ETV Bharat / sports

Asia Cup 2023 : ভাৰত-পাকিস্তানৰ মতানৈক্যত এছিয়া কাপক লৈ অনিশ্চয়তা

author img

By

Published : May 3, 2023, 6:10 PM IST

বিচিচিআই আৰু পিচিবিৰ মাজত অব্যাহত আছে এছিয়া কাপ ক্ৰিকেটৰ স্থানক লৈ যুঁজ । তাৰ মাজতে এই প্ৰতিযোগিতাখন পাকিস্তান আৰু ইউএইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে (Asia Cup 2023) ।

Asia Cup 2023
Asia Cup 2023

স্পৰ্টছ ডেস্ক, ৩ মে' : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (Board of Control for Cricket in India, BCCI) বিভিন্ন কাৰণত পাকিস্তান ভ্ৰমণ নকৰাৰ সন্দৰ্ভত এতিয়াও দৃঢ় হৈ আছে । সেয়া লাগিলে বিশ্বকাপেই হওক বা এছিয়া কাপ । তাৰ মাজতে ছেপ্টেম্বৰত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপ ক্ৰিকেটক লৈ এতিয়াও অচলাৱস্থা অব্যাহত আছে (Asia Cup cricket 2023 in Pakistan) ।

আনহাতে, ভাৰতে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়তে চিৰবৈৰী পাকিস্তানে এই বছৰৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ'বলগীয়া আইচিচি বিশ্বকাপ, 2023-ৰ পৰা আঁতৰি যোৱাৰ ভাবুকি প্ৰদান কৰিছে (ICC World Cup 2023) ।

উল্লেখ্য, ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে, দলটোৱে কোনো পৰিস্থিতিত পাকিস্তান ভ্ৰমণ নকৰে । আনহাতে, পাকিস্তানে এই ক্ষেত্ৰত চূড়ান্ত আক্ৰমণাত্মক প্ৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অক্টোবৰ-নৱেম্বৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া আইচিচি বিশ্বকাপৰ পৰা আঁতৰি যোৱাৰ ভাবুকি দিয়ে ।

অৱশ্যে বিচিচিআইৰ সচিব জয় শ্বাহৰ (BCCI secretary Jay Shah) নেতৃত্বত এছিয়ান ক্ৰিকেট কাউন্সিলে (Asian Cricket Council, ACC) এতিয়ালৈকে পাকিস্তানৰ এই চূড়ান্ত ভাবুকিৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই । যাৰ ফলত খেলখনৰ বাণিজ্যিক দিশটো বিঘ্নিত হোৱাৰ সম্ভাৱনাই দেখা দিছে । ইয়াৰ বিপৰীতে বিচিচিআয়ে বিষয়টো সন্দৰ্ভত অবিচলিত হৈ থকা যেন লাগিছে । আনহাতে, এছিয়া কাপৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলিও এক সূত্ৰত প্ৰকাশ (Asia cup venue controversy) ।

অৱশ্যে ইয়াৰ মাজতো অচলাৱস্থাৰ অৱসানৰ ক্ষেত্ৰত বিবেচনা কৰাৰ বাবে এতিয়াও কিছু বিকল্প আছে । যদি পৰিস্থিতিৰ উন্নয়ন নঘটে তেন্তে অৱশেষত সেইবোৰৰ মাজৰ এটা অদূৰ ভৱিষ্যতে বাস্তৱায়িত কৰিবলৈ বাধ্য । প্ৰথমতে, আগন্তুক বিশ্বকাপৰ বাবে প্ৰস্তুতিমূলক প্ৰতিযোগিতা হিচাপে গণ্য কৰা এছিয়া কাপ বাতিল কৰা । এইটোৱেই অন্তিম বিকল্প হিচাপে দেখা গৈছে । কিন্তু ইয়াৰ অৰ্থ হৈছে ৰাজহ হেৰুওৱা আৰু ক্ৰিকেট পৰিচালনা সমিতিৰ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (International Cricket Council, ICC) সৈতে মতবিৰোধ । যিয়ে ভৱিষ্যত ভ্ৰমণসূচীত প্ৰভাৱ পেলাব ।

"প্ৰতিযোগিতাখন বাতিল হোৱাৰ সম্ভাৱনা নাই, কিয়নো দুয়োখন বোৰ্ডেই বৃহৎ আৰ্থিক ক্ষতি বহন কৰিব লাগিব । লগতে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ (Pakistan Cricket Board, PCB) সাম্প্ৰতিক পৰিস্থিতিয়ে তেওঁলোকক তেনে কৰিবলৈ অনুমতি নিদিব ।" বিচিচিআইৰ সূত্ৰই আঙুলিয়াই দিয়ে । দ্বিতীয়টো হৈছে এছিয়া কাপ 'হাইব্ৰিড' মোডত অনুষ্ঠিত কৰা । ইয়াৰ অৰ্থ হৈছে পাকিস্তানে তেওঁলোকৰ খেলবোৰ ঘৰুৱা খেলপথাৰত খেলিব । আনহাতে, ভাৰতে তেওঁলোকৰ খেলবোৰ নিৰপেক্ষ স্থানত খেলিব । সেয়া সম্ভৱত সংযুক্ত আৰব এমিৰেটৰ (ইউএই) ডুবাইত হ'ব পাৰে, য'ত আইচিচিৰ মুখ্য কাৰ্যালয় আছে ।

"এই হাইব্ৰিড মোডটো এতিয়ালৈকে আটাইতকৈ সম্ভৱ বিকল্প । ই দুয়োখন দেশৰ লগতে এচিচিৰ স্বাৰ্থ সুৰক্ষিত কৰাত সহায় কৰিব । সকলো সম্ভাৱনা মিলাই দুয়োটা পক্ষই অৱশেষত ইয়াত সন্মত হ'ব বুলি আশা কৰিব পাৰি ।" নাম প্ৰকাশ নকৰাৰ চৰ্তত এক সূত্ৰই ইটিভি ভাৰতক কয় ।

অৱশ্যে হাইব্ৰিড মডেলত এটা ত্ৰুটি আছে, যাক মসৃণ কৰিব লাগিব । যদি ভাৰতে প্ৰতিযোগিতাখনৰ যিকোনো পৰ্যায়ত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে, সেয়া ফাইনেল হোৱাৰ সম্ভাৱনাই অধিক- তেন্তে খেলখন ক'ত খেলা হ'ব ? ইয়াতেই আলোচনাটোৱে এক গতিৰোধকত উপনীত হৈছে আৰু সেইটো অতি সোনকালে সমাধান কৰাৰ প্ৰয়োজন । ইফালে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ (PCB) সৈতে সংঘৰ্ষ আৰু পাকিস্তানক বাদ দি এছিয়া কাপৰ সময়ত পৃথক ৫ দেশৰ এদিনীয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ধাৰণাটো এতিয়ালৈকে অস্বীকাৰ কৰা দেখা গৈছে ।

লগতে পঢ়ক :Virat Kohli Gautam Gambhir spat : খেলৰ অন্তত কোহলী গম্ভীৰৰ তৰ্কযুদ্ধ; অসন্তুষ্ট অনিল কুম্বলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.