ETV Bharat / sports

Chanchal Bhattacharya on MS Dhoni: এতিয়াই অৱসৰৰ সময় হোৱা নাই; ধোনীৰ সন্দৰ্ভত মন্তব্য শৈশৱৰ প্ৰশিক্ষকৰ

author img

By

Published : May 30, 2023, 10:23 PM IST

Chanchal Bhattacharya on MS Dhoni
Chanchal Bhattacharya on MS Dhoni

মহেন্দ্ৰ সিং ধোনীৰ বাবে এইখনেই অন্তিম আই পি এল নেকি ? আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়াৰ পাচত আই পি এলৰ পৰাও অৱসৰ ল’ব নেকি ধোনীয়ে ? এইবোৰ প্ৰশ্ন ক্ৰীড়াপ্ৰেমীৰ মনত চলি থকাৰ মাজতে ধোনীৰ শৈশৱৰ এগৰাকী প্ৰশিক্ষকে কৰিছে বিশেষ মন্তব্য (Chanchal Bhattacharya on MS Dhoni)৷

Chanchal Bhattacharya on MS Dhoni
ধোনীৰ সৈতে শৈশৱৰ প্ৰশিক্ষক চঞ্চল ভট্টাচাৰ্য

নিউজ ডেস্ক, 30 মে’: আই পি এল 2023 ৰ ফাইনেল মেচখন, তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ ভিতৰত এখন অন্যতম মেচ হিচাপে পৰিগণিত হৈছে ৷ সোমবাৰে অনুষ্ঠিত খেলখনত দ্বিতীয় ইনিংছত শেষৰ বলত চাৰি ৰাণৰ প্ৰয়োজন হৈছিল চেন্নাই ছুপাৰ কিংছক । গুজৰাট টাইটানছৰ মোহিত শৰ্মাই লেগ চাইডত ডেলিভাৰী কৰা বলটো যেতিয়া জাডেজাৰ বেটত লাগি থাৰ্ড মেন অতিক্ৰম কৰি বাউণ্ডেৰী লাইন পাৰ হৈ গ’ল, তেতিয়া এম এছ ধোনী বাহিনীত অৱধাৰিতভাৱে উল্লাস দেখা গ’ল । কেইবাখনো খেলত বিজয়ী নায়কগৰাকীয়ে নিজৰ বিজয়ী মুকুটত আৰু এটা মুকুটা সংযোগ কৰিলে । জাডেজাই তেওঁক অতি আবেগিকভাৱে আলিংগন কৰি সেই কথা স্পষ্ট কৰি দিছিল (IPL 2023 Final match)।

খড়গপুৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মৰ পৰা আৰম্ভ হোৱা যুঁজখন সমগ্ৰ বিশ্বই দেখাই নহয় পুংখানুপুংখভাৱে উপভোগ কৰিলে । ৰাঁচীৰ এটা অঞ্চলৰ দীঘল চুলিৰ ল’ৰাটো কেনেকৈ ক্ৰিকেটাৰৰ পৰা কিংবদন্তি ফিনিছাৰলৈ পৰিণত হ’ল, সেয়া সকলোৱেই স্বচক্ষে দেখিছে । চৰম উত্তেজনাপূৰ্ণ মুহূৰ্ততো তেওঁ শান্ত হৈ থাকিল । মটেৰাত দৰ্শকৰ চকুত মঙলবাৰে নিশা সেই ছবিখন ভালদৰে সজীৱ হৈ পৰিল (TATA IPL winner CSK) ।

ধোনীৰ শৈশৱৰ প্ৰশিক্ষক চঞ্চল ভট্টাচাৰ্যই প্ৰথমে এই খেলুৱৈজনৰ প্ৰতিভা দেখা পাইছিল । ভট্টাচাৰ্যই বুজি পাইছিল যে এই কেনভাছত অংকন কৰা ছবিখনে এদিন দৃষ্টি আকৰ্ষণ কৰিব ৷ পৃথিৱীখনক তেওঁৰ ভৰিৰ ওপৰত তুলি আনিব । বয়সহীন আশ্চৰ্যৰ বাক্যাংশটোৰ লগত ধোনী একেবাৰে খাপ খাই পৰিছে (Dhoni Childhood coach Chanchal Bhattacharya)।

Chanchal Bhattacharya on MS Dhoni
ধোনীৰ শৈশৱৰ প্ৰশিক্ষক চঞ্চল ভট্টাচাৰ্য

"এতিয়াও যেতিয়া তেওঁ ৰাঁচীত থাকে, তেতিয়াও তেওঁ ৰাতিপুৱাই অনুশীলন কৰিবলৈ যায় । ধোনীয়ে সেই সময় বাছি লয় যাতে জনসমাগম বেছি নহয় । কিন্তু, তেওঁ অনুশীলন বাদ নিদিয়ে । এতিয়াও ফিট হৈ থাকিবলৈ কঠোৰ পৰিশ্ৰম কৰে । ইয়াৰ দ্বাৰা নিজকে খেলত অধিক স্থান দিয়া হয় ।" চেন্নাই ছুপাৰ কিংছে পঞ্চমটো আই পি এল খিতাপ দখল কৰাৰ পিচতেই ইটিভি ভাৰতক এইদৰে কয় চঞ্চল চৌধুৰীয়ে ।

লগতে পঢ়ক: IPL 2023 FINAL: আই পি এল 2023 ৰ ট্ৰফী চেন্নাই ছুপাৰ কিংছৰ হাতত; পঞ্চমবাৰলৈ খিতাপ দখল চেন্নাইৰ

বিশেষকৈ বৰষুণৰ ফলত কৰ্তন কৰা ফিকচাৰত চি এছ কেয়ে মেচখন অন্তিম মুহূৰ্তত ওলোটা কৰি দিয়াৰ ধৰণটোৰ বাবে মোটেৰা ইতিহাসৰ সাক্ষী হৈ ৰ’ল । তেওঁলোকৰ অধিনায়কৰ কৃতিত্ব চাবলৈ ‘‘হালধীয়া সেনাৰে’’ খেলপথাৰখন ভৰি পৰে । বেটৰ সৈতে নহয় ধোনীয়েও ষ্টাম্পৰ পিচত নিজৰ ক্ৰিকেট দক্ষতা দেখুৱাইছিল । ধোনীয়ে ডাঙৰ গ্ল’ভছ পিন্ধি থকাৰ বাবে যিকোনো বেটছমেনে ট্ৰেকৰ বাহিৰ হ’বলৈ ভয় কৰে । বৰ্ষা বিঘ্নিত খেলখনতো নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ধোনীৰ সেই আভাস দেখা গ’ল । বেটিং চেন্সেশন শুভমন গিলে জাডেজাৰ বলত ক্ৰীজ এৰি যোৱাৰ ভুল কৰিলে৷ ফলত তেওঁ পেভিলিয়ন মুখী হ’ব লগীয়া হ’ল (CSK won five times IPL trophy)।

‘‘37 বছৰ বয়সত বেটিংতকৈ উইকেট ৰক্ষা কৰাটো অধিক কঠিন । 20 অভাৰত 120 টা বল । প্ৰতিটো বলত মনোনিৱেশ কৰাটো সহজ নহয় । শাৰীৰিক ক্ষমতাৰ চৰম সীমাতহে সম্ভৱ । ধোনীয়ে এতিয়াও নিয়মিত অনুশীলন কৰে । কেতিয়াবা টেনিছ খেলে । মাইণ্ড গেমছ, বিলিয়াৰ্ড খেলি একাগ্ৰতা বৃদ্ধি কৰা, তেওঁৰ সৈতে প্ৰতিযোগিতা কৰাটো এতিয়াও অসম্ভৱ । তেওঁ নিজকে যিদৰে উচ্চতম পৰ্যায়লৈ লৈ গৈছে, তাৰ আঁৰত বহু অধ্যৱসায় আছে ।’’ ভট্টাচাৰ্যই কয় ।

এসময়ত আই পি এল শীৰ্ষ মহলৰ সংঘৰ্ষত হেঁচাত পৰিছিল চি এছ কে । কিন্তু সেইটোৱে ধোনীক চিন্তিত কৰা নাছিল ৷ কাৰণ তেওঁ শান্তভাৱে বহি মাজতে খেলখন চাই আছিল । তেওঁৰ খোজে বুজাই দিলে যে, বহু যুদ্ধৰ ঘোঁৰাই কামানৰ শব্দত ভয় নকৰে । বাউণ্ডেৰীৰ বাহিৰত বহি থকা ধোনীৰ বন্ধ চকুৱে ইংগিত দিছিল জয় স্বাভাৱিক । চেম্পিয়নসকলে পৰাজয়ত বিশ্বাস নকৰে । হাৰিব নাজানে । বয়স বঢ়াৰ লগে লগে হাড়ৰ ঘনত্ব কমি যায় । জটিল গাণিতিক সমীকৰণবোৰ শান্ত, নিৰ্বিকাৰভাৱে মনত চলি থাকে । ফলত আটাইতকৈ বেছি প্ৰশ্ন উত্থাপন হয় ধোনীয়ে কেতিয়া অৱসৰ ল’ব । ধোনীয়ে ইয়াক ক্ৱিটছ বুলি কোৱাৰ সিদ্ধান্ত সন্দৰ্ভত চাঞ্চলে কয় যে, "অৱসৰৰ প্ৰশ্নৰ বাবে সময় নাই । ফিটনেছ, চকুৰ দৃষ্টি এতিয়াও ধোনিৰ সৰ্বোত্তম অস্ত্ৰ । যদি এজন ক্ৰিকেটাৰৰ হাতত সেইটো থাকে তেন্তে তেওঁ আৰু চিন্তা কৰিব নালাগে ।"

যদি সঁচাকৈয়ে বিশ্বকাপ বিজয়ী অধিনায়কে অৱসৰৰ কথা ঘোষণা কৰে ? "ধোনীয়ে যিয়েই সিদ্ধান্ত ল'ব, সি সাৱধানে ল'ব । আৰু সি নিখুঁতভাৱে টাইম কৰিব ।" নিজৰ প্ৰাক্তন ছাত্ৰজনৰ ওপৰত তেওঁৰ প্ৰশিক্ষকৰ অপৰিসীম আস্থা আছে । "এদিন মই ক'লো, ক্যা ধোনী । তু তৌ মুঝে ভুল হি গয়া । ফোন নেহি কৰ্তা । নম্বৰ ডিলিট কৰ দিয়া ক্যা ? উত্তৰত ধোনীয়ে ১০-১২ জনৰ সন্মুখত মোৰ নম্বৰটো পঢ়ি শুনাই দিলে । এইখিনিতে তেওঁ অনন্য ।" ভট্টাচাৰ্যৰ চকুত গৌৰৱেৰে ভৰি পৰিছে প্ৰাক্তন ছাত্ৰজনৰ প্ৰতি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.