ETV Bharat / sports

IPL career of MS Dhoni : ২৫০ তম আই পি এল খেলিবলৈ সাজু ধোনী

author img

By

Published : May 28, 2023, 5:44 PM IST

IPL career of MS Dhoni
২৫০ তম আই পি এল খেলিবলৈ সাজু ধোনী

গুজৰাটৰ বিৰুদ্ধে আজি ২৫০ তম আই পি এল মেচ খেলিবলৈ সাজু ধোনী (MS Dhoni set to play 250th IPL match)। ২৪৯ খন আই পি এল মেচ খেলা ধোনী একমাত্ৰ খেলুৱৈ । চেন্নাই চুপাৰ কিংছ আৰু ৰাইজিং পুনে চুপাৰজায়েন্টছৰ হৈ তেওঁ খেলিছে । ধোনীৰ মুঠ স্ক'ৰ ৫,০৮২ ।

স্পৰ্টছ ডেস্ক,২৮ মে': আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ ফাইনেল (IPL final 2023)। চেন্নাই চুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ'ব এই ফাইনেল খেলখন । চেন্নাইৰ প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ বাবে এই দিনটো বিশেষ । অৱশ্যে চেন্নাইৰ অধিনায়ক এম এছ ধোনীৰ বাবেও এই খেলখন অতি গুৰুত্বপূৰ্ণ । কিয়নো এম এছ ধোনীৰ আই পি এল কেৰিয়াৰৰ এইখন ২৫০ তম খেল । তেওঁৰ এইখন ১১ নম্বৰ ফাইনেল আৰু অধিনায়ক হিচাবে তেওঁৰ ১০ নম্বৰ আই পি এল ফাইনেল (Dhoni in IPL final as captain)।

এতিয়ালৈ কোনো খেলুৱৈয়ে ২৫০ খন আই পি এল মেচ খেলা নাই আৰু ধোনী হৈছে প্ৰথমগৰাকী খেলুৱৈ যিয়ে ২৫০ খন আই পি এল খেলিবলৈ সাজু হৈছে । আই পি এলত মহেন্দ্ৰ সিং ধোনীয়ে চেন্নাই চুপাৰ কিংছ আৰু ৰাইজিং পুনে চুপাৰজায়েন্টছৰ হৈ খেলিছে । এতিয়ালৈকে ২৪৯ খন আই পি এল মেচত ধোনীয়ে ৩৯.০৯ গড়ে ৫,০৮২ ৰাণ সংগ্ৰহ কৰিছে (Total score of Dhoni in IPL)। ২১৭ টা ইনিংছত তেওঁৰ ষ্ট্ৰাইক ৰেট ১৩৫.৯৬ । তেওঁৰ সৰ্বাধিক স্ক'ৰ হৈছে ৮৪ আৰু তেওঁ ২৪ টা অৰ্ধ শতক অৰ্জন কৰিছে । তেওঁ আই পি এলৰ ইতিহাসত সপ্তম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ।

চেন্নাই চুপাৰ কিংছৰ হৈ ধোনীয়ে ২১৯ খন মেচ খেলিছে । ১৯০ টা ইনিংছত তেওঁ ২২ টা অৰ্ধশতকৰ সৈতে ৪,৫০৮ ৰাণ সংগ্ৰহ কৰিছে । ধোনীৰ ষ্ট্ৰাইক ৰেট ১৩৭.৫২ । ৰাইজিং পুনে চুপাৰজায়েন্টছৰ হৈ ধোনীয়ে ২০১৬-১৭ ছিজনত ৩০ খন মেচ খেলিছে । তেওঁ ২৭ টা ইনিংছত ৫৭৪ ৰাণ সংগ্ৰহ কৰিছে । ধোনীয়ে আৰএছপিৰ হৈ দুটা অৰ্ধশতক কৰিছে । তেওঁৰ সৰ্বাধিক স্ক'ৰ আছিল ৬৪ । ষ্ট্ৰাইক ৰেট আছিল ১২৪.৭৮ । তেওঁৰ বেটিং এভাৰেজ আছিল ৩১.৮৯ ।

চিএছকে আৰু আৰপিএছৰ অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ দলক ২২৫ খন খেলক প্ৰতিনিধিত্ব কৰিছে । আই পি এল ইতিহাসৰ যিকোনো খেলুৱৈৰ বাবেই সৰ্বাধিক । তেওঁৰ নেতৃত্বত দলে ৯১ খনত পৰাজিত হোৱাৰ বিপৰীতে ১৩২ খন খেলত জয়ী হৈছে । ধোনীয়ে চিএছকেৰ হৈ ৪ টা আই পি এল খিতাপ অৰ্জন কৰিছে আনহাতে তেওঁৰ নেতৃত্বত ২০১৭ চনত আৰপিজি দলে ৰানাৰ্ছ আপ হৈছিল ।

ধোনীয়ে ২১১ খন খেলত চিএছকেক নেতৃত্ব দিছে । ইয়াৰ ভিতৰত, ধোনীয়ে ১২৭ খন মেচত জয়ী হৈছে, ৮২ খনত পৰাজিত হৈছে । দুখন খেলৰ কোনো ফলাফল ওলোৱা নাছিল । ধোনীয়ে ১৪ খন মেচত আৰপিজিক নেতৃত্ব দিছে । তাৰ ভিতৰত তেওঁ ৫ খনত জয়ী হৈছে আৰু ৯ খন মেচত পৰাজিত হৈছে ।

দেওবাৰে হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত গুজৰাট টাইটানছে তেওঁলোকৰ দ্বিতীয়টো খিতাপ অৰ্জনৰ বাবে চেষ্টা চলাব আনহাতে ধোনীৰ নেতৃত্বত চিএছকেয়ে তেওঁলোকৰ পঞ্চমটো খিতাপ জয়ৰ লক্ষ্য আগত ৰাখিব । ইফালে এম এছ ধোনীৰ এইখন অন্তিম আই পি এল হিচাপেও চৰ্চা চলি আছে । যাৰ বাবে দলটোৱে অধিনায়ক ধোনীৰ বাবে এই খিতাপ অৰ্জনৰ বাবে অশেষ চেষ্টা চলাব ।

লগতে পঢ়ক :IPL 2023 Grand Finale : গুৰু-শিষ্যৰ সমুখ সমৰত কোনে মাৰিব শেষ হাঁহি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.