ETV Bharat / sports

চহৰ-ভূৱনেশ্বৰৰ দুৰ্দান্ত বেটিঙেৰে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ ভাৰতৰ

author img

By

Published : Jul 21, 2021, 10:13 PM IST

Updated : Jul 22, 2021, 10:00 AM IST

india won against sri lanka
শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ ভাৰতৰ

শ্ৰীলংকা (Sri Lanka)ৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত (ODI) জয়লাভ ভাৰতীয় দলৰ ৷ দীপক চহৰ (Deepak Chahar) আৰু ভূৱনেশ্বৰ কুমাৰ (Bhuvneswar Kumar)ৰ পাৰ্টনাৰশ্বিপে খেলখনক জয়ৰ চূড়ান্ত পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হয় ৷

স্পৰ্টছ ডেস্ক, 21 জুলাই : ডুৰহামত শ্ৰীলংকা (Sri Lanka)ৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত(ODI) জয়লাভ কৰিছে ভাৰতীয় দলটোৱে ৷ বিৰাট কোহলী (Virat Kohli)ৰ পৰিৱৰ্তে শিখৰ ধৱন (Shikhar Dhawan)ৰ নেতৃত্বত খেলা হৈছিল শৃংখলাটো ৷ BCCIয়ে টুইটাৰযোগে শ্বেয়াৰ কৰা এটি ভিডিঅ’ত জয়ৰ অন্তত ভাৰতীয় দলটোৰ উল্লাস পৰিলক্ষিত হৈছে ৷ BCCIয়ে কেপচনত লিছিছে, ‘‘যেতিয়া ভাৰতীয় দলটোৱে কলম্বোত বিজয় উদযাপন কৰে ৷ (When #TeamIndia in Durham cheered for #TeamIndia in Colombo. From dressing room, dining room and on the bus, not a moment of this memorable win was missed. #SLvIND.)

শৃংখলাটোৰ দ্বিতীয়খন মেচত দীপক চহৰে (Deepak Chahar) ভাৰতীয় দলৰ বিজয়ত বৰঙণি আগবঢ়াই ৷ চহৰ আৰু কুমাৰে যুটীয়াভাৱে(Partnership)ৰে 84 ৰাণ সংগ্ৰহ কৰি শ্ৰীলংকাক পৰাস্ত কৰে ৷ প্ৰথম অৱস্থাত ভাৰতৰ ৰাণৰ মাত্ৰা বহু কম আছিল যদিও অৱশেষত চহৰে ভাল প্ৰদৰ্শন কৰি দলটোক জয়ী কৰাবলৈ সক্ষম হয় ৷

ভাৰতৰ এই বিজয়ত অধিনায়ক বিৰাট কোহলীয়ে দলটোক প্ৰশংসা কৰে ৷ এক কঠিন পৰিস্থিতিত দলটোৱে কৰা প্ৰয়াসক টুইটযোগে প্ৰশংসা কৰে কোহলীয়ে ৷

ইয়াৰ লগতে যুৱৰাজ সিং, ৰোহিত শৰ্মাকে ধৰি সকলো ক্ৰিকেটাৰ আৰু অনুৰাগীয়ে ভাৰতীয় দলটোক প্ৰশংসাৰে উপচাই পেলায় ৷ খেলখন জিকিবলৈ শেষৰ অ’ভাৰটোত 16 ৰাণৰ প্ৰয়োজন আছিল ভাৰতীয় দলটোক ৷ দীপক চহৰ আৰু ভূৱনেশ্বৰ কুমাৰৰ পাৰ্টনাৰশ্বিপে অৱশেষত জয়ৰ দিশলৈ লৈ যায় ভাৰতক ৷ শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে 2-0 পইণ্টত আগবাঢ়ি আছে ৷

লগতে পঢ়ক : বুকুত অজুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

Last Updated :Jul 22, 2021, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.