ETV Bharat / sports

শ্বামীৰ জীৱনত প্ৰত্যাহ্বান, একমাত্ৰ সাক্ষী বিধায়ক উমেশ শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 5:32 PM IST

আজি সকলোৰে মুখত শ্বামীৰ প্ৰশংসা । কিন্তু এতিয়াও শ্বামীৰ জীৱনত আছে তীব্ৰ প্ৰত্যাহ্বান । জীৱনৰ তীব্ৰ সংকটৰ সময়ত শ্বামীক সংগ দিছিল বন্ধু তথা বিধায়ক উমেশ শৰ্মাই । উমেশ শৰ্মাই শ্বামীৰ জীৱনক লৈ শীঘ্ৰে প্ৰকাশ কৰিব এখন গ্ৰন্থ ।

MLA Umesh Sharma is writing a book
শ্বামীৰ জীৱনত প্ৰত্যাহ্বান, একমাত্ৰ সাক্ষী বিধায়ক উমেশ শৰ্মা

স্পৰ্টছ ডেস্ক,১৭ নৱেম্বৰ : আইচিচি বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে মহম্মদ শ্বামীৰ আক্ৰমণাত্মক প্ৰদৰ্শনৰ পাছতে চাৰিওফালে নায়ক হৈ পৰিছে । কিন্তু মহম্মদ শ্বামীৰ জীৱন ইমান সহজ আৰু আকৰ্ষণীয় নহয় । এটা সময় আছিল যেতিয়া মহম্মদ শ্বামী বিতৰ্কৰ মাজত আছিল । কেৱল পত্নীয়ে ৰাজদ্ৰোহৰ অভিযোগ কৰাই নহয় গৃহ বিবাদে আজিও তেওঁৰ পিছ এৰা নাই ।

কিন্তু জীৱনৰ এই সকলো সমস্যাৰ সৈতে যুঁজি থকা মহম্মদ শ্বামী ক্ৰিকেট বিশ্বকাপ ২০২৩ত ভাৰতৰ গৌৰৱ হৈ পৰিছে । এই সকলো বিতৰ্কক আঁতৰাই ৰাখি শ্বামীয়ে ছেমি ফাইনেলত নিউজীলেণ্ডৰ ৭ টা উইকেট দখল কৰি ভাৰতক বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেললৈ যোৱাত সহায় কৰিছে । যিটোৱে শ্বামীক দেশৰ নায়ক হিচাপে পৰিগণিত কৰিছে । কিন্তু মহম্মদ শ্বামীৰ বিষয়ে তেওঁৰ দলে যিমান জানে তেওঁৰ বন্ধু উমেশ শৰ্মাই তাতকৈ বেছি জানে । যেতিয়া সকলোৱে শ্বামীক লক্ষ্য কৰি লৈছিল সেই সময়তো হৰিদ্বাৰৰ খানপুৰ বিধানসভাৰ বিধায়ক উমেশ শৰ্মা তেওঁৰ সৈতে যোগাযোগত আছিল ।

ইফালে ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই কয় যে কোনো সন্দেহ নাই যে শ্বামী এতিয়া হতাশাত নাই যাৰ বাবে শ্বামীয়ে বিশ্বকাপত ভাল প্ৰদৰ্শন কৰিছে । ৰাইনাৰ মতে এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ অৱদান আছিল উমেশ শৰ্মাৰ । ৰাইনাৰ মতে ছামীয়ে সেই সময়ত কেৱল খেলৰ সৈতে যুঁজি থকাই নহয়, তেওঁৰ মানসিক ভাৰসাম্যও সঠিক নাছিল ।

তেওঁৰ একমাত্ৰ আশা আছিল দলটোৰ বাবে কিবা এটা ভাল কৰা । ৰাইনাই কয় যে এটা সময় আছিল যেতিয়া তেওঁ জীৱন ত্যাগ কৰাৰ চেষ্টা কৰিছিল । যদি কোনোৱে এই বিষয়ে ভালদৰে ক'ব পাৰে, সেয়া হৈছে উমেশ শৰ্মা ।

ইফালে উমেশ শৰ্মাই ২০১৮ বৰ্ষৰ ছামীৰ অৱস্থাৰ কথা উল্লেখ কৰে । তেওঁৰ এগৰাকী চিনাকি লোকে উমেশ শৰ্মাক কৈছিল যে শ্বামী বহুত বিচলিত । সংবাদ মাধ্যমেও তেওঁক লক্ষ্য কৰি লৈছিল । তেতিয়া উমেশ শৰ্মাই প্ৰথমবাৰৰ বাবে শ্বামীৰ সৈতে ফোনত কথা পাতিছিল । তাৰ পাছত তেওঁলোকে সাক্ষাতো কৰিছিল । ক্ৰীড়া জগতত তেওঁৰ বহু বন্ধু আছে । তেনে পৰিস্থিতিত তেওঁ শ্বামীক সমৰ্থন কৰিছিল । সেই সময়ত আৰক্ষীয়ে আটক কৰিব বুলিও শ্বামীয়ে ভয় খাইছিল । তাৰ পাছত শ্বামী উমেশ শৰ্মাৰ বাসগৃহত এমাহ আছিল ।

সেই এমাহত উমেশ শৰ্মাৰ সৈতে একেটা ঘৰত থাকি বহিঃজগতৰ সৈতে শ্বামীয়ে যুদ্ধ কৰিছিল । কিন্তু পত্নীৰ অভিযোগে হওঁক বা আদালতৰ গোচৰেই হওঁক তেওঁ মহম্মদ শ্বামীৰ পক্ষ এৰি যোৱা নাছিল বুলিও কয় উমেশ শৰ্মাই । বিধায়ক উমেশ শৰ্মাই কয় যে ২০২৩ চনৰ ছেপ্টেম্বৰত যেতিয়া আদালতে তেওঁক জামিন ল'বলৈ কৈছিল তেতিয়া দুয়ো কলকাতালৈ গৈছিল । শ্বামীয়ে ১৯ ছেপ্টেম্বৰত জামিন লাভ কৰে । তাৰ পাছত ২২ ছেপ্টেম্বৰত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ৫ টা উইকেট দখল কৰে ।

উমেশ শৰ্মাৰ মতে শ্বামী এগৰাকী ভাল ব্যক্তি । মানুহে তেওঁৰ বিষয়ে কম জানে আৰু হয়তো মানুহে তেওঁৰ বিষয়ে এক ধাৰণা কৰি লৈছিল । উমেশ শৰ্মাৰ মতে সোনকালেই মহম্মদ শ্বামীৰ এখন বিশেষ গ্ৰন্থ উন্মোচন হ'ব । এই গ্ৰন্থখনে তেওঁৰ জীৱনৰ বহুতো ৰহস্য আৰু দিশ প্ৰকাশ কৰিব । '৩০ ডেইজ উইথ শ্বামী' শীৰ্ষক গ্ৰন্থখনত, মেচ ফিক্সিঙৰ সত্যতা আৰু তেওঁৰ বিৰুদ্ধে কেনেদৰে অভিযোগ উত্থাপন কৰা হৈছিল, তেওঁ আত্মহত্যাৰ চেষ্টা কৰা, তেওঁৰ পৰিয়ালৰ পৰা তেওঁৰ কন্যাৰ ভূমিকালৈকে সকলো কথা উল্লেখ থাকিব ।

উমেশ শৰ্মাৰ মতে, শ্বামীয়ে বৰ্তমান তেওঁৰ খেলত মনোনিৱেশ কৰি আছে । তেওঁ আশা কৰিছে যে শ্বামীয়ে ফাইনেলত মহান প্ৰদৰ্শনৰ সৈতে ভাৰতীয় দলটোক জয়ী হোৱাত সহায় কৰিব ।

লগতে পঢ়ক :প্ৰত্যাহ্বানৰ শিকলি ছিঙি দুৰ্দান্ত শক্তিৰে যুঁজত নমা এগৰাকী পৰাক্ৰমী যোদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.