ETV Bharat / sports

IND vs AUS 4th Test : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়ে উপভোগ কৰিব খেল

author img

By

Published : Mar 4, 2023, 8:12 PM IST

IND vs AUS 4th Test
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়ে উপভোগ কৰিব খেল

৯ মাৰ্চৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টেষ্ট (IND vs AUS)। খেলখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিছে একেলগে উপভোগ কৰিব । দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ খেলখন ।

স্পৰ্টছ ডেস্ক,৪ মাৰ্চ : ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ অন্তিম তথা চতুৰ্থ খন টেষ্ট ৯ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব (Border Gavaskar Trophy)। এই গুৰুত্বপূৰ্ণ খেলখন অনুষ্ঠিত হ'ব আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত । ভাৰতীয় দলৰ বাবে এই খেলখন অতি গুৰুত্বপূৰ্ণ । যাৰ বাবে খেলখনত জয়ী হ'বলৈ যথাসাধ্য চেষ্টা কৰিব ভাৰতীয় দলটোৱে ।

আনহাতে তৃতীয় টেষ্টত জয়ী হোৱাৰ পাছত অষ্ট্ৰেলিয়া দলটোৰো উৎসাহ বৃদ্ধি পাইছে । আলহী দলটোৱেও এই খেলখনত জয়ী হ'বলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব । কিন্তু আন এটা কাৰণত দুয়োটা দলৰ বাবে এই খেলখন গুৰুত্বপূৰ্ণ হ'ব । কাৰণ এই খেলখন একেলগে উপভোগ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিছে (PM Modi and AUS PM to watch test match)। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে তেওঁৰ নামেৰে নামাকৰণ কৰা ক্ৰিকেট ষ্টেডিয়ামলৈ খেল উপভোগ কৰিবলৈ যাব ।

উল্লেখ্য যে এই শৃংখলাত ভাৰতীয় দলটোৱে প্ৰথম দুখন টেষ্টত এক দৰ্শনীয় বিজয় লাভ কৰে । কিন্তু ইন্দোৰত খেলা তৃতীয়খন খেলত ভাৰতীয় দলে ভাল প্ৰদৰ্শন নকৰিলে আৰু পৰাজিত হয় (Border Gavaskar Trophy 3rd match)। ভাৰতীয় দলে শৃংখলাটোত ২-১ ৰ অগ্ৰগতি লাভ কৰিছে । কিন্তু অষ্ট্ৰেলিয়াৰ দলটোৱে এতিয়ালৈকে এখন টেষ্টত জয়ী হৈছে । তৃতীয় টেষ্টত, ষ্টিভ স্মিথৰ দলে ভাৰতৰ বিৰুদ্ধে ৯ উইকেটত জয়ী হয় ।

এই ফলাফলবোৰৰ পৰা এটা কথা স্পষ্ট যে প্ৰতিযোগিতাখনৰ অন্তিমখন খেল অতি গুৰুত্বপূৰ্ণ হ'ব (Border Gavaskar Trophy last match)। ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ'বলৈ এই খেলখনত জয়ী হ'ব লাগিব ।

তৃতীয় খন টেষ্ট ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । ইফালে ক্ৰিকেটাৰসকলে খেলপথাৰখনৰ পিটছৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে । খেলপথাৰখনত ভাৰতীয় দলৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি আছিল অষ্ট্ৰেলিয়াৰ স্পিনাৰ বলাৰ নাথান লিয়ন । তৃতীয় টেষ্টত নাথান লিয়নে মুঠ ৮ টা উইকেট দখল কৰিছে । নাথান লিয়নে অষ্ট্ৰেলিয়াৰ দলটোক জয়ী হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এই খেলখনত জয়ী হোৱাৰ লগে লগে অষ্ট্ৰেলিয়া দলটোৱে ৭ জুনত ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে নিজৰ স্থান সুনিশ্চিত কৰিছে ।

লগতে পঢ়ক :IND vs AUS : অষ্ট্ৰেলিয়াৰ হাতলৈ যাব নেকি ব'ৰ্ডাৰ গাভাস্কৰ ট্ৰফীৰ তৃতীয় টেষ্ট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.