ETV Bharat / sports

IPL GT vs DC match: গুজৰাট টাইটানছৰ বিৰুদ্ধে 5 ৰাণত জয়লাভ দিল্লী কেপিটেলছৰ

author img

By

Published : May 2, 2023, 8:25 PM IST

Updated : May 3, 2023, 12:36 AM IST

আই পি এলৰ এখন খেলত মঙলবাৰে শক্তিশালী গুজৰাট টাইটানছৰ বিৰুদ্ধে মুখামুখি হয় দিল্লী কেপিটেলছ ৷ দিল্লীৰ হাতত 5 ৰাণত পৰাস্ত হয় গুজৰাট (Gujarat Titans vs Delhi Capitals) ৷

IPL GT vs DC match
Delhi Capitals opt to bat against Gujarat Titans

নিউজ ডেস্ক, 2 মে’: সোমবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ দৰেই মঙলবাৰে দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছৰ মাজত হোৱা খেলখনটো দেখা গ’ল দুয়োটা দলৰে বেটিং বিপৰ্যয় ৷ অতিকম স্ক’ৰৰ খেলখনত 5 ৰাণথ পৰাস্ত হয় গুজৰাট টাইটানছ (Gujarat Titans vs Delhi Capitals) ৷

সোমবাৰে টছত জিকি বেটিঙৰ সিদ্ধান্ত লয় দিল্লী কেপিটেলছে ৷ কিন্তু মাত্ৰ 24 ৰাণতে 5 টাকৈ উইকেট হেৰুৱাই বিপদত পৰে ডিচি ৷ কিন্তু অক্ষৰ পেটেল আৰু অমন হাকিম খানে দিল্লীৰ খেলৰ গতি সলনি কৰে ৷ অক্ষৰে 27 আৰু অমনে 51 ৰাণ কৰে ৷ ৰিপলেও 23 ৰাণৰ বৰঙণি যোগায় ৷ 20 অভাৰত 8 টা উইকেট হেৰুৱাই 130 ৰাণ সংগ্ৰহ কৰে দিল্লী কেপিটেলছে (DC beats GT in IPL)৷

বিগত সময়ত দিল্লীতকৈ বহু শক্তিশালী প্ৰদৰ্শন দেখা গৈছে গুজৰাট টাইটানছৰ ৷ কিন্তু আজিৰ খেলখনত সকলো ওলোটা হৈ গ’ল ৷ 34 ৰাণতে চাৰিটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই বিপদত পৰে গুজৰাট টাইটানছো ৷ সাহা, গিল, মিলাৰ কোনেও ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে আজিৰ খেলত ৷ ব্যৰ্থ হয় বিজয় শংকৰো ৷ কিন্তু অধিনায়ক পাণ্ডিয়া আৰু অভিনৱ মনোহৰে গুজৰাটৰ স্ক’ৰ ব’ৰ্ড আগুৱাই নিয়ে (GT vs DC match report) ৷

কিন্তু আজি যেন ভাগ্য লগত নাছিল গুজৰাটৰ ৷ 5 ৰাণত দিল্লীৰ হাতত পৰাস্ত হয় গুজৰাট ৷ অৱশ্যে এতিয়াও 12 পইন্টেৰে তালিকাৰ শীৰ্ষত গুজৰাট টাইটানছে অৱস্থান কৰাৰ বিপৰীতে 6 পইন্টেৰে তালিকাৰ একেবাৰে শেষত আছে দিল্লী ৷ অন্তিম 6 টা স্থানত অন্তৰ্ভুক্ত হ’বলৈ হ’লে বাকী থকা পাঁচোখন খেলত জয়ী হ’ব লাগিব দিল্লী কেপিটেলছ ৷

দিল্লী কেপিটেলছ (প্লেয়িং একাদশ): ডেভিড ৱাৰ্নাৰ(C), ফিলিপ ছল্ট(W), মনীষ পাণ্ডে, ৰিলী ৰছ’, প্ৰিয়ম গাৰ্গ, অক্ষৰ পেটেল, ৰিপাল পেটেল, অমন হাকিম খান, কুলদীপ যাদৱ, অনৰিচ নৰ্টজে, ঈশান্ত শৰ্মা

গুজৰাট টাইটানছ (প্লেয়িং একাদশ): বৃদ্ধিমান সাহা(W), অভিনৱ মনোহৰ, হাৰ্দিক পাণ্ডিয়া(C), বিজয় শংকৰ, ডেভিদ মিলাৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, নূৰ আহমদ, মহম্মদ ছামী, মোহিত শৰ্মা, যশোৱা লিটল

লগতে পঢ়ক: IPL 2023 RCB Vs LSG: লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 18 ৰাণত পৰাস্ত কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে

Last Updated : May 3, 2023, 12:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.