনায়ক ধোনী আৰু প্ৰাক্তন মুখ্য নিৰ্বাচকৰ সৈতেও কথা পাতিছিল ।

শাস্ত্ৰীয়ে লগতে কয় যে যদি ৪ নম্বৰত বিৰাট কোহলীৰ ৰেকৰ্ড চোৱা যায় সেয়া যথেষ্ট ভাল । উল্লেখ্য যে বিৰাট বৰ্তমান সকলো ফৰ্মেটত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেনসকলৰ ভিতৰত অন্যতম । ২৭৫ খন এদিনীয়া আৰু ২৬৫ টা ইনিংছত তেওঁ ৫৭.৩২ গড়ে ১২,৮৯৮ ৰাণ আৰু ৯৩ তকৈ অধিক ষ্ট্ৰাইক ৰেট সংগ্ৰহ কৰিছে । এই ফৰ্মেটত তেওঁ ৪৬ টা শতক আৰু ৬৫ টা অৰ্ধ-শতক কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্ক'ৰ হৈছে ১৮৩ ।

তেওঁ বহু বছৰ ধৰি ৩ নম্বৰ স্থানতে বেটিং কৰি আহিছে । এই স্থানত ২১০ টা ইনিংছত তেওঁ ৩৯ টা শতক আৰু ৫৫ টা অৰ্ধশতকৰ সৈতে ৬০.২০ গড়ে ১০,৭৭৭ ৰাণ সংগ্ৰহ কৰিছে । ৪ নম্বৰত বিৰাটৰ এক দৃঢ় অভিলেখ আছে । সেই স্থানত ৩৯ টা ইনিংছত তেওঁ ৫৫.২১ গড়ে ১,৭৬৭ ৰাণ সংগ্ৰহ কৰিছে । তাত ৭ টা শতক আৰু ৮ টা অৰ্ধশতক আছে । শাস্ত্ৰীয়ে নিউজিলেণ্ডৰ বেটছমেন কেন উইলিয়ামছন, অষ্ট্ৰেলিয়ান তাৰকা ষ্টিভ স্মিথ আৰু ইংলেণ্ডৰ জ' ৰুটৰ উদাহৰণো দাঙি ধৰে ।

লগতে পঢ়ক :Asia Cup Cricket : এছিয়া কাপত ভাৰতীয় ক্ৰিকেট দল ঘোষণা বিলম্বৰ কাৰণ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.