ETV Bharat / sports

IPL 2023: আই পি এলৰ আৰম্ভণিৰ খেলত চেন্নাই চুপাৰ কিংছৰ মুখামুখি গুজৰাট টাইটানছ

author img

By

Published : Mar 31, 2023, 10:59 PM IST

আৰম্ভ হ’ল ক্ৰিকেট প্ৰেমীৰ অন্যতম প্ৰিয় টুৰ্ণামেন্ট আই পি এল ৷ এইবাৰৰ আইপিএলত আৰম্ভণিৰ খেলত মুখামুখি হৈছে চেন্নাই চুপাৰ কিংছ আৰু গুজৰাট টাইটানছ ৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন (IPL opening ceremony) ৷

IPL opening ceremony
Chennai Super Kings vs Gujarat Titans

নিউজ ডেস্ক, 31 মাৰ্চ: শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠদশ সংস্কৰণ ৷ আড়ম্বৰপূৰ্ণভাৱে আয়োজিত অনুষ্ঠানে মন্ত্ৰমুগ্ধ কৰি তোলে আই পি এল প্ৰেমীক ৷ আজিৰ প্ৰথমখন খেলত মুখামুখি হৈছে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ আৰু হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানচ ৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই খেলখন (Chennai Super Kings vs Gujarat Titans) ৷

টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে গুজৰাট দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ৷ চেন্নাইৰ হৈ প্ৰথমে বেটিং কৰিবলৈ আহে কোনৱে আৰু ৰিতুৰাজ গাইকোৱাড ৷ কিন্তু খেলৰ তৃতীয় অভাৰত চেন্নায়ে হেৰুৱাই কোনৱেৰ উইকেট ৷ মাত্ৰ এক ৰাণ কৰি মহম্মদ ছামীৰ বলত ব’ল্ড হয় কোনৱে ৷ তাৰ পাচতে বেটিং কৰিবলৈ আহে মইন আলী ৷ গাইকোৱাড আৰু মইন আলীয়ে সুন্দৰভাৱে দলৰ স্ক’ৰ আগবঢ়াই নিয়ে যদিও 5.5 অভাৰত 50 ৰাণত মইন আলীৰ উইকেটৰ পতন ঘটে (CSK vs GT match report) ৷

ছেকেণ্ড ডাউনত বেটিং কৰিবলৈ অহা বেন ষ্টকচো 7 ৰাণ কৰিয়েই পেভিলিয়নলৈ ওভতে ৷ তাৰ পাচত যথাক্ৰমে, আম্বাতি ৰাইডু, শিভম ডুবে, ৰবীন্দ্ৰ জাদেজাও মাত্ৰ কেইটামান ৰাণ কৰিয়েই পেভিলিয়নমুখী হয় ৷ 17.1 অভাৰত দলৰ ৰাণ 151 ত উপনীত হোৱাৰ সময়তে কেচ আউট হয় ৰিতুৰাজ গাইকোৱাড ৷ আইপিএল 2023 ৰ প্ৰথমখন খেলতে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা গাইকোৱাডে 50 টা বলত 4 টা বাউণ্ডেৰী আৰু 9 টা অভাৰ বাউণ্ডেৰীৰে 92 ৰাণ সংগ্ৰহ কৰে ৷

ইফালে 7 টা বলত 14 ৰাণ কৰি অপৰাজিত হৈ থাকে চেন্নাইৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ গুজৰাটৰ হৈ ছামী, ৰছিদ খান, জোছেফে 2 টাকৈ উইকেট দখল কৰে ৷ নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই চেন্নাই চুপাৰ কিংছে 178 ৰাণ সংগ্ৰহ কৰে আৰু গুজৰাট টাইটানছক 179 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (IPL live updates) ৷

ইফালে, গুজৰাট দলে খেল আৰম্ভ কৰি 37 ৰাণত অপেনাৰ ঋদ্ধিমান সাহাৰ উইকেট হেৰুৱায় ৷ 16 টা বলত 25 ৰাণ কৰি পেভিলিয়নলৈ ওভতে সাহা ৷ তাৰ পাচতেই 9.3 অভাৰত সাই সুদৰ্শনে 22 ৰাণ কৰি আউট হয় ৷ বৰ্তমানলৈকে গুভমন গীলে 50 ৰাণ আৰু হাৰ্দিক পাণ্ডিয়াই 7 ৰাণ কৰি খেলি আছে (IPL 2023 news) ৷

গুজৰাট টাইটানচ: হাৰ্দিক পাণ্ডিয়া (অ), শুভমন গিল, ঋদ্ধিমান সাহা, কেন উইলিয়ামচন, ৰাহুল টেৱাটিয়া, মহম্মদ ছামী, সাই সুদৰ্শন, বিজয় শংকৰ, ৰছিদ খান, জশোৱা লিটল, যশ দয়াল আৰু আলঝাৰি জোচেফ

চেন্নাই চুপাৰ কিংছ: দেভন কোনৱে’, জয়ন্ত যাদৱ, বেন ষ্টকচ, আম্বাতি ৰাইডু, মইন আলী, ৰবীন্দ্ৰ জাদেজা, শিৱম ডুবে, এম এছ ধোনী (অ), মিঃ ছেন্টনাৰ, দীপক চহৰ, ৰাজাবৰ্ধন

শনিবাৰে বিয়লি 3.30 বজাত মোহালিত মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু কলকাতা নাইট ৰাইডাৰছ ৷ ইফালে সন্ধিয়া 7.30 বজাত লক্ষ্ণৌত মুখামুখি হ’ব লক্ষ্ণৌ চুপাৰ জায়েন্ট আৰু দিল্লী কেপিটেলছ ৷

লগতে পঢ়ক: TATA IPL 2023 : আজিৰে পৰা আইপিএল ২০২৩, দলবোৰে মানিব লাগিব কেইবাটাও নতুন নিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.