ETV Bharat / sports

বিশ্বকাপ 2023 ৰ স্মৰণীয় ঘটনাক্ৰমৰ অৱলোকন

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:39 PM IST

বিশ্বকাপ ২০২৩ৰ সামৰণি পৰিল যদিও শ্ৰেষ্ঠ প্ৰতিযোগিতাখনে বহু স্মৃতি আৰু অভিলেখ দিছে । যদিও ভৱিষ্যতে এই অভিলেখ ভংগ হ’ব পাৰে, তথাপিও ইটিভি ভাৰতৰ প্ৰদীপ সিং ৰাৱটে বিশ্বকাপ ২০২৩ৰ অবিস্মৰণীয় কাহিনী সন্দৰ্ভত যুগুত কৰিছে এই বিশেষ প্ৰতিবেদন ।

double century by Maxwell
Most runs in a World Cup 2023

স্প’ৰ্টছ ডেস্ক, ২১ নৱেম্বৰ: আই চি চি বিশ্বকাপ ২০২৩ৰ ৪৫ দিনত অনুষ্ঠিত হোৱা ৪৮ খন খেলে ক্ৰিকেটপ্ৰেমীসকলক যথেষ্ট ৰোমাঞ্চকৰ মুহূৰ্তৰ সাক্ষী কৰি তুলিলে । এই লেখাটোত সদ্য সমাপ্ত বিশ্বকাপত অভিলেখ সৃষ্টিকাৰী তথা ৰোমাঞ্চকৰ হৈ পৰা ক্ৰিকেট খেলপথাৰৰ কিছুমান স্মৰণীয় মুহূৰ্ত সন্দৰ্ভত আলোকপাত কৰা হৈছে । এই কাহিনীবোৰে আশ্চৰ্যৰ পৰা সুখানুভূতিলৈকে বহু আৱেগ সৃষ্টি কৰিব ।

মেক্সৱেলৰ অনবদ্য দ্বিশতক: এদিনীয়া খেলত এতিয়ালৈকে ১৩টা দ্বিশতক অৰ্জন কৰা হৈছে । কিন্তু ২০২৩ চনৰ বিশ্বকাপত ৭ নৱেম্বৰত মুম্বাইৰ আইকনিক ৱাংখেড়ে ষ্টেডিয়ামত গ্লেন মেক্সৱেলে ধুমুহাৰ সৃষ্টি কৰিছিল । আফগানিস্তানে ২৯২ ৰানৰ লক্ষ্য বান্ধি দিয়াৰ পিছত অষ্ট্ৰেলিয়াই ৯১ ৰাণতে ৭ টা উইকেট হেৰুৱাইছিল যদিও মেক্সৱেলে মেচখন নিজৰ দখললৈ লৈ গৈছিল মাত্ৰ ১২৮টা বলত অপৰাজিত ২০১ ৰান সংগ্ৰহ কৰি ৷ পৰাজয় নিশ্চিত মেচখনত মেক্সৱেল অষ্ট্ৰেলিয়াৰ বাবে ত্ৰাণকৰ্তা ৰূপে ক্ৰীজত অৱতীৰ্ণ হৈছিল ।

তেওঁৰ পূৰ্বে সকলো দ্বিশতক অ’পেনাৰসকলে অৰ্জন কৰিছিল যদিও মেক্সৱেলে ছয় নম্বৰত বেটিং কৰিবলৈ আহি দ্বিশতকৰ সহায়ত অসম্ভৱ খেল এখনত অষ্ট্ৰেলিয়াৰ বিজয় সম্ভৱ কৰি তোলে । ক্ৰেম্পৰ সৈতে যুঁজি থকা মেক্সৱেলে কেৰিয়াৰৰ ৫০ অভাৰৰ ফৰ্মেটৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ খেলিছিল । তেওঁ এককভাৱে দলটোক বিজয়ী কৰালে আৰু অৱশেষত অষ্ট্ৰেলিয়া ষষ্ঠবাৰলৈ বিশ্ব চেম্পিয়ন হ’ল ।

আটাইতকৈ দ্ৰুত শতক: আফগানিস্তানৰ বিৰুদ্ধে এক চমৎকাৰ প্ৰদৰ্শনকে ধৰি ২০২৩ চনৰ বিশ্বকাপত গ্লেন মেক্সৱেলে ৯ ইনিংছত ৪০০ ৰান সংগ্ৰহ কৰে । অৱশ্যে নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলখনত আৰু এবাৰ নিজৰ মেধা প্ৰমাণ কৰিলে অলৰাউণ্ডাৰগৰাকীয়ে । তেওঁ সংস্কৰণটোৰ আটাইতকৈ দ্ৰুততম শতকটো মাত্ৰ ৪০টা বলত অৰ্জন কৰে । দক্ষিণ আফ্ৰিকাৰ আইডেন মাৰ্ক্ৰামেও শ্ৰীলংকাৰ বিৰুদ্ধে খেলখনত এটা ফাইন ন’ক ৰচনা কৰি ৪৯ টা বলত ১০০ ৰানৰ সীমাত উপনীত হয় ।

শ্বামীৰ আশ্বৰ্য: ভাৰতীয় বলিঙৰ মানদণ্ডৰ বাবে এই প্ৰতিযোগিতাখন সদায় স্মৰণীয় হৈ থাকিব । ২০২৩ চনৰ বিশ্বকাপ ভাৰতীয় বলিঙৰ বাবেও স্মৰণীয় হৈ থাকিব । বিশেষকৈ প্ৰথম চাৰিখন মেচত প্লেইং একাদশৰ অংশও নাছিল সেই বলাৰজন । অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হোৱাত দলত স্থান লাভ কৰে পেচাৰ মহম্মদ শ্বামীয়ে । মাত্ৰ ৭ খন খেলত ২৪টা উইকেট দখল কৰি শ্বামীয়ে অগ্ৰণী উইকেট দখলকাৰী হিচাপে বিশ্বকাপৰ অন্ত পেলায় । তিনিখন মেটত পাঁচটা উইকেট দখলৰ সন্মানৰ লগতে আৰু এখন মেচত চাৰি উইকেট দখল কৰে শ্বামীয়ে ৷ নিউজীলেণ্ডৰ বিৰুদ্ধে তেওঁ বিধ্বংসী ৰূপ ধাৰণ কৰে । ৱাংখেড়েত প্ৰথমখন ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে তেওঁৰ ৭ টা উইকেট দখল এদিনীয়াত এজন ভাৰতীয় বলাৰৰ সৰ্বোত্তম প্ৰদৰ্শন কৰে ৷

বিশ্বকাপত সৰ্বাধিক ৰান: বিগত ২০ বছৰ ধৰি ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰ বিশ্বকাপৰ একক সংস্কৰণত সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল । কিন্তু এতিয়া এই অভিলেখৰ গৰাকী তাৰকা বেটাৰ বিৰাট কোহলী। এই বিশ্বকাপত কোহলীয়ে ১১ টা ইনিংছত ৭৬৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ২০০৩ চনৰ বিশ্বকাপত শচীন তেণ্ডুলকাৰে ১১ ইনিংছত ৬৭৩ ৰান সংগ্ৰহ কৰিছিল । দুয়োগৰাকী খেলুৱৈয়ে নিজ নিজ সংস্কৰণত প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ।

কোহলীৰ ৫০ টা এদিনীয়া শতক: বিৰাট কোহলীয়ে এদিনীয়া কেৰিয়াৰত ৫০টা শতক সম্পূৰ্ণ কৰি বিশ্বকাপক স্মৰণীয় কৰি তুলিলে । তেওঁ প্ৰথমে কলকাতাত নিজৰ আদৰ্শ শচীন তেণ্ডুলকাৰৰ ৪৯টা এদিনীয়া শতকৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰে ৷ তাৰ পিছত তেণ্ডুলকাৰৰ ঘৰুৱা খেলপথাৰ ৱাংখেড়ে ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে ৫০ সংখ্যক শতকটো অৰ্জন কৰে । এই বিশ্বকাপত বিৰাট কোহলীয়ে তিনিটা শতক আৰু ৬টা অৰ্ধশতক অৰ্জন কৰে ।

সৰ্বোচ্চ ৰান সংগ্ৰহকাৰীৰ ভিতৰত ৪ ভাৰতীয় বেটছমেন: এই বিশ্বকাপত বিৰাট কোহলী আছিল সৰ্বাধিক ৰান সংগ্ৰহকাৰী । যদি আমি ১০ জন বেটছমেনৰ তালিকাখন চাওঁ, যিয়ে এই বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে, তেন্তে সাতজন বেটছমেন আছে, যিয়ে ৫০০ ৰানৰ ওপৰত ৰান সংগ্ৰহ কৰিছে । শীর্ষ ১০ ৰ ভিতৰত চাৰিগৰাকী ভাৰতীয় বেটছমেন- বিৰাট কোহলী (৭৬৫ ৰান), ৰোহিত শৰ্মা (৫৯৭ ৰান), শ্ৰেয়াছ আয়েৰ (৫৩০ ৰান) আৰু কে এল ৰাহুল (৪৫২ ৰান) ।

প্ৰথম ‘টাইম আউট’: ১৪৬ বছৰীয়া ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন বেটছমেনক ‘টাইম আউট’ ঘোষণা কৰা হয় এই বিশ্বকাপতে । ৬ নৱেম্বৰত বিশ্বকাপ ২০২৩ৰ ৩৮ সংখ্যক মেচত শ্ৰীলংকাৰ অল ৰাউণ্ডাৰ এঞ্জেলো মেথিউজক বাংলাদেশৰ বিৰুদ্ধে খেলত ‘টাইম আউট’ দিয়া হৈছিল । নিৰ্ধাৰিত দুমিনিটৰ আগতেই মেথিউজে ক্ৰীজত উপনীত হৈছিল যদিও প্ৰথম বলৰ সন্মুখীন হোৱাৰ আগতেই তেওঁ বুজি পাইছিল যে তেওঁৰ হেলমেটৰ ষ্ট্ৰিপটো ভাঙি গৈছে আৰু তেওঁ নতুন হেলমেট এটা বিচাৰিছিল । ইফালে বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে আম্পায়াৰৰ ওচৰত টাইম আউটৰ বাবে আবেদন জনায় আৰু মেথিউজক টাইম আউট দিয়া হয় । এই সিদ্ধান্তই খেলৰ মনোভাৱক লৈ বহু বিতৰ্কৰ সৃষ্টি কৰিছিল ।

অষ্ট্ৰেলিয়া পুনৰ চেম্পিয়ন: ষষ্ঠবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ দলটোৱে খিতাপ দখল কৰে । এতিয়ালৈকে খেলা ১৩খন বিশ্বকাপৰ ভিতৰত প্ৰতিখন দ্বিতীয় বিশ্বকাপত অষ্ট্ৰেলিয়াই জয় লাভ কৰিছে । ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱা অষ্ট্ৰেলিয়াই বিশ্বকাপ জয়ৰ হেট্ৰিক অৰ্জন কৰিছে। ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭, ২০১৫ আৰু এতিয়া ২০২৩ চনত অষ্ট্ৰেলিয়াই বিশ্বকাপ জয় কৰিছে । ইফালে অষ্ট্ৰেলিয়াৰ দলটোৱে আঠবাৰ ফাইনেলত প্ৰৱেশ কৰিছে ।

দক্ষিণ আফ্ৰিকা আকৌ এবাৰ শ্বাসৰুদ্ধ হৈ পৰিল: নিষেধাজ্ঞাৰ পিছত ১৯৯২ চনত ক্ৰিকেট খেলপথাৰলৈ উভতি অহা দক্ষিণ আফ্ৰিকাৰ দলটোৱে সদায় বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হৈ আহিছে যদিও কেতিয়াও জয়ী হোৱা নাই । প্ৰতিবাৰৰ দৰে এইবাৰো টেম্বা বাভুমাৰ নেতৃত্বত ছেমিফাইনেলত নক আউট হয় প্ৰ’টিয়াৰ্ছ বাহিনী । কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাই ২১২ ৰানত পতন ঘটাই পুনৰবাৰ চ’কাৰ বুলি প্ৰমাণিত হয় । ১৯৯২ চনৰ পৰা দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৯ খন বিশ্বকাপৰ অংশ হৈ পাঁচবাৰ ছেমি ফাইনেল আৰু দুবাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ খালী হাতেৰে উভতি আহিছে ৷ আনহাতে দলটোৱে দুবাৰকৈ গ্ৰুপ পৰ্যায়ৰ পৰা আঁতৰি আহিছে । ১৯৯২ চনত ছেমি ফাইনেল মেচত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল যদিও ১৯৯৯, ২০০৭ আৰু ২০২৩ চনত অষ্ট্ৰেলিয়াই নকআউট পৰ্যায়ত তেওঁলোকক পৰাস্ত কৰিছিল আৰু ২০১৫ চনত নিউজীলেণ্ডৰ দলটোৱে দক্ষিণ আফ্ৰিকাৰ যাত্ৰাৰ অন্ত পেলাইছিল ।

বেছিভাগ শতক: এই বিশ্বকাপত সৰ্বাধিক শতক অৰ্জন কৰা হৈছিল ৪০ টা । মুঠ ২৬ জন বেটছমেনে শতক অৰ্জন কৰিছিল । ২০১৯ চনৰ বিশ্বকাপত ২০ জন বেটছমেনে ৩১ টা শতক অৰ্জন কৰাৰ বিপৰীতে ২০১৫ চনৰ বিশ্বকাপত ৩৮ টা শতক অৰ্জন কৰিছিল । চলিত বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককে সৰ্বাধিক চাৰিটা শতক অৰ্জন কৰিছিল । আনহাতে নিউজীলেণ্ডৰ যুৱ বেটছমেন ৰচিন ৰবিন্দ্ৰ আৰু ভাৰতৰ বিৰাট কোহলীয়ে তিনিটাকৈ শতক অৰ্জন কৰে ।

ছিক্সাৰৰ বৰষুণ: এই বিশ্বকাপত পূৰ্বৰ যিকোনো প্ৰতিযোগিতাতকৈ অধিক ছিক্সাৰ কোবোৱা দেখা গ’ল । ২০২৩ চনৰ বিশ্বকাপৰ ৪৮ খন মেচত ৬৪৪ টা ছয় কোবোৱা হয় । একে সংখ্যক মেচত ২০১৯ চনৰ বিশ্বকাপৰ সময়ত ৩৫৭ টা ছয় কোবোৱা হৈছিল । ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই এই বিশ্বকাপত সৰ্বাধিক ৩১টা ছয় সংগ্ৰহ কোবাই, যিটো এতিয়া বিশ্বকাপত সৰ্বাধিক ছয় সংগ্ৰহৰ এক নতুন অভিলেখ । শ্ৰেয়াছ আয়াৰ (২৪), ডেভিদ ৱাৰ্নাৰ (২৪), গ্লেন মেক্সৱেল (২২), আৰু ডেৰিল মিচেলে (২২) ছয়ৰ সংখ্যা বলাৰসকলৰ বাবে এক দুঃস্বপ্ন আছিল । দক্ষিণ আফ্ৰিকাৰ দলটোৱে প্ৰতিযোগিতাখনত সৰ্বাধিক ৯৯ টা ছয় সংগ্ৰহ কৰে । দ্বিতীয় স্থানত অষ্ট্ৰেলিয়া (৯৭), তৃতীয় স্থানত ভাৰত (৯২) আৰু চতুৰ্থ স্থানত নিউজীলেণ্ড (৮২)।

চাৰিৰ অভিলেখ: ২০১৯ চনৰ বিশ্বকাপত মুঠ ১৯৮৩ টা চাৰি সংগ্ৰহ কৰা হৈছিল । কিন্তু এই সংস্কৰণত ইয়াক অতিক্ৰম কৰি মুঠ ২,২৪১ টা বাউণ্ডেৰী স্ক’ৰ কৰা হয় । বিৰাট কোহলীয়ে সৰ্বাধিক ৬৮ টা চাৰি কোবায় । আনহাতে ৰোহিত শৰ্মাই ৬৬ টা, কুইণ্টন ডি ককে ৫৭ আৰু ৰাচিন ৰবিন্দ্ৰই ৫৫ টা চাৰি সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে সৰ্বাধিক ২৮৭ টা চাৰি, ভাৰতীয় বেটছমেনসকলে ২৭৮ টা চাৰি, নিউজীলেণ্ডৰ দলটোৱে ২৬৬টা আৰু দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২৪৩টা চাৰি কোবায় ৷

বিশ্বকাপ অৱ আপছেটছ: ক্ৰিকেট বিশ্বকাপ আৰু আপছেটছ একেলগে চলি থাকে । বিশ্বকাপ ২০২৩তো এনে বিচলিততাৰ বাবে স্মৰণীয় হৈ থাকিব । এই বিশ্বকাপ জয়ৰ প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত ইংলেণ্ডক আফগানিস্তানে ৬৯ ৰাণত পৰাস্ত কৰি স্তম্ভিত কৰি পেলায় । ইয়াৰ পাছতে চেন্নাইৰ চেপাউকত অনুষ্ঠিত এই বিশ্বকাপত জায়ান্ট কিলাৰ আফগানিস্তানে পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰে । প্ৰতিযোগিতাখনৰ আটাইতকৈ দুৰ্বল বুলি বিবেচিত নেদাৰলেণ্ড দলটোৱে পুনৰবাৰ বিচলিত কৰি দক্ষিণ আফ্ৰিকাক ৩৮ ৰানত পৰাস্ত কৰে ।

আফগানিস্তানে হৃদয় জয় কৰিলে: আফগানিস্তানে এই বিশ্বকাপক স্মৰণীয় কৰি তুলিলে । আফগানিস্তানে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াই প্ৰতিযোগিতাখনত ৪খন মেচত জয়লাভ কৰি তিনিটা বিশ্বকাপ বিজয়ী দলক পৰাস্ত কৰে । আফগানিস্তানে ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকা আৰু নেদাৰলেণ্ডক পৰাস্ত কৰে । পইণ্ট টেবুলত ষষ্ঠ স্থানত আছে আফগানিস্তানৰ দল । পাকিস্তানৰ দলটোৱে নেট ৰানৰ হাৰ উন্নত হোৱাৰ বাবে চাৰিখন মেচত জয়লাভ কৰি পঞ্চম স্থানত থিয় দিছিল ।

প্ৰতিটো দলে দুবাৰকৈ জয়লাভ কৰে: বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দলে কমেও দুখন মেচত জয়লাভ কৰিছে । বাংলাদেশ, শ্ৰীলংকা আৰু নেদাৰলেণ্ডে দুখনকৈ মেচত জয়লাভ কৰি অষ্টম, নৱম আৰু দশম স্থানত থিয় দিছে । ইয়াৰ পূৰ্বে ১৯৯২ চনৰ বিশ্বকাপত ৯টা দলে অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিটো দলে কমেও এখন খেলত জয়লাভ কৰিছিল । জিম্বাব’ৱে এখন মেচত জয়লাভ কৰি পইণ্ট তালিকাৰ তলত আছিল ।

ৰাণৰ পাহাৰ সদৃশ টাৰ্গেট: এই বিশ্বকাপত দলসমূহে ৰাণৰ পাহাৰৰ দৰে টাৰ্গেট লাভ কৰিছিল । দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাৰ বিৰুদ্ধে ৫০ অভাৰত ৪২৮ ৰান সংগ্ৰহ কৰে, যিটো বিশ্বকাপত এতিয়ালৈকে যিকোনো দলে সংগ্ৰহ কৰা সৰ্বাধিক মুঠ ৰান । ইয়াৰ উপৰিও ভাৰতে নেদাৰলেণ্ডৰ বিৰুদ্ধে বৃহৎ মুঠ স্ক’ৰ কৰিছিল আৰু বেংগালুৰুত পাকিস্তানৰ বিৰুদ্ধেও নিউজিলেণ্ডে ৪০০ ৰানৰ সীমা ভংগ কৰিছিল । বিশ্বকাপত প্ৰথমবাৰৰ বাবে তিনিবাৰকৈ ৪০০ ৰানৰ সীমা অতিক্ৰম কৰিলে । অৱশ্যে এইবাৰ দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই ৩৯৯ ৰান আৰু ভাৰতে ৩৯৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ পূৰ্বে ২০১৫ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াই আফগানিস্তানৰ বিৰুদ্ধে ৪১৭ ৰান আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই ৪১১ ৰান সংগ্ৰহ কৰিছিল । ২০০৭ চনৰ বিশ্বকাপত বাৰ্মুডাৰ বিৰুদ্ধে ভাৰতে ৪১৩ ৰান সংগ্ৰহ কৰিছিল ।

এখন মেচত সৰ্বাধিক ৰান: বিশ্বকাপৰ এখন খেলত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখো এইবাৰ ভংগ হ’ল । এই বিশ্বকাপত দুটা ইনিংছত ৭৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰা হৈছিল । ২০২৩ চনৰ ২৮ অক্টোবৰত ধৰ্মশালাৰ এইচ পি চি এ ষ্টেডিয়ামত মুঠ ৭৭১ ৰান সংগ্ৰহ কৰা হয় । প্ৰথমে খেলি থকা অৱস্থাত অষ্ট্ৰেলিয়াই ৩৮৮ ৰান আৰু তাৰ পিছত লক্ষ্য খেদি যোৱাৰ সময়ত নিউজীলেণ্ডে ৩৮৩ ৰান সংগ্ৰহ কৰে । একেদৰে ৭ অক্টোবৰত দক্ষিণ আফ্ৰিকাই দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি ৪২৮ ৰান সংগ্ৰহ কৰে ৷ তাৰ পিছত শ্ৰীলংকাই ৩২৬ ৰান সংগ্ৰহ কৰি অল আউট হয় ।এই মেচখনত মুঠ ৭৫৪ ৰান সংগ্ৰহ কৰা হয় । ভাৰতেও ছেমি ফাইনেলত ৩৯৭ ৰান সংগ্ৰহ কৰাৰ লগতে নিউজীলেণ্ডে ৩২৭ ৰানত অল আউট হয় । সেই মেচত ৭২৪ ৰান সংগ্ৰহ কৰা হৈছিল ।

আটাইতকৈ ডাঙৰ ব্যৱধানত জয়: এই বিশ্বকাপত দুটা দলে ৩০০ ৰানৰ ব্যৱধানত জয়লাভ কৰে । ২৫ অক্টোবৰত ৰাষ্ট্ৰীয় ৰাজধানীত অষ্ট্ৰেলিয়াই নেদাৰলেণ্ডক ৩০৯ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল । অষ্ট্ৰেলিয়াই ৩৯৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নেদাৰলেণ্ডক ৯০ ৰানত বাণ্ডল আউট কৰে । ২ নৱেম্বৰত মুম্বাইৰ আইকনিক ৱাংখেড়ে ষ্টেডিয়ামত ভাৰতে শ্ৰীলংকাক ৩০২ ৰানৰ ব্যৱধানত পৰাস্ত কৰে । ভাৰতে ৩৫৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শ্ৰীলংকা ৫৫ ৰানত অল আউট হয় । বিশ্বকাপৰ ইতিহাসত আজিলৈকে কোনো দলেই ৩০০ ৰানৰ ব্যৱধানত জয়ী হোৱা নাছিল ।

সৰ্বাধিক সফল ৰান চেজ: এইবাৰ বিশ্বকাপত সৰ্বাধিক সফল ৰান চেজৰ অভিলেখো গঢ় লৈ উঠিছিল আৰু ১০ অক্টোবৰত হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত এই অভিলেখ লাভ কৰা হৈছিল । শ্ৰীলংকাই নিৰ্ধাৰিত ৫০ অভাৰত ৩৪৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে পাকিস্তানে ৪৮.২ অভাৰত ৩৪৫ ৰান সংগ্ৰহ কৰি ৬ উইকেটত জয়লাভ কৰে । এই মেচখনত দুয়োটা দলৰ পৰা দুটা-দুটা শতক অর্জন কৰা হয় ৷ মহম্মদ ৰিজৱানে ১৩১ ৰানৰ ইনিংছ খেলি পাকিস্তানৰ হৈ খেলখন জয় কৰে ৷ ইয়াৰ পূৰ্বে ২০১১ চনৰ বিশ্বকাপত আটাইতকৈ সফল ৰান চেজৰ অভিলেখ গঢ়িছিল যেতিয়া আয়াৰলেণ্ডে ইংলেণ্ডৰ ৩২৮ ৰানৰ লক্ষ্য অভাৰহ’ল কৰি সকলোকে আচৰিত কৰিছিল ।

এটা উইকেটত জয়: এম এ চিদাম্বৰম ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ মাজত হোৱা খেলখনো স্মৰণীয় আছিল । এই খেলখনত দক্ষিণ আফ্ৰিকাই মাত্ৰ এটা উইকেটত জয়লাভ কৰে । এতিয়ালৈকে অনুষ্ঠিত হোৱা মুঠ ১৩টা বিশ্বকাপৰ ভিতৰত মাত্ৰ এটা উইকেটত এটা দলে খেলখনত জয়লাভ কৰা ঘটনা মাত্ৰ ৭ বাৰহে হৈছে ।

টীম ইণ্ডিয়াই লীগৰ সকলো খেলতে জয়লাভ কৰে: টীম ইণ্ডিয়া বিশ্ব চেম্পিয়ন নহ’ল যদিও এই বিশ্বকাপত লীগৰ সকলো মেচত জয়ী হৈ ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে সমতা স্থাপন কৰিলে । বিশ্বকাপত লীগৰ ৯খন খেলৰ আটাইকেইখনতে জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছিল ভাৰত । ইয়াৰ পূৰ্বে ২০১৫ চনৰ বিশ্বকাপত ভাৰত আৰু নিউজীলেণ্ডে ছয়খন খেলতে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । ২০১৫ চনতো ভাৰতীয় দলটোৱে পইণ্ট টেবুলত এক নম্বৰ স্থানত থাকি নিজৰ যাত্ৰাৰ অন্ত পেলাইছিল । ২০০৭ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াই ৯ খন খেলতে জয়লাভ কৰিছিল ।

ৱেষ্ট ইণ্ডিজ অবিহনে বিশ্বকাপ: ১৯৭৫ চনত আৰম্ভ হোৱা বিশ্বকাপত এইবাৰ প্ৰথমবাৰৰ বাবে ৱেষ্ট ইণ্ডিজ এই প্ৰতিযোগিতাৰ অংশ নাছিল । দুটা এদিনীয়া বিশ্বকাপ, দুটা টি-২০ বিশ্বকাপ আৰু এটা চেম্পিয়নছ ট্ৰফী জয় কৰা দলটোৱে ২০২৩ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে । আশা কৰা হৈছে যে ২০২৭ চনত যেতিয়া আফ্ৰিকা মহাদেশত বিশ্বকাপ অনুষ্ঠিত হ’ব, সেই দলটোক ক্ৰিকেট খেলপথাৰত আকৌ এবাৰ একে ৰঙেৰে দেখা যাব ।

লগতে পঢ়ক: বিশ্বকাপত পৰাজয়; ভাৰতীয় বেটচমেনৰ বেটিং বিশ্লেষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.