ETV Bharat / sports

IND vs AUS : অষ্ট্ৰেলিয়াৰ হাতলৈ যাব নেকি ব'ৰ্ডাৰ গাভাস্কৰ ট্ৰফীৰ তৃতীয় টেষ্ট ?

author img

By

Published : Mar 2, 2023, 8:57 PM IST

অতি ৰোমাঞ্চকৰ হৈছে ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয় টেষ্ট (Border Gavaskar trophy 2023)। অৱশ্যে অষ্ট্ৰেলিয়াই খেলখনত নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে । শুকুৰবাৰে স্মিথৰ দলটোক জয়ী হ'বলৈ মাত্ৰ ৭৬ ৰাণৰ প্ৰয়োজন । ভাৰতীয় স্পিনাৰৰ ওপৰত থাকিব গুৰু দায়িত্ব ।

IND vs AUS
অষ্ট্ৰেলিয়াৰ হাতলৈ যাব নেকি ব'ৰ্ডাৰ গাভাস্কৰ ট্ৰফীৰ তৃতীয় টেষ্ট

স্পৰ্টছ ডেস্ক, ২ মাৰ্চ : ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ (Border Gavaskar trophy 2023) দুখন টেষ্টত ভাৰতীয় দলটোৱে বিজয়ৰ মুখ দেখিছিল যদিও তৃতীয়খন টেষ্টত অষ্ট্ৰেলিয়াই শক্তিশালীভাৱে তাৰ প্ৰত্যুত্তৰ দিছে । বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ দ্বিতীয় দিনা দ্বিতীয় ইনিংছত ভাৰতে ৬০.৩ অভাৰত ১৬৩ ৰাণতে অল আউট হয় । নাথান লিঅ'নৰ ৮ টা উইকেটৰ সহযোগিতাৰে অষ্ট্ৰেলিয়া দলটোৱে ভাৰতৰ ইংনিছ সমাপ্ত কৰিবলৈ সক্ষম হয় (IND vs AUS test)।

এতিয়া ষ্টিভ স্মিথৰ দলটোৰ সন্মুখত আছে মাত্ৰ ৭৬ ৰাণ । ৭৬ ৰাণ কৰিব পাৰিলে কেৱল এই টেষ্টখন জয়ী হোৱাই নহয় লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হ'ব । চলিত টেষ্টখনত লিঅ'নৰ উন্নত প্ৰদৰ্শনে ভাৰতীয় বেটছমেনসকলক ধৰাশায়ী কৰিছে । দ্বিতীয় দিনা ২৩.৩ অভাৰত মাত্ৰ ৬৪ ৰাণ দি ৮ টাকৈ উইকেট দখল কৰে লিঅ'নে । ভাৰতৰ হৈ চেতেশ্বৰ পূজাৰাই দৃঢ়তাৰে বেটিং কৰিছিল যদিও ৫৯ ৰাণ কৰাৰ পাছত তেওঁ পেভিলিয়নলৈ উভতিব লগীয়া হয় ।

বুধবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয়খন টেষ্টত টছত জয়ী হৈ ভাৰতীয় দলটোৱে বেটিং কৰে (IND vs AUS 3rd test)। প্ৰথম ইনিংছত ভাৰতে ৩৩.২ অ'ভাৰত ১০ টা উইকেট হেৰুৱাই মাত্ৰ ১০৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ইনিংছটোত অষ্ট্ৰেলিয়াৰ মেথিউ কুহনেম্মানে ৫ টাকৈ উইকেট দখল কৰে । আনহাতে ভাৰতীয় বেটছমেন কোনো এগৰাকীও ২০ ঘৰ অতিক্ৰম কৰিব নোৱাৰিলে । সন্মুখত ১১০ ৰাণৰ লক্ষ্যৰে বেটিং আৰম্ভ কৰা অষ্ট্ৰেলিয়াই ১৯৭ ৰাণতে ইনিংছ সামৰে ।

ৰবীন্দ্ৰ জাদেজাই পুনৰ এবাৰ হাতৰ যাদু দেখুৱাই ৪ টাকৈ উইকেট দখল কৰে । ইফালে দ্বিতীয় ইনিংছত ভাৰতৰ প্ৰথম অৱস্থাৰ পৰাই অতি দুৰ্বল প্ৰদৰ্শন দেখা যায় । পুজাৰাই যদিও সৰ্বাধিক ৫৯ ৰাণ সংগ্ৰহ কৰে কিন্তু বাকীসকলে বেটছমেন ফিল্ডত বেছি সময় বৰ্তী থাকিব নোৱাৰিলে । ৰোহিত শৰ্মাই মাত্ৰ ১২ ৰাণ, গিল ৫ ৰাণ আৰু বিৰাট কোহলীয়ে ১৩ ৰাণতে ইনিংছ সামৰে ।

শ্ৰেয়াছ আয়াৰ কিছু সময় পুজাৰাক সংগ দিয়ে যদিও মিটছেল ষ্টাৰ্ক বলত আউট হয় আয়াৰ (Cheteshwar Pujara 59 run in 2nd innings)। এতিয়া কথা হ'ল শুকুৰবাৰে পুৱাৰ পৰা আৰম্ভ হ'বলগীয়া অষ্ট্ৰেলিয়া দ্বিতীয় ইনিংছৰ সন্মুখত ভাৰতীয় বলাৰে কি প্ৰদৰ্শন দেখুৱাই সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :FIFA The Best Football Awards 2022: মেছিলৈ ফিফাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.