ETV Bharat / sports

আইপিএলৰ বাকী খেলকেইখন মুম্বাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

author img

By

Published : May 4, 2021, 12:15 PM IST

Two players of Kolkata Knight Riders tested Covid positive
আইপিএলৰ বাকী খেলকেইখন মুম্বাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ক'ভিড-১৯ মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰা ৰাজ্য হৈছে মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰত ৩-৪ খন উন্নত মানৰ ষ্টেডিয়াম আছে । কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱেৰিয়াৰ মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতে আইপিএলৰ বাকী খেলকেইখন মুম্বাই অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছে বি চি চি আয়ে ।

স্পৰ্টছ ডেস্ক, ৪ মে': কলকাতা নাইট ৰাইডাৰ্ছৰ দুজনকৈ খেলুৱৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে বি চি চি আই । এনে পৰিস্থিতিত এক বিকল্প হিচাপে আইপিএলৰ ৬০ খন খেলৰ ভিতৰত বাকী থকা খেলকেইখন মুম্বাইত অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে, ক'ভিড-১৯ মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰা ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ।

সোমবাৰে, আহমেদাবাদত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত আইপিএলৰ ৩০ সংখ্যক খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱেৰিয়াৰ মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে খেলখন স্থগিত কৰা হয় । বুধবাৰৰ খেলখন দিল্লীত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

কিন্তু দিল্লীত বৰ্তমান মহামাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাৰ বাবে ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে । যদি মুম্বাইত খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা কাৰ্যকৰী হয়, তেন্তে চলিত সপ্তাহৰ শেষৰ ফালে আইপিএলৰ বাকী খেলকেইখন মুম্বাইলৈ স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে ।

ইয়াৰ বাবে টুৰ্ণামেণ্টৰ সময়সূচী পুনৰ প্ৰস্তুত কৰাৰ প্ৰয়োজন হ'ব । এনে পৰিস্থিতি আইপিএলৰ চূড়ান্ত খেলখন ৩০ মে'ৰ পৰিৱৰ্তে জুন মাহৰ আৰম্ভণিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:এএফচি চেম্পিয়নছ লীগত অল ৱাহদাৰ হাতত পৰাস্ত এফচি গোৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.