ETV Bharat / sports

KKR Vs CSK match updates: ইডেনত চেন্নাইৰ হাতত 49 ৰাণত পৰাস্ত কলকাতা; পইন্ট তালিকাৰ শীৰ্ষত চেন্নাই

author img

By

Published : Apr 23, 2023, 8:32 PM IST

Updated : Apr 24, 2023, 12:35 AM IST

CSK vs KKR
KKR Vs CSK match updates

কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত আজি কলকাতা নাইট ৰাইডাৰ্ছক 49 ৰাণত পৰাস্ত কৰি চেন্নাই ছুপাৰ কিংছ আই পি এল 2023 ৰ পইন্ট তালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত হয় (CSK vs KKR) ৷

নিউজ ডেস্ক, 23 এপ্ৰিল: ঘৰুৱা খেল পথাৰত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে যুঁজি যুঁজি অৱশেষত হাৰ মানিবলৈ বাধ্য হ’ল কলকাতা নাইট ৰাইডাৰ্ছে ৷ চেন্নাই দলে বান্ধি দিয়া 236 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 20 অভাৰত 186 ৰাণ কৰিবলৈ সক্ষম হয় কলকাতাই ৷ 49 ৰাণত জয়লাভ কৰি 10 পইন্টেৰে তালিকাৰ শীৰ্ষ স্থানত চেন্নাই ছুপাৰ কিংছ (CSK beats KKR in IPL)৷

নিৰ্ধাৰিত 20 অভাৰত চি এছ কেয়ে 236 ৰাণৰ এক বিশাল লক্ষ্য বান্ধি দিয়ে কে কে আৰক ৷ প্ৰথম দুই অভাৰত 1 ৰাণতে দুটা উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হোৱা কে কে আৰ দললক কিছু স্থিতি প্ৰদান কৰে ভেংকটেশ আয়াৰ আৰু অধিনায়ক নীতিশ ৰাণাই ৷ আয়াৰে 20 আৰু ৰাণাই 27 ৰাণ কৰি আউট হোৱাৰ পাচতেই দলটোৰ খেলৰ গতিৰ দ্ৰুত পৰিৱৰ্তন ঘটে (KKR Vs CSK match result) ৷

জেচন ৰয় আৰু ৰিংকু সিঙে ক্ৰীজত শ্বটৰ ধুমুহা আনে ৷ 19 টা বলতে অৰ্ধশতক অৰ্জন কৰা ৰয়ে কে কে আৰৰ বিজয়ৰ আশা উজ্জল কৰি তুলিছিল ৷ ইফালে ৰিংকু সিঙেও নিজৰ চিৰ পৰিচিত বেটিং শৈলীৰে সেই আশাক অধিক উজলাই তোলে ৷ কিন্তু 61 ৰাণ কৰি ৰয় আৰু 53 ৰাণ কৰি ৰিংকু সিং আউট হোৱাৰ পাচতে পৰাজয় নিশ্চিত হৈ পৰে কে কে আৰৰ ৷ 20 অভাৰত 8 টা উইকেট হেৰুৱাই 186 ৰাণ সংগ্ৰহ কৰে কে কে আৰে (KKR vs CSK match) ৷

টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কে কে আৰৰ ৷ চি এছ কেৰ দুই অপেনাৰ ঋতুৰাজ আৰু কনৱে’ৰ সুন্দৰ আৰম্ভণি ৷ ডেভিড কনৱে’ৰ 56, আজিংক্য ৰাহানেৰ 71 আৰু শিৱম ডুবেৰ 50 ৰাণৰ সহায়ত শক্তিশালী স্থিতিত চি এছ কে ৷ কে কে আৰক বান্ধি দিলে 236 ৰাণৰ লক্ষ্য ৷

টাটা আই পি এল 2023 ত বৰ্তমানলৈকে 6 খন খেল খেলিছে চেন্নাই ছুপাৰ কিংছে ৷ এম এছ ধোনী নেতৃত্বাধীন দলটো বৰ্তমালৈকে 4 খন খেলত জয়ী হোৱাৰ বিপৰীতে 2 খন খেলত পৰাস্ত হৈছে ৷ আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে বৰ্তমালৈকে 6 খন খেল খেলি 2 খনত জয়ী হোৱাৰ বিপৰীতে 4 খনত পৰাজয় বৰণ কৰিছে (KKR Vs CSK live updates) ৷

আই পি এল 2023 ৰ পইন্ট তালিকাত বৰ্তমান 6 8 পইন্টেৰে চি এছ কে তৃতীয় স্থানত থকাৰ বিপৰীতে 4 পইন্টেৰে তালিকাৰ অষ্টম স্থানত আছে কে কে আৰ ৷ আজিৰ খেলখনত জয়ী হোৱাতো কে কে আৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে (KKR vs CSK) ৷

কলকাতা নাইট ৰাইডাৰ্ছৰ দল: জেছন ৰয়, এন জগদিশন (উইকেট কীপাৰ), নীতিশ ৰানা (অধিনায়ক), ডেভিদ ৱেইছ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, সুনীল নাৰিনে, কে খেজৰোলিয়া, সুৱাশ শৰ্মা, বৰুণ চক্ৰৱৰ্তী, উমেশ যাদৱ (IPL 2023 live updates)।

ইমপেক্ট প্লেয়াৰ: মনদ্বীপ সিং, বৈভৱ অৰোৰা, অনুকুল ৰয়, লিটন দাস, ভেংকটেশ আয়াৰ ।

চেন্নাই ছুপাৰ কিংছ দল: ডেভন কনৱে, ঋতুৰাজ গাইকৱাদ, অজিংক্য ৰাহানে, অম্বতি ৰায়ুডু, ৰবীন্দ্ৰ জাডেজা, এম এছ ধোনি (Wk/C), শিৱম ডুবে, মইন আলী, মথিছা পাথিৰানা, তুষাৰ দেশপাণ্ডে, মহিষ থিকশানা (IPL 2023 point tables)।

ইমপেক্ট প্লেয়াৰ: আকাশ সিং, ডুৱাইন প্ৰেট’ৰিয়াছ, সুব্ৰংশু সেনাপতি, ৰাজবৰ্ধন হাংগাৰগেকাৰ, শ্বেখ ৰছিদ ।

লগতে পঢ়ক: IPL 2023 RCB Vs RR: ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 7 ৰাণত জয় ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ

Last Updated :Apr 24, 2023, 12:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.