ETV Bharat / sports

আইপিএল 2020 : বেংগালুৰৰ বিৰুদ্ধে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ৰাজস্থানৰ

author img

By

Published : Oct 3, 2020, 3:57 PM IST

আইপিএল 2020 ৰ 15 সংখ্যক মেচত ৰাজস্থান ৰয়েলছৰ মুখামুখি হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ ৰাজস্থানৰ ৷

আইপিএল 2020
বেংগালুৰৰ বিৰুদ্ধে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ৰাজস্থানৰ

স্পৰ্টছ ডেস্ক, 3 অক্টোবৰ : আইপিএল 2020 ৰ 15 সংখ্যক মেচত ৰাজস্থান ৰয়েলছৰ মুখামুখি হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান দলে ৷ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত মেচত অংকিত ৰাজপুতৰ স্থানত ৰাজস্থানৰ হৈ স্থান লাভ কৰিছে মহিপাল লোমোৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুয়ো দলে তিনিখনকৈ মেচত অৱতীৰ্ণ হৈছে আৰু দুখনকৈ মেচত জয় লাভ কৰি 4 পইন্টকৈ সংগ্ৰহ কৰিছে ৷

ইয়াৰ পূৰ্বৰ মেচত ৰাজস্থানে কলকাতাৰ বিৰুদ্ধে 37 ৰাণত পৰাস্ত হৈছিল ৷ আনহাতে, মুম্বাইৰ বিৰুদ্ধে এক ৰোমাঞ্চকৰ মেচত জয়ী হৈছিল বেংগালুৰ ৷

বৰ্তমানলৈকে ৰাজস্থানে 4 অ'ভাৰত দুটাকৈ উইকেট হেৰুৱাই 31 ৰাণ সংগ্ৰহ কৰিছে ৷ জছ বাটলাৰে 22 আৰু ষ্টিভেন স্মিথে 5 ৰাণ সংগ্ৰহ কৰি উইকেট হেৰুৱায় ৷ বৰ্তমান সঞ্জু ছেমচনে 4 আৰু ৰবীন উত্থাপাই কোনো ৰাণ নকৰাকৈ বেটিং কৰি আছে ৷ বেংগালুৰৰ হৈ ইছুৰু ওদানা আৰু নৱদ্বীপ ছাইনীয়ে এটাকৈ উইকেট দখল কৰিছে ৷

স্কোৱাড :

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ : দেৱদত্ত পাডিক্কাল, এৰন ফিন্স, বিৰাট কোহলী, এবিডি ভিলিয়াৰ্ছ, শিৱম ডুবে, গুৰকিৰত সিং মান, ৱাশ্বিংটন সুন্দৰ, ইছুৰু ওদানা, নৱদ্বীপ ছাইনী, আদাম জাম্পা, য়ুজবেন্দ্ৰ চাহাল ৷

ৰাজস্থান ৰয়েলছ : জছ বাটলাৰ, ষ্টিভেন স্মিথ, সঞ্জু ছেমচন, ৰবীন উত্থাপা, ৰিয়ান পৰাগ, ৰাহুল তেৱাটিয়া, টম কাৰান, শ্ৰেয়াস গোপাল, জফ্ৰা আৰ্চাৰ, মহিপাল লোমোৰ, জয়দেৱ উনাদকাত ৷

লগতে পঢ়ক : আইপিএল 2020 : আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.