ETV Bharat / sports

মেন্টৰ ৰূপে কলকাতা নাইট ৰাইডাৰ্ছলৈ প্ৰত্যাৱৰ্তন গৌতম গম্ভীৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:31 PM IST

Gautam Gambhir KKR mentor
Kolkata Knight Riders

বুধবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ৰ নিলামৰ পূৰ্বে গৌতম গম্ভীৰ কেকেআৰলৈ ‘মেণ্টৰ’ হিচাপে ঘূৰি আহিব বুলি ঘোষণা কৰে কলকাতা নাইট ৰাইডাৰ্ছৰ চিইঅ’ ভেংকি মহীশূৰে । ২০২৪ চনৰ ছিজনৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলাম ১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে খেলুৱৈ ধৰি ৰখাৰ সময়সীমা ২৬ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে ।

স্প’ৰ্টছ ডেস্ক, ২২ নৱেম্বৰ: কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়া ভেংকি মহীশূৰে বুধবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ ছিজনৰ বাবে প্ৰাক্তন অধিনায়ক গৌতম গম্ভীৰ ‘মেণ্টৰ’ হিচাপে দললৈ ঘূৰি আহিব বুলি ঘোষণা কৰে ।

গৌতম গম্ভীৰ ৭ বছৰ ধৰি KKR ৰ অংশ আছিল ৷ ২০১১-১৭ চনৰ পৰা দলৰ অধিনায়ক হিচাপে আৰু সেয়া ঐতিহাসিকতকৈ কম নাছিল । গম্ভীৰৰ নেতৃত্বত দলটোৱে দুবাৰকৈ (২০১২ আৰু ২০১৪ চনত) খিতাপ দখল কৰি পাঁচবাৰ প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু ২০১৪ চনত চেম্পিয়নছ লীগ টি-২০ৰ ফাইনেলত প্ৰৱেশ কৰে ।

উভতি অহাৰ সময়ত গম্ভীয়ে কয়, ‘‘মই কোনো আৱেগিক ব্যক্তি নহয়, আৰু বহু কথাই মোক বিচলিত কৰিব নোৱাৰে । কিন্তু এইটো বেলেগ বিষয় । সেই বেঙুনীয়া আৰু সোণালী জাৰ্চী আকৌ পিন্ধাৰ কথা ভাবিলেই মোৰ মন উৎকণ্ঠাৰে ভৰি পৰে । কেৱল কে কে আৰলৈ ঘূৰি অহাই নহয় আনন্দৰ চহৰখনলৈও মই ঘূৰি আহিছো । মোৰ ভোক লাগিছে । মই ২৩ নম্বৰ । আমি কে কে আৰ ।”

কে কে আৰলৈ ঘূৰি অহা গম্ভীৰক আদৰণি জনাই বলীউডৰ তাৰকা শ্বাহৰুখ খানে কয়, "গৌতম সদায় পৰিয়ালৰ অংশ হৈ আহিছে আৰু এইবাৰ আমাৰ কেপ্তেইন "মেণ্টৰ" হিচাপে বেলেগ অৱতাৰত ঘৰলৈ উভতি আহিছে । তেওঁক বহুত মিছ কৰা হৈছিল আৰু এতিয়া আমি সকলোৱে চান্দু ছাৰ আৰু গৌতমৰ সৈতে টীম কেকেআৰক যাদু ৰচনা কৰা চাবলৈ আগ্ৰহী ৷’’

২০২৩ চনৰ ছিজনত দলটোক নেতৃত্ব দিয়া বাওঁহতীয়া বেটছমেন নীতিশ ৰাণায়ো গম্ভীৰক কেকেআৰলৈ আদৰণি জনাই পূর্বে টুইটাৰ নামেৰে পৰিচিত ‘X’ত এক বাৰ্তা প্ৰেৰণ কৰিছিল । তেওঁ লিখিছে, "ক্ৰিকেট চোৱা ল'ৰা হিচাপে মই কেতিয়াও কল্পনা কৰা নাছিলো যে মই এদিন খেলপথাৰখন শ্বেয়াৰ কৰিম আৰু মই @GautamGambhir bhai ৰ দৰে একে ৰং পিন্ধিম । এতিয়া, তেওঁ @KKRiders.ত আমাৰ গুৰু হিচাপে থকাটো কম ডাঙৰ কথা নহয় ।" তেওঁৰ নেতৃত্বই দলটোক গৌৰাম্বিত কৰিলে আৰু তেওঁৰ নিৰ্দেশনাত শিকিবলৈ আৰু কৌশল বৃদ্ধি কৰিবলৈ মই ৰৈ আছোঁ । এয়া এক অবিশ্বাস্য যাত্ৰাৰ আৰম্ভণি !"

  • As a kid watching cricket, I never imagined I'd one day share the field and wear the same colors as my idol, @GautamGambhir bhai. Now, having him as our mentor at @KKRiders is nothing short of a dream. His leadership led to glory, and I can't wait to learn and grow under his… https://t.co/xwow3Fthin

    — Nitish Rana (@NitishRana_27) November 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ফ্ৰেঞ্চাইজিৰ সহায়ক কৰ্মচাৰীৰ নেতৃত্বত আছে মুখ্য প্ৰশিক্ষক চন্দ্ৰকান্ত পণ্ডিত, লাইনআপত অভিষেক নায়াৰ, জেমছ ফষ্টাৰ, ভাৰত অৰুণ, আৰু ৰিয়ান টেন দোশাটে ।

শেহতীয়া বছৰবোৰত সাংসদ আৰু টিভি কমেণ্টেটৰ হোৱাৰ উপৰিও গম্ভীৰ এটা নতুন ফ্ৰেঞ্চাইজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অংশ আছিল । ২০২২ চনৰ ছিজনত এল এছ জিত যোগদান কৰি তেওঁ গ্ল’বেল মেণ্টৰৰ ভূমিকালৈ উন্নীত হয় । গম্ভীৰে দুবছৰ ধৰি এল এছ জিৰ মেন্টৰৰ ভূমিকা পালন কৰি আই পি এল ২০২২ সংস্কৰণত ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰিছিল । ২০২৩ চনৰ অভিযানত এল এছ জিয়ে লীগ ৰেংকিঙত তৃতীয় স্থান দখল কৰিছিল যদিও একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব পৰা নাছিল ।

লগতে পঢ়ক: বিশ্বকাপ 2023 ৰ স্মৰণীয় ঘটনাক্ৰমৰ অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.