ETV Bharat / sports

Asia Cup 2023 : এছিয়া কাপ সম্পৰ্কে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 4:13 PM IST

এছিয়া কাপ ২০২৩ পাকিস্তান আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'ব । প্ৰথমখন খেল পাকিস্তান আৰু নেপালৰ মাজত অনুষ্ঠিত হ'ব । ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন ২ ছেপ্টেম্বৰত শ্ৰীলংকাত অনুষ্ঠিত হ'ব ।

Asia Cup 2023
এছিয়া কাপ সম্পৰ্কে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা

স্পৰ্টছ ডেস্ক,২৯ আগষ্ট : এছিয়া কাপ টুৰ্ণামেণ্ট ২০২৩ অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হ'ব । য'ত ৬ খন দেশৰ দলে ইটোৱে সিটোৰ বিৰুদ্ধে মুখামুখি হ'ব । এইবাৰ ৭ বাৰৰ চেম্পিয়ন ভাৰতীয় ক্ৰিকেট দল তথা ৬ বাৰৰ বিজয়ী শ্ৰীলংকাৰ লগতে দুবাৰৰ বিজয়ী পাকিস্তান দলটোক খিতাপৰ বাবে তীব্ৰ প্ৰতিদ্বন্দী বুলি কোৱা হৈছে । কাৰণ বাবৰ আজমৰ নেতৃত্বত পাকিস্তান দলে সম্প্ৰতি এদিনীয়া ফৰ্মেটত ১ নম্বৰ স্থান দখল কৰিছে ।

এছিয়া কাপৰ ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাই তেওঁলোকৰ ঘৰুৱা খেলপথাৰ আৰু দৰ্শকৰ সন্মুখত খেলিব । আনহাতে বাংলাদেশ আৰু আফগানিস্তানৰ দলেও যিকোনো ধৰণে শক্তি প্ৰদৰ্শন কৰি প্ৰতিযোগিতাৰ দিশ পৰিৱৰ্তনৰ চেষ্টা কৰিব । একে সময়তে, এই প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে খেলিবলগীয়া নেপাল দলটোত এনে বহু খেলুৱৈ আছে, যিয়ে বেটিং আৰু বলিঙৰ জৰিয়তে তেওঁলোকৰ শক্তিশালী প্ৰদৰ্শন দেখুৱাব পাৰে ।

যদি ভাৰতীয় ক্ৰিকেট দলৰ পৰিসংখ্যা চোৱা যায় ২০১৯ চনৰ পৰা এদিনীয়া মেচ খেলা আৰু জয়ী হোৱাৰ ক্ষেত্ৰত আটাইতকৈ সফল দল বুলি কোৱা হয় । আনহাতে পাকিস্তানী ক্ৰিকেট দলে শেহতীয়াকৈ আক্ৰমণাত্মক বলিং আৰু শক্তিশালী বেটিঙৰ বাবে আইচিচি ৰেংকিঙত এক নম্বৰ স্থান দখল কৰিছে ।

৩০ আগষ্টত আৰম্ভ হ'বলগীয়া ২০২৩ চনৰ পুৰুষৰ এছিয়া কাপ হাইব্ৰিড মডেলত অনুষ্ঠিত হ'ব । ৰাজনৈতিক পৰিস্থিতিৰ বাবে ভাৰতীয় দলটো পাকিস্তান ভ্ৰমণ নকৰাৰ বাবে পাকিস্তান আৰু শ্ৰীলংকাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । দুয়োখন আয়োজক দেশৰ উপৰিও এছিয়া কাপত আফগানিস্তান, বাংলাদেশ, ভাৰত আৰু নেপালৰ দলে অংশগ্ৰহণ কৰিব । এছিয়া কাপ ২০২৩ ৰ প্ৰথমখন খেল আয়োজক পাকিস্তান আৰু নেপালৰ মাজত অনুষ্ঠিত হ'ব ।

  • A year ago at same time we were playing against Kenya.

    The day is tomorrow when we will face No. 1 ODI nation Pakistan in the opening match of Asia Cup 2023. Also, India in few days🔥

    Nepalese Cricket has come a long way within a year 🇳🇵❤️#AsiaCup2023 #Nepal #Pakistan #India pic.twitter.com/CGl3tZcmU7

    — Suvam Koirala 🏏 (@SuvamKoirala_45) August 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এছিয়া কাপ ১৯৮৪ চনত এদিনীয়া ফৰ্মেটত আৰম্ভ হৈছিল । অৱশ্যে শেহতীয়া বছৰবোৰত ইয়াক এদিনীয়া আৰু টি-২০ ফৰ্মেটতো অনুষ্ঠিত কৰা হৈছে । এইবাৰ ২০২৩ চনত এই প্ৰতিযোগিতা ৫০ অভাৰৰ ফৰ্মেটত অনুষ্ঠিত হ'ব । সমগ্ৰ এছিয়াৰ দলসমূহৰ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে এয়া এক সুন্দৰ সুযোগ বুলিও বিবেচনা কৰা হৈছে ।

  • Exciting times ahead as Mr. Omar Khan OK and Wasim Akram proudly announce Super11 as the title sponsor for the highly anticipated Asia Cup 2023 🏏

    This collaboration promises a thrilling tournament filled with intense cricketing action. Get ready for an unforgettable spectacle!… pic.twitter.com/0YoSXrEmsE

    — Wasim Akram (@wasimakramlive) August 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় দলটোৱে এতিয়ালৈকে ৭ বাৰ এছিয়া কাপ বিজয়ীৰ খিতাপ অৰ্জন কৰিছে । তাৰ ভিতৰত ৬ টা এদিনীয়া আৰু এটা টি-২০ ফৰ্মেটত লাভ কৰিছে । এনেদৰে, ভাৰতীয় দলটো এছিয়া কাপ টুৰ্ণামেণ্টৰ আটাইতকৈ সফল দল । একে সময়তে, শ্ৰীলংকাই মুঠ ৬ টা খিতাপ অৰ্জন কৰিছে । তাৰ ভিতৰত আছে ৫ টা এদিনীয়া আৰু এটা টি-২০ ফৰ্মেটৰ । একে সময়তে, যৌথ আয়োজক পাকিস্তানে মাত্ৰ ২ বাৰ এছিয়া কাপৰ খিতাপ লাভ কৰিছে । এনে পৰিস্থিতিত, বাবৰ আজমৰ দলে ২০১২ চনৰ পাছত আন এটা খিতাপ জয় কৰিবলৈ চেষ্টা কৰিব ।

এছিয়া কাপ ২০২৩ দুটা গ্ৰুপত খেলা হ'ব । তিনিটা দলে তেওঁলোকৰ গ্ৰুপৰ ভিতৰত ৰাউণ্ড-ৰবিন লীগ আধাৰত খেলিব । প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে চুপাৰ-৪ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব । ইয়াৰ পাছত, চুপাৰ-৪ত আন এটা ৰাউণ্ড-ৰবিন পৰ্যায়ত সংঘৰ্ষ হ'ব । দুটা শীৰ্ষ দলে ১৭ ছেপ্টেম্বৰত কলম্বোত মুখামুখি হ'ব ।

এছিয়া কাপ ২০২৩ৰ বিষয়ে জানিবলগীয়া কথা :

1. ৩০ আগষ্টৰ পৰা ১৭ ছেপ্টেম্বৰলৈ এছিয়া কাপ ২০২৩ ৰ সময়ত মুঠ ১৩ খন খেল অনুষ্ঠিত হ'ব ।

2. প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ খেলবোৰ ৩০ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ খেলা হ'ব । ইয়াৰে ৩ খন খেল পাকিস্তানত অনুষ্ঠিত হ'ব, আনহাতে বাকীকেইখন শ্ৰীলংকাত অনুষ্ঠিত হ'ব ।

3. চুপাৰ-৪ পৰ্যায়ৰ খেল ৬ ৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব । য'ত শ্ৰীলংকাত ৫ খন আৰু পাকিস্তানত এখন খেল অনুষ্ঠিত হ'ব ।

4. ফাইনেলখন ১৭ ছেপ্টেম্বৰত শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

এছিয়া কাপ পাকিস্তান আৰু শ্ৰীলংকাৰ মাত্ৰ ৪ টা নিৰ্দিষ্ট স্থানত খেলা হ'ব । প্ৰতিযোগিতাৰ খেলসমূহ পাকিস্তানৰ মুলতান আৰু লাহোৰ চহৰত অনুষ্ঠিত হ'ব আনহাতে বাকী খেলবোৰ শ্ৰীলংকাৰ কাণ্ডি আৰু কলম্বোত অনুষ্ঠিত হ'ব ।

1. মুলতান ক্ৰিকেট ষ্টেডিয়াম, মুলতান

  • A breathtaking aerial perspective captures the pristine expanse of the Multan Cricket Stadium, meticulously prepared to set the stage for the inaugural match of the Asia Cup 2023. pic.twitter.com/q0fHITiSCy

    — Startup Pakistan (@PakStartup) August 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

2. গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

3. পাল্লেকেলে আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম, কেণ্ডি

4. আৰ. প্ৰেমাদাচা ষ্টেডিয়াম, কলম্বো

আফগানিস্তান দল : হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ৰহমানুল্লাহ গুৰবাজ, ইব্ৰাহিম জাদৰান, ৰিয়াজ হাছান, ৰহমত শ্বাহ, নাজিবুল্লাহ জাদৰান, মহম্মদ নবী, ইক্ৰাম আলিখিল, ৰছিদ খান, গুলবাদিন নাইব, কৰিম জানত, আব্দুল ৰহমান, শৰাফুদ্দিন আশ্ৰফ, মুজিব উৰ ৰহমান, নুৰ আহমেদ, চুলেমান চাফি, ফজলহক ফাৰুকী ।

বাংলাদেশ দল : চাকিব আল হাছান (অধিনায়ক), লিটন দাস, নজমুল হুছেইন শান্তো, তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম, আফিফ হুছেইন ধ্ৰুবো, মেহেদী হাছান মিৰাজ, তাস্কিন আহমেদ, হাছান মাহমুদ, মুস্তাফিজুৰ ৰহমান, শ্বৰিফুল ইছলাম, নচুম আহমেদ, শ্বক মেহেদী হাছান, নইম শ্বেখ, ছামিম হুছেইন, তানজিদ হাছান তামিম, তানজিম হাছান চাকিব ।

ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল, শুভমন গিল, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, প্ৰসিদ্ধ কৃষ্ণ, সঞ্জু চেমচন (ট্ৰেভেলিং ৰিজাৰ্ভ)।

নেপাল দল : ৰোহিত পৌড়েল (অধিনায়ক), কুশল ভুৰ্তেল, আচিফ শ্বেখ, ভীম চাৰ্কি, কুশল মাল্লা, আৰিফ শ্বেখ, দীপেন্দ্ৰ সিং এৰী, গুলচন ঝা, সোমপাল কামি, কৰণ কেসী, সন্দীপ লামিচানে, ললিত ৰাজবংশী, প্ৰতীশ জিচি, মৌচম ঢাকাল, সন্দীপ জোৰা, কিশোৰ মাহাতো, অৰ্জুন সাউদ ।

পাকিস্তান দল : বাবৰ আজম (অধিনায়ক), আব্দুল্লাহ শফিক, ফখৰ জামান, ইমাম-উল-হক, ছলমান আলী আঘা, ইফতিখাৰ আহমেদ, মহম্মদ ৰিজৱান, মহম্মদ হাৰিছ, শাদাব খান, মহম্মদ নৱাজ, উছামা মীৰ, ফাহিম আশ্ৰফ, হাৰিছ ৰৌফ, মহম্মদ ৱাছিম জুনিয়ৰ, নাছিম শ্বাহ, শ্বাহিন আফ্ৰিদী, সৌদ চাকিল, তৈয়ব তাহিৰ (ৰিজাৰ্ভ) ।

শ্ৰীলংকাৰ দলটো এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই, কিয়নো দলটোৰ বহু খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ আছে ।

লগতে পঢ়ক :ICC World Cup 2023 : বিশ্বকাপ ক্ৰিকেটৰ টিকট বুকিঙত সমস্যাৰ সন্মুখীন অনুৰাগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.