ETV Bharat / sports

Asia Cup 2023: এছিয়া কাপত দললৈ প্ৰত্যাৱৰ্তন কৰিব কে এল ৰাহুল আৰু বুমৰাই

author img

By

Published : Jun 29, 2023, 3:46 PM IST

Asia Cup 2023
KL Rahul fitness update

ভাৰতীয় ক্ৰিকেট দলৰ দুজন আঘাতপ্ৰাপ্ত খেলুৱৈয়ে এছিয়া কাপ 2023 ত দললৈ উভতি আহিবলৈ প্ৰস্তুতি চলাইছে ৷ কিন্তু আন দুজন আঘাতপ্ৰাপ্ত খেলুৱৈ শ্ৰেয়ছ আয়াৰ আৰু ঋষভ পন্ত সুস্থ হ’বলৈ বহু সময় লাগিব পাৰে ।

নিউজ ডেস্ক, 29 জুন: এছিয়া কাপ 2023 ত ভাৰতীয় ক্ৰিকেট দলত স্থান লাভৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে উইকেট কীপাৰ বেটছমেন কে এল ৰাহুলে ৷ আই পি এলৰ সময় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কে এল ৰাহুলে বৰ্তমান ৰাষ্ট্ৰীয় ক্ৰিকেট অকাডেমীত অনুশীলন অব্যাহত ৰাখিছে ৷ দীৰ্ঘ সময় ধৰি দলৰ পৰা বাহিৰ হৈ থকা যশপ্ৰীত বুমৰায়েও এছিয়া কাপৰ দললৈ প্ৰত্যাৱৰ্তন কৰাৰ সংকেত পোৱা গৈছে ৷

ৰাহুলে নিজৰ ফিটনেছৰ এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷ ফটোখনৰ দ্বাৰা যেন ৰাহুলে সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ কথা বুজাবলৈকে চেষ্টা কৰিছে ৷ এছিয়া কাপৰ বাবে দলত অন্তৰ্ভুক্ত হ’বলৈ ৰাহুল সম্পূৰ্ণৰূপে সাজু বুলি জানিব পৰা গৈছে ৷

আই পি এল 2023 ৰ এখন খেলত ফিল্ডিং কৰাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক কে এল ৰাহুল ৷ তেতিয়াৰ পৰাই তেওঁ চিকিৎসাধীন হৈ আছিল ৷ আঘাতৰ বাবে আই পি এল 2023 ৰ বাকীসমূহ খেলত অংশ ল’ব পৰা নাছিল ৰাহুলে ৷ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পৰাও বিৰত থাকিব লগীয়া হয় ৷

অৱশ্যে বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট অকাডেমীত কঠোৰ অনুশীলন কৰি আছে ৷ যাতে, এছিয়া কাপত দলত স্থান সুনিশ্চিত কৰাৰ বাবে নিজকে সুস্থ আৰু সৱল হিচাপে প্ৰমাণ কৰিব পাৰে ৷

ইয়াৰ উপৰিও বেগী বলাৰ যশপ্ৰীত বুমৰায়ো এছিয়া কাপত দলত স্থান লাভৰ বাবে নিজকে সাজু কৰিছে ৷ আয়াৰলেণ্ডৰ সৈতে অনুষ্ঠিত হ’বলগীয়া শৃংখলাত বুমৰাই প্ৰত্যাৱৰ্তন কৰিব বুলি জানিব পৰা গৈছে ৷ কিন্তু এতিয়া ৰাহুল আৰু বুমৰাই এছিয়া কাপ 2023 ত দললৈ প্ৰত্যাৱৰ্তন কৰাতো নিশ্চিত হৈ পৰিছে ৷ অৱশ্যে এতিয়ালৈকে আন দুজন আঘাতপ্ৰাপ্ত খেলুৱৈ দললৈ উভতি অহাৰ সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট তথ্য পোৱা নাই ৷ শ্ৰেয়ছ আয়াৰ আৰু ঋষভ পন্ত সুস্থ হোৱাৰ বাবে বহু সময় অপেক্ষা কৰিব লাগিব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: ICC ODI WC 2023 : ৰোহিতৰ মতে এইবাৰৰ বিশ্বকাপ হ'ব অধিক প্ৰতিযোগিতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.