ETV Bharat / sports

প্ৰত্যাহ্বানৰ শিকলি ছিঙি দুৰ্দান্ত শক্তিৰে যুঁজত নমা এগৰাকী পৰাক্ৰমী যোদ্ধা

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 7:18 PM IST

Updated : Nov 16, 2023, 9:26 PM IST

তেওঁৰ নাম আজি চৌদিশে গুঞ্জৰিত হৈছে ৷ অনুৰাগীৰ পৰা ৰাজনীতিকলৈ, সতীৰ্থৰ পৰা বিপক্ষৰ খেলুৱৈলৈকে সকলোৱে তেওঁৰ পৰাক্ৰমৰ শলাগ লৈছে ৷ নিজকে এইদৰে থিয় কৰোৱাৰ আঁৰত আছে বহু অকথিত কাহিনী ৷ কাল ধুমুহাই তেওঁৰ জীৱনৰ জাহাখন এনেকৈ ডুবাবলৈ ধৰিছিল, যে এনে ধুমুহাৰ মাজতো নিজক চম্ভালি প্ৰত্যাৱৰ্তন কৰা মুঠেও সহজ নহয় ৷ কিন্তু তেওঁ সেয়া কৰি দেখুৱালে ৷ এইগৰাকী যোদ্ধাৰ পুৰুত্থান সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সাংবাদিক ৰাজ শইকীয়াৰ এক বিশেষ প্ৰতিবেদন...

Mohammed Shami records
Hasin Jhahan files case against Shami

স্প’ৰ্টছ ডেস্ক, 16 নৱেম্বৰ: কাৰ ভাগ্যৰ চকৰি কেতিয়া কোন দিশে ঘূৰে সেয়া কোনেও ক’ব নোৱাৰে ৷ কালৰ পাকচক্ৰত পৰি কেতিয়াবা উন্নতিৰ শিখৰত আৰোহণ কৰা কোনোবা যদি ধূলিত মিলি যায়, আন কেতিয়াবা আকৌ হঠাৎ এজন মানুহে শূন্যৰ পৰা গৈ সেই উচ্চতাত আৰোহণ কৰিবলৈ সমৰ্থ হয়, যি তেওঁৰ বাবে খুবেই সহজ নাছিল ৷ সময়ে মানুহক বাৰুকৈয়ে পৰীক্ষা লয়, যুঁজ দিব পৰা ক্ষমতাক জুখি চায় ৷

এই সময়চোৱাত প্ৰত্যাহ্বানৰ কোবাল সোঁতত বহুতেই দিশহাৰা হৈ যায়, হেৰুৱাই পেলায় নিজৰ অস্তিত্ব ৷ কিন্তু এনে কঠিন সময়তো নিজৰ শিপাক খামুচি যি ৰৈ থাকিব পাৰে, তেৱেঁই নতুন ৰূপত বিজয়ী যোদ্ধা হৈ আত্মপ্ৰকাশ কৰে ৷ এই কাহিনীটোও তেনে এজন যোদ্ধাৰ জীৱনৰ ওপৰতেই আধাৰিত ৷

বিশ্বকাপ ক্ৰিকেট 2023 যিসকলে উপভোগ কৰিছে, তেওঁলোকে নিশ্চয় মহম্মদ শ্বামীৰ বিস্ফোৰক বলিং দেখিছে, শ্বামীয়ে উইকেট দখল কৰাৰ লগে লগে হয়তো হাত তালিও বজাইছে ৷ প্ৰতিপক্ষৰ বেটচমেনৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ভাৰতৰ বেগী বলাৰ মহম্মদ শ্বামী ৷ বুধবাৰে ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 ৰ প্ৰথমখন ছেমি ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি ভাৰতে ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিলে ৷ এই বিজয়ৰ অন্যতম দাবীদাৰ তথা নায়কত পৰিণত হ’ল মহম্মদ শ্বামী ৷

লাখ লাখ ভাৰতীয় দলৰ সমৰ্থকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে মহম্মদ শ্বামীয়ে ৷ নিউজীলেণ্ডৰ 7 টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখলেৰে শ্বামী জয়-পৰাজয়ৰ সন্দিহানত থকা ভাৰতীয় দলৰ ত্ৰাণকৰ্তা হৈ পৰিল ৷ বৰ্তমানলৈকে শ্বামীয়ে 2023 বিশ্বকাপত 23 টা উইকেট দখল কৰিছে আৰু ইয়াৰ ভিতৰত তিনিখন মেচত পাঁচটাকৈ উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছে ৷ কিন্তু শ্বামীৰ এই উত্থানৰ আঁৰত আছে বহু কাহিনী ৷

  • Today’s Semi Final has been even more special thanks to stellar individual performances too.

    The bowling by @MdShami11 in this game and also through the World Cup will be cherished by cricket lovers for generations to come.

    Well played Shami!

    — Narendra Modi (@narendramodi) November 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিপৰ্যয়ে কেউফালৰ পৰা আগুৰি ধৰা এজন মানুহ ৷ যাৰ কাষৰ পৰা হেৰাই গৈছিল সদায় ভালপোৱা মানুহবোৰ ৷ শত্ৰু হৈ পৰিছিল তেওঁৰ মৰমৰ পত্নী ৷ তেওঁৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ পৰা আৰম্ভ কৰি গাৰ্হস্থ্য হিংসা তথা ৰাষ্ট্ৰদ্ৰোহৰো অভিযোগ উঠে ৷ বিচিচিআয়ে দলত স্থান দিয়া নাছিল শ্বামীক ৷ প্ৰাক্তন পত্নীয়ে আদালতৰ কাঠগড়াত থিয় হ’বলৈ বাধ্য কৰিছিল তেওঁক ৷ অতবোৰ ধুমুহাৰ পিচতো কিন্তু পুনৰ মূৰ দাঙি উঠিলে শ্বামীয়ে ৷ প্ৰমাণ কৰি দিলে প্ৰচণ্ড ধুমুহায়ো উভালিব নোৱৰা এজোপা গছ তেওঁ ৷ যাৰ শিপা অতি শক্তিশালী ৷

শ্বামীৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ:

শ্বামীৰ প্ৰাক্তন পত্নী হাছিন জাহানে অভিযোগ তুলিছিল যে এগৰাকী পাকিস্তানী মহিলাৰ সৈতে শ্বামীৰ বিবাহ বৰ্হিভূত সম্পৰ্ক আছে ৷ সামাজিক মাধ্যমত এটা ভিডিঅ’ বাৰ্তাযোগে জাহানে কৈছিল, ‘‘এগৰাকী পাকিস্তানী মহিলাৰ সৈতে শ্বামীৰ সম্পৰ্ক আছে ৷ তেওঁ মহিলাগৰাকীক লগ কৰে, তেওঁৰ বাবে হোটেলৰ ৰুম বুক কৰে ৷ তেওঁ যেতিয়া মোৰ লগত গাড্ডাৰী কৰিব পাৰিছে, দেশৰ লগতো গাড্ডাৰী কৰিব পাৰে ৷ সেয়া একো ডাঙৰ কথা নহয় ৷’’

এঢাপ আগুৱাই গৈ জাহানে অভিযোগ তুলিলে যে শ্বামীয়ে পাকিস্তানৰ সৈতে মেচ ফিক্সিঙতো জড়িত আছে ৷ বহুকেইটা স্ক্ৰীণশ্বটসহ জাহানে এই অভিযোগ তোলাৰ পিচতে বিচিচিআই এ খেলুৱৈৰ তালিকাৰ পৰা বাদ দিছিল শ্বামীৰ নাম ৷ সেয়া আছিল 2018 চনৰ কথা ৷

গাৰ্হস্থ্য হিংসা আৰু ধৰ্ষণৰ অভিযোগ :

পত্নী জাহানে কেৱল মেচ ফিক্সিং বা দেশদ্ৰোহৰ অভিযোগেই তোলা নাছিল শ্বামীৰ বিৰুদ্ধে, বৰঞ্চ গাৰ্হস্থ্য হিংসা আৰু ধৰ্ষণৰো অভিযোগ তুলিছিল ৷ জাহানে দাবী কৰা মতে, শ্বামীয়ে তেওঁক প্ৰায়ে শাৰীৰিক আৰু যৌন আতিশায্য চলাইছিল ৷ এই সন্দৰ্ভত আদালতৰো ওচৰ চাপে জাহান ৷ বিভিন্ন মহিলাৰ সৈতে শ্বামীৰ সম্পৰ্ক থকা বুলিও দাবী কৰিছিল ক্ৰিকেটাৰগৰাকীৰ পত্নীয়ে ৷

এইখিনিতে উল্লেখ কৰোঁ যে শ্বামীয়ে প্ৰথমে পশ্চিম বংগৰ হৈ ৰঞ্জী ট্ৰফী খেলিছিল ৷ 2012 চনত শ্বামীয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই পি এলত খেলি থকাৰ সময়তে চিনাকি হৈছিল হাছিন জাহানৰ সৈতে ৷ লাহে লাহে দুয়োৰে মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক ৷ 2014 চনত দুয়োৰে বিবাহ সম্পন্ন হয় আৰু 2015 চনত তেওঁলোকৰ প্ৰথমটি কন্যা সন্তান আইৰাৰ জন্ম হয় ৷ দুয়োৰে সংসাৰ বেছ সুখেৰে চলি থকা যেন লগাৰ মাজতে 2018 চনত শ্বামীৰ বিৰুদ্ধে এইসমূহ ভয়ংকৰ অভিযোগ উত্থাপন কৰে পত্নী জাহানে ৷ ইয়াৰ মাজতে দুয়োৰে বিবাহ বিচ্ছেদো ঘটে ৷

তদন্তৰ সন্মুখীন শ্বামী:

উত্তৰ প্ৰদেশৰ বলাৰগৰাকীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হোৱাৰ পিচতেই স্বাভাৱিকতেই আচৰিত হৈ পৰিছিল সকলো ৷ বিচিচিআই এ শ্বামীক দলৰ পৰা বাদ দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে তদন্তৰ বাবে গঠন কৰে দুৰ্নীতি বিৰোধী গোট ৷ এফালে ACU ৰ তদন্ত আনফালে আদালতত পত্নীয়ে দিয়া গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থাকিল ৷ কিন্তু এইসকলোবোৰ অভিযোগ নস্যাৎ কৰি আহিছিল শ্বামীয়ে ৷

2018 চনৰে মাৰ্চ মাহত ACU ৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হয় আৰু শ্বামীক নিৰ্দোষী ঘোষণা কৰা হয় ৷ লগে লগে বিচিচিআয়েও শ্বামীক দলত অন্তৰ্ভুক্ত কৰে ৷ এটা প্ৰত্যাহ্বানৰ অন্ত পৰিছিল যদিও শ্বামীৰ বিৰুদ্ধে পত্নীয়ে তৰা বাকীকেইটা গোচৰৰ বিচাৰ চলিয়েই থাকিল ৷ ইমানবোৰ প্ৰত্যাহ্বানে শ্বামীক কোনোবা এটা পৰ্যায়ত বিচলিত নকৰাকৈ থকা নাছিল ৷ কেইবাবাৰো আত্মহননৰ পথ বাচি ল’ব খুজিছিল শ্বামীয়ে ৷ কিন্তু নিজকে শুদ্ধ প্ৰমাণিত কৰাৰ বাসনাই তেওঁক সেই সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ প্ৰেৰণা যোগাইছিল ৷

গাৰ্হস্থ্য হিংসাৰ গোচৰত জামিন লাভ:

কলকাতাৰ নিম্ন আদালতে গাৰ্হস্থ্য হিংসাৰ গোচৰত মহম্মদ শ্বামীক চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ মাজভাগত জামিন প্ৰদান কৰে ৷ পত্নীৰ অভিযোগৰ ভিত্তিত শ্বামী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে পশ্চিম বংগৰ আলিপুৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা সাজু কৰিছিল যদিও পাচত সেয়া খাৰিজ কৰে ৷ দুই ভাতৃক পৰৱৰ্তী সময়ত আদালতে জামিন প্ৰদান কৰে আৰু শ্বামীক তেওঁৰ প্ৰাক্তন পত্নী জাহানক মাহে প্ৰায় 7 লাখ টকাৰ এক মোটা অংকৰ ধন প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ৷

ধুমুহাৰ পিচত শ্বামীৰ উত্থান:

মেচ ফিক্সিং, ৰাষ্ট্ৰদ্ৰোহ আদি বহুকেইটা গুৰুতৰ অভিযোগে জোকাৰি পেলাইছিল শ্বামীক ৷ কিন্তু তেওঁ হাৰ মনা নাছিল ৷ বিচিচিআই এ পুনৰ দলত চামিল কৰাৰ পিচত 2019 চনৰ নিউজীলেণ্ড ভ্ৰমণৰ সময়ত শ্বামীয়ে ভাৰতীয় দলৰ হৈ ক্ৰীজত নামিছিল ৷ সেই ছিৰিজত তেওঁ 100 সংখ্যক ODI উইকেট দখল কৰি অভিলেখ ৰচিছিল ৷ ইৰফান পাঠানে 59 খন মেচত সংগ্ৰহ কৰা 100 টা উইকেটৰ অভিলেখ ভাঙি শ্বামীয়ে 56 খনত মেচত 100 উইকেট দখল কৰি নতুন অভিলেখ স্থাপন কৰে ৷ তেওঁ হৈ পৰে আটাইতকৈ কম মেচত 100 উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় পেচ বলাৰ ৷

সেই বছৰৰে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ এখন খেলত আফগানিস্তানৰ বিৰুদ্ধে হেটট্ৰিক সংগ্ৰহ কৰি চেতন শৰ্মাৰ পিচতেই বিশ্বকাপত হেটট্ৰিক সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ভাৰতীয় বলাৰ হিচাপে অভিলেখ গঢ়ে ৷

প্ৰত্যাহ্বানৰ ধুমুহাই ভাঙি পেলাব খোজা শ্বামীয়ে পুনৰ মূৰ দাঙি উঠিলে ৷ সমুখত মাত্ৰ এটাই লক্ষ্য সকলো বিতৰ্কক তল পেলাই নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰা ৷ কঠোৰ পৰিশ্ৰমেৰে নিজৰ প্ৰদৰ্শন উন্নীত কৰাত গুৰুত্ব দিলে শ্বামীয়ে ৷ যাৰ ফলাফল ক্ৰিকেট প্ৰেমীয়ে 2019 চনৰ বিশ্বকাপত লাভ কৰিলে ৷ তাতেই শ্বামী ক্ষান্ত নাথাকিল ৷

শেহতীয়াকৈ 2023 চনৰ বিশ্বকাপত 6 খনত মেচত অংশলৈ শ্বামীয়ে নিজক প্ৰমাণ কৰি দিলে ৷ 6 খন মেচত শ্বামীয়ে সংগ্ৰহ কৰিছে মুঠ 23 টা উইকেট ৷ ইয়াৰ ভিতৰত লীগ মেচত নিউজীলেণ্ডৰ বিৰুদ্ধে ধৰমশালাত 5 টা উইকেট, লক্ষ্ণৌত ইংলেণ্ডৰ বিৰুদ্ধে 4 টা উইকেট, মুম্বাইত শ্ৰীলংকাৰ বিৰুদ্ধে 5 টা উইকেট, কলকাতাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 2 টা উইকেট আৰু ছেমিফাইনেলত মুম্বাইত পুনৰ নিউজীলেণ্ডৰ বিৰুদ্ধে 7 টা উইকেট দখল কৰে ৷

বিশ্বকাপ 2023 ৰ ছেমি ফাইনেলত শ্বামীয়ে দুটাকৈ অভিলেখ ভংগ কৰে ৷ 2014 চনত ষ্টুৱাৰ্ট বিন্নীৰ বাংলাদেশৰ বিৰুদ্ধে 4 ৰাণত 6 টা উইকেট আৰু 1993 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 12 ৰাণত 6 টা উইকেটৰ অভিলেখ ভংগ কৰে শ্বামীয়ে ৷ নিউজীলেণ্ডৰ বিৰুদ্ধে 57 ৰাণ দি 7 টা উইকেট দখল কৰে শ্বামীয়ে ৷

2015 চনৰ পৰা শ্বামীয়ে বিশ্বকাপৰ 3 টা ছিজনত অংশ গ্ৰহণ কৰি 17 খন মেচত 54 টা উইকেট দখলেৰে অভিলেখ ৰচিছে ৷ ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ষ্টাৰ্কে 19 খন মেচত 50 টা উইকেট দখল কৰি এই অভিলেখৰ গৰাকী হৈ আছিল ৷ ষ্টাৰ্কে বিশ্বকাপত তিনিবাৰকৈ 5 টা উইকেট দখল কৰি তালিকাৰ শীৰ্ষত আছিল যদিও বৰ্তমান শ্বামীয়ে 4 খন মেচত 5 টাকৈ উইকেট দখলেৰে ষ্টাৰ্কক অতিক্ৰম কৰিছে ৷

2011 চনত ভাৰতীয় বেগী বলাৰ জাহিৰ খানে বিশ্বকাপত 21 টা উইকেট দখল কৰাৰ অভিলেখ ভংগ কৰি শ্বামীয়ে 2023 ৰ বিশ্বকাপত বৰ্তমানলৈকে 23 টা উইকেট দখল কৰিলে ৷ শ্বামীৰ হাতত এতিয়াও এখন মেচ বাকী আছে ৷ বিশ্বকাপত 7 টা উইকেট লোৱা বিশ্বৰ পঞ্চমগৰাকী বলাৰ হৈছে মহম্মদ শ্বামী ৷

মানুহৰ যেতিয়া লক্ষ্য স্থিৰ হয়, মনত প্ৰচুৰ আত্মবিশ্বাস থাকে, তেতিয়া কোনো ধুমুহাই তলাব নোৱাৰে ৷ শ্বামীয়ে প্ৰমাণ কৰি দিলে এই কথা ৷ এসময়ত কাষত থকা অতি প্ৰিয় মানুহবোৰক হেৰুৱাই অকলশৰীয়া হৈ পৰা, জীৱনৰ প্ৰতি মায়া শেষ হৈ যোৱা শ্বামী উভতি আহিল দুৰ্দান্ত ৰূপেৰে নতুন শ্বামী হৈ ৷ এতিয়া যেন তেওঁৰ সমুখত এটাই লক্ষ্য, নিজকে প্ৰমাণ কৰা ৷

লগতে পঢ়ক: ICC World cup 2023 : কেইবাটাও অভিলেখৰ গৰাকী হ'ল মহম্মদ শ্বামী

Last Updated : Nov 16, 2023, 9:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.