ETV Bharat / sports

Asia Cup Cricket : এছিয়া কাপত ভাৰতীয় ক্ৰিকেট দল ঘোষণা বিলম্বৰ কাৰণ কি ?

author img

By

Published : Aug 16, 2023, 2:53 PM IST

Asia Cup Cricket
Asia Cup Cricket

এছিয়া কাপ, ২০২৩-ৰ বাবে ভাৰতীয় দলৰ ঘোষণা ইচ্ছাকৃতভাৱে বিলম্বিত কৰা হৈছে, যাতে উইকেটৰক্ষক বেটছমেন কে এল ৰাহুল আৰু মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰৰ ফিটনেছ পৰীক্ষা কৰিব পৰা যায় ।

স্পৰ্টছ ডেস্ক, ১৬ আগষ্ট : এছিয়া কাপ, ২০২৩-ৰ তাৰিখ ক্ৰমান্বয়ে ওচৰ চাপি আহিছে । ইয়াৰ লগে লগে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগা ভাৰতক বাদ দি আন দলসমূহে তেওঁলোকৰ খেলুৱৈৰ নাম ঘোষণা কৰিছে । কিন্তু ভাৰতীয় ক্ৰিকেট দল এতিয়াও ঘোষণা কৰা হোৱা নাই । ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত আৰম্ভ হোৱা শিবিৰৰ সময়ত ভাৰতীয় দলটো ঘোষণা কৰা হ'ব বুলি অনুমান কৰা হৈছে, যাতে ভাৰতীয় দলৰ উইকেটৰক্ষক বেটছমেন কে এল ৰাহুল আৰু মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়ছ আয়াৰৰ স্বাস্থ্যৰ শেহতীয়া আপডেট আৰু ফিটনেছ অনুসৰি খেলুৱৈসকলক বাছনি কৰিব পৰা যায় । যদি এই দুজন খেলুৱৈৰ মাজৰ এজনে এছিয়া কাপত খেলাৰ পৰা বাদ পৰে, তেন্তে তিলক বাৰ্মা আৰু সঞ্জু ছেমছন তথা ঈশান কিষাণৰ দৰে খেলুৱৈয়ে মিডল অৰ্ডাৰৰ বাবে সুযোগ পাব পাৰে ।

ইয়াৰ উপৰি দল ঘোষণাত পলম হোৱাৰ আন এটা কাৰণ হৈছে আয়াৰলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ প্ৰদৰ্শনৰ কথাও মনত ৰখা হৈছে । আয়াৰলেণ্ডত যিসকল খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰে তেওঁলোককো যাতে প্ৰয়োজন হ'লে দলটোত সুযোগ দিব পৰা যায় সেই কথাটো বিবেচনা কৰা হৈছে । আনহাতে, দীৰ্ঘদিনৰ বিৰতিৰ মূৰত দললৈ উভতি অহা বুমৰাহৰ প্ৰদৰ্শনো পৰীক্ষা কৰা হ'ব পাৰে ।

এই সকলোবোৰৰ মাজতে যুৱ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ দলত প্ৰৱেশৰ কথাও সজোৰে চৰ্চা চলিবলৈ আৰম্ভ কৰিছে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিলকৰ বেটিং প্ৰত্যক্ষ কৰি তেওঁ এদিনীয়া দলত খেলিবলৈ যোগ্য বুলি কোৱা হৈছে । তিলক বাৰ্মাই নিৰ্বাচক আৰু অধিনায়কক তেওঁৰ বেটিঙৰ লগতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত টি-২০ শৃংখলাত ফিল্ডিঙৰ দ্বাৰা প্ৰভাৱিত কৰিছিল । যদি শ্ৰেয়ছ আয়াৰ বা কে এল ৰাহুল সময়মতে ফিট নহয়, তেন্তে তিলক বাৰ্মাৰ দৰে খেলুৱৈয়ে দলত স্থান লাভৰ সম্ভাৱনা থাকিব পাৰে ।

এছিয়াৰ সকলো দলে এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপক বিশ্বকাপৰ প্ৰস্তুতি হিচাপে গণ্য কৰিছে । কিয়নো এই প্ৰতিযোগিতাৰ পিছতে ভাৰতত আইচিচি এদিনীয়া বিশ্বকাপ টুৰ্ণামেণ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে । এছিয়া মহাদেশত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বিজয়ীকো বিশ্বকাপৰ দাবীদাৰ হিচাপে গণ্য কৰা হ'ব । সেয়েহে ভাৰত-পাকিস্তানৰ সৈতে শ্ৰীলংকান দলটোৱেও তীব্ৰ শক্তিৰে এই প্ৰতিযোগিতাখনত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰিব । একে সময়তে বাংলাদেশ দলটোৱেও সকলো ওলট-পালট কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব ।

উল্লেখ্য যে এইবাৰ এছিয়া কাপ পাকিস্তানত অনুষ্ঠিত হ'বলগা আছিল । কিন্তু ভাৰতীয় ক্ৰিকেট দলে নিৰাপত্তাজনিত কাৰণত পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাৰ বাবে এই প্ৰতিযোগিতা হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে । বৰ্তমান এছিয়া কাপ, ২০২৩ পাকিস্তান আৰু শ্ৰীলংকাৰ দ্বাৰা আয়োজন কৰা হৈছে । এছিয়া কাপত অনুষ্ঠিত হ'বলগীয়া মুঠ ১৩ খন খেলৰ ভিতৰত পাকিস্তানত চাৰিখন খেল অনুষ্ঠিত হ'ব আৰু শ্ৰীলংকাত ৯ খন খেল অনুষ্ঠিত হ'ব । ভাৰতীয় ক্ৰিকেট দলে নিজৰ আটাইকেইখন মেচ শ্ৰীলংকাত খেলিব লাগিব ।

লগতে পঢ়ক :IND vs IRE T20 2023 : ১৮ আগষ্টৰ পৰা ভাৰত বনাম আয়াৰলেণ্ডৰ টি-২০ শৃংখলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.