ETV Bharat / sports

টেষ্ট ৰেংকিঙৰ শীৰ্ষ বেটছমেনৰ তালিকাৰ চতুৰ্থ স্থানত কোহলী

author img

By

Published : Jun 17, 2021, 1:49 PM IST

৮৯১ পইণ্টৰ সৈতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক স্মিথ হৈছে বৰ্তমান বিশ্বৰ এক নম্বৰ টেষ্ট বেটছমেন আনহাতে উইলিয়ামছন এতিয়া ৮৮৬ পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে । ৮১৪ পইণ্টৰ সৈতে কোহলীয়ে ইংলেণ্ডৰ অধিনায়ক জ' ৰুটক স্থানচ্যুত কৰে ।

test rankings
টেষ্ট ৰেংকিঙৰ শীৰ্ষ বেটছমেনৰ তালিকাৰ চতুৰ্থ স্থানত কোহলী

স্প’ৰ্টছ ডেস্ক,১৭ জুন: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেলৰ পূৰ্বে আইচিচি(ICC) টেষ্টৰ বেটিং ৰেংকিঙত এটা স্থান আগবাঢ়ি চতুৰ্থ স্থানলৈ উন্নীত ভাৰতৰ অধিনায়ক বিৰাট কোহলী । আনহাতে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক পিছ পেলাই শীৰ্ষ স্থানত উন্নীত হয় অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ । ৮৯১ পইণ্টৰ সৈতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক স্মিথ হৈছে বৰ্তমান বিশ্বৰ এক নম্বৰ টেষ্ট বেটছমেন আনহাতে উইলিয়ামছন এতিয়া ৮৮৬ পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে ।

৮১৪ পইণ্টৰ সৈতে কোহলীয়ে ইংলেণ্ডৰ অধিনায়ক জ' ৰুটক স্থানচ্যুত কৰে । বৰ্তমান জ' ৰুট ৭৯৭ পইণ্টৰ সৈতে পঞ্চম স্থানত আছে । তালিকাৰ শীৰ্ষ ১০ টা স্থান লাভ কৰা আৰু দুগৰাকী ভাৰতীয় ক্ৰমে উইকেটকিপাৰ বেটছমেন ঋষভ পন্ত আৰু ৰোহিত শৰ্মা । ৭৪৭ পইণ্ট লাভ কৰি যুটীয়াভাৱে দুয়োগৰাকী খেলুৱৈ আছে ষষ্ঠ স্থানত আছে । ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত প্লেয়িং ইলেভেনৰ পৰা বাদ পৰাৰ বাবে উইলিয়ামছনে ৰেংকিঙৰ শীৰ্ষ স্থান হেৰুৱায় ।

ইফালে টেষ্টৰ বলিং(Bowling) ৰেংকিঙত ৰবিচন্দ্ৰন অশ্বিন হৈছে শীৰ্ষ-১০ ৰ একমাত্ৰ ভাৰতীয় । ৮৫০ পইণ্টৰ সৈতে অশ্বিন আছে ২ নম্বৰত । অষ্ট্ৰেলিয়াৰ পেট কামিন্সে ৯০৮ পইণ্টৰ সৈতে বলিং অৰ্ডাৰৰ শীৰ্ষ স্থানত আছে । টেষ্টৰ অলৰাউণ্ডাৰ ৰেংকিঙত(test allrounder ranking) ৰবীন্দ্ৰ জাদেজা ৩৮৬ পইণ্ট আৰু অশ্বিনে ৩৫৩ পইণ্টৰ সৈতে ক্ৰমান্বয়ে দ্বিতীয় আৰু চতুৰ্থ স্থান দখল কৰি আছে । ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জেচন হোল্ডাৰে ৪১২ পইণ্টৰ সৈতে ৰেংকিঙৰ প্ৰথম স্থান দখল কৰি আছে ।

লগতে পঢ়ক: ইউৰো ২০২০: স্কটলেণ্ডৰ বিৰুদ্ধে পেত্ৰিক শ্চিকৰ দুটা গ’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.