ETV Bharat / sports

IPL 2023 LIVE : দিল্লীৰ বিৰুদ্ধে 7 উইকেটত পৰাস্ত আৰ চি বি

author img

By

Published : May 6, 2023, 8:24 PM IST

Updated : May 6, 2023, 11:23 PM IST

IPL 2023 LIVE
দিল্লীৰ বিৰুদ্ধে টছত জয়ী হৈ বেটিং আৰচিবিৰ

দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৰোমাঞ্চকৰ খেল (DC vs RCB 2023)। বেংগালুৰুক 7 উইকেটত পৰাস্ত কৰিলে দিল্লীয়ে

স্পৰ্টছ ডেস্ক, ৬ মে' : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ দিল্লী কেপিটেলছৰ ৷ প্ৰথমে বেটিং কৰি 20 অভাৰত 181 ৰাণ সংগ্ৰহ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ প্ৰত্যুত্তৰত দিল্লীয়ে 16.4 অভাৰত 3 টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ৷

দিল্লীৰ অপেনাৰ তথা অধিনায়ক ৱাৰ্ণাৰে 22 ৰাণ কৰি আউট হোৱাৰ পাচত আনজন অপেনাৰ ফিলিপ ছল্টে 87 ৰাণৰ এক অদমনীয় ইনিংছ খেলে ৷ মিচেল মাৰ্চে 26 আৰু ৰিলী ৰোচোৱে 35 ৰাণ কৰে ৷

ইয়াৰ পূৰ্বে বেটিং কৰি আৰ চি বিয়ে 20 অভাৰত 4 উইকেট হেৰুৱাই 181 ৰাণ সংগ্ৰহ কৰে ৷ অপেনাৰ কোহলীয়ে 55, ডু প্লেছিছে 45, লোমৰে 54 ৰাণৰ বৰঙণি যোগায় ৷

আৰচিবিৰ অধিনায়ক ফাফ ডু প্লেচিছে টছত জয়ী হৈ কয় যে পিটছখন শুকান যেন দেখা গৈছে আৰু নিশা কুঁৱলী নাথাকিব বুলি আশা কৰা হৈছে (RCB won toss and elect to bat)। যাৰ বাবে আৰচিবিয়ে বেটিঙৰ সিদ্ধান্ত লৈছে । টি-২০ ক্ৰিকেটত যথেষ্ট গতিৰে খেলাৰ লগতে পৰিস্থিতিবোৰ মূল্যাংকন কৰি এটা ভাল স্ক'ৰ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । ইমপেক্ট প্লেয়াৰৰ এই নতুন নিয়মে যথেষ্ট সহায় কৰিছে বুলিও তেওঁ উল্লেখ কৰে । দলটোৱে শীৰ্ষ ৪ গৰাকী বেটিঙে ভাল প্ৰদৰ্শন কৰি আছে । কেদাৰ যাদৱক দলটোত অন্তৰ্ভুক্ত কৰা হৈছে ।

দিল্লী কেপিটেলছৰ অধিনায়ক ডেভিদ ৱাৰ্ণাৰে টছৰ সময়ত কয় যে টছত জয়ী হ'লে ডিচিয়েও বেটিং কৰিলেহেঁতেন (DC vs RCB)। ঘৰুৱা ষ্টেডিয়ামলৈ দলটোৱে যথেষ্ট শক্তি, আবেগ আৰু বিশ্বাস লৈ আহিছে । দলটো যি স্থানত আছে তাৰ পৰাই নতুন যুদ্ধ আৰম্ভ হ'ব বুলিও তেওঁ উল্লেখ কৰে । আজি বৰষুণ হৈছিল সেয়ে কুঁৱলী নাথাকিব পাৰে বুলি তেওঁ আশা প্ৰকাশ কৰে । আনৰিচ নৰ্টজেৰ স্থানত মুকেশ কুমাৰ দলত অন্তৰ্ভুক্ত হৈছে ।

RCB Playing XI : বিৰাট কোহলী, ফাফ ডু প্লেচিছ (অধিনায়ক), অনুজ ৰাৱট, গ্লেন মেক্সৱেল, মহিপাল লোমৰোৰ, দিনেশ কাৰ্তিক (উইকেট কীপাৰ), কেদাৰ যাদৱ, ৱানিন্দু হাচাৰঙ্গা, কৰণ শৰ্মা, মহম্মদ চিৰাজ, জছ হেজলউড ।

DC Playing XI : ডেভিদ ৱাৰ্ণাৰ (অধিনায়ক), ফিলিপ চল্ট (উইকেট কীপাৰ), মিচেল মাৰ্শ, ৰিলি ৰছৌউ, মনীষ পাণ্ডে, আমান হাকিম খান, অক্সাৰ পেটেল, কুলদীপ যাদৱ, মুকেশ কুমাৰ, ইশান্ত শৰ্মা, খলিল আহমেদ ।

লগতে পঢ়ক :CSK vs MI: মুম্বাইৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ চেন্নাইৰ

Last Updated :May 6, 2023, 11:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.