ETV Bharat / sports

IPL 2023 RCB Vs RR: ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 7 ৰাণত জয় ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ

author img

By

Published : Apr 23, 2023, 6:30 PM IST

Updated : Apr 23, 2023, 7:43 PM IST

TATA IPL 2023 32nd Match LIVE Score
IPL 2023 RCB Vs RR

IPL 2023 ৰ এখন খেলত দেওবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে 7 ৰাণত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক । প্ৰথমে বেটিং কৰি ডু প্লেছিছ আৰু মেক্সৱেলৰ অৰ্ধশতকৰ সহায়ত ৰাজস্থানক 190 ৰাণৰ লক্ষ্য বান্ধি দিয়ে বেংগালুৰুৱে (IPL 2023 RCB Vs RR) ৷ প্ৰত্যুত্তৰত 20 অভাৰত 182 ৰাণ কৰিবলৈ সক্ষম হয় ৰাজস্থানে ৷

নিউজ ডেস্ক, 23 এপ্ৰিল: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলা খেলখনত দেওবাৰে 7 ৰাণত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ ৷ বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 189 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 20 অভাৰত 6 টা উইকেট হেৰুৱাই 182 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৰাজস্থান দলে ৷ প্ৰথম অভাৰৰ চতুৰ্থটো বলতে অপেনাৰ জচ বাটলাৰ আউট হোৱাৰ পাচত যশস্বী জয়ছোৱাল আৰু দেৱদত্ত পাড়িক্কলে সুন্দৰ বেটিং প্ৰদৰ্শন কৰে (RCB beats RR in IPL) ৷

জয়ছোৱালে 35 বলত 47 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে পাড়িক্কলে 34 বলত 52 ৰাণ কৰে ৷ অধিনায়ক চেমচনেও 22 ৰাণৰ বৰঙণি যোগায় ৷ শেহলৈ জুৰেল আৰু আশ্বিন ৰাজস্থানৰ জয়ৰ আশা আছিল যদিও 182 ৰাণতে সীমাবদ্ধ হৈ ৰয় দলটো ৷ 34 ৰাণ কৰি জুৰেল অপৰাজিত হৈ ৰয় ৷ বেংগালুৰুৰ পৰ্শাল পেটেলে 3 টা উইককেট দখল কৰে ৷ (TATA IPL 2023 32nd Match LIVE Score) ।

টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজস্থান দলে ৷ বেংগালুৰুৰ হৈ বেটিং কৰিবলৈ আহি প্ৰথমটো বলতে আউট হয় অধিনায়ক বিৰাট কোহলী ৷ তাৰ পাচতেই মাত্ৰ 2 ৰাণ কৰি শ্বাহবাজো পেভিলিয়নলৈ যায় ৷ কিন্তু ডু প্লেছিছ আৰু মেক্সৱেলে ৰাজস্থানৰ বলাৰক যোগ্য প্ৰত্যুত্তৰ দিয়ে (Royal Challengers Bangalore vs Rajasthan Royals) ৷

দুয়োৱেই বিস্ফোৰক বেটিঙেৰে অৰ্ধশতক অৰ্জন কৰি দলক এক সন্তোসজনক স্থিতিত উপনীত কৰে ৷ কিন্তু দুয়োগৰাকী খেলুৱৈ আউট হোৱাৰ পাচতে ধাৰাবাহিকভাৱে উইকেটৰ পতন ঘটে বেংগালুৰুৰ ৷ 20 অভাৰত 9 উইকেট হেৰুৱাই 189 ৰাণ সংগ্ৰহ কৰে (RCB vs RR IPL 2023 LIVE) ৷

বৰ্তমানলৈকে এই লীগত ৰাজস্থান ৰয়েলছে 7 খন খেল খেলিছে ৷ ইয়াৰে 4 খন খেলত দলটোৱে জয়লাভ কৰাৰ বিপৰীতে 3 খন খেলত পৰাস্ত হৈছে ৷ ইয়াৰ সমান্তৰালকৈ পইণ্ট তালিকাত 8 পইন্টেৰে শীৰ্ষ স্থানত আছে ৰাজস্থান দল (RCB vs RR match)।

ইফালে বৰ্তমানলৈকে এই টুৰ্ণামেণ্টত 7 খন মেচ খেলিছে আৰ চি বিয়েও । ইয়াৰে 4 খন মেচত দলটোৱে জয়লাভ কৰাৰ বিপৰীতে 3 খনত পৰাস্ত হৈছে ৷ মুঠ 8 পইন্টেৰে বৰ্তমান আৰ চি বি পইণ্ট তালিকাত পঞ্চম স্থানত আছে ।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু: বিৰাট কোহলী (অধিনায়ক), ফাফ ডু প্লেছিছ, মহিপাল লমৰৰ, গ্লেন মেক্সৱেল, শ্বাহবাজ আহমেদ, দীনেশ কাৰ্তিক (উইকেটকীপাৰ), সুৱাশ প্ৰভুদেশাই, ডেভিদ উইলি, বানিন্দু হাছাৰংগা, মহম্মদ চিৰাজ, বিজয়কুমাৰ ।

ৰাজস্থান ৰয়েলছ: সঞ্জু চেমছন (অধিনায়ক), জছ বাটলাৰ, যশস্বী জয়ছৱাল, দেৱদত্ত পাড়িক্কাল, শ্বিমৰন হেটমায়াৰ, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰন অশ্বিন, জেছন হোল্ডাৰ, ট্ৰেণ্ট বল্ট, সন্দীপ শৰ্মা, যুজবেন্দ্ৰ চাহাল ।

লগতে পঢ়ক: MI Vs PBKS Match Preview : অৰ্শদীপৰ বিধ্বংসী বলিঙেৰে মুম্বাইক 13 ৰাণত পৰাস্ত কৰিলে পঞ্জাৱে

Last Updated :Apr 23, 2023, 7:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.