ETV Bharat / sports

তৃতীয়খন এদিনীয়াত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ভাৰতৰ

author img

By

Published : Jul 23, 2021, 7:30 PM IST

India won the toss and decided to bat against Sri Lanka in 3rd ODI
তৃতীয় এদিনীয়া শৃংখলাত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল'লে ভাৰতে

শুকুৰাবাৰে ভাৰত বনাম শ্ৰী লংকাৰ তৃতীয়খন এদিনীয়াৰ টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্ৰিকেট দলে । শিখৰ ধৱনৰ নেতৃত্বত শ্ৰীলংকাক পৰাস্ত কৰিবলৈ সাজু হৈছে দলটো । ভাৰতে ইতিমধ্যে দুখন খেলত জয় লাভ কৰিছে ।

স্পৰ্টছ ডেস্ক, ২৩ জুলাই: কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত হৈছে ভাৰত বনাম শ্ৰী লংকাৰ তৃতীয় তথা অন্তিমখন এদিনীয়া । ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত খেলখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্ৰিকেট দলে । ভাৰতীয় দলৰ অধিনায়ক শিখৰ ধৱনে এদিনীয়া শৃংখলাৰ চূড়ান্ত খেলত শ্ৰীলংকাক পৰাজিত কৰিবলৈ খেল পথাৰত নামিছে ।

চূড়ান্ত খেল সন্দৰ্ভত দাচুন শনাকাই কয় যে, দলত এইবাৰ প্ৰবীণ জয়ৱিক্ৰমা, আকিলা দানঞ্জয়া আৰু ৰমেশ মেণ্ডিছৰ অন্তৰ্ভুক্তি হৈছে । তেওঁ লগতে কয় যে, তেওঁ ভাৱে তেওঁলোক এই মুহূৰ্তত সঠিক পথত আছে আৰু জয়ৰ বাবে যোৱাটো গুৰুত্বপূৰ্ণ । শ্ৰীলংকাৰ দলত আছে আবিষ্কা ফাৰ্নাণ্ডো, মিনোদ ভানুকা, ভানুকা ৰাজপাক্ষা, ধনঞ্জয়া ডি চিলভা, চৰিথ আছালংকা, দাচুন শনাকা, ৰমেশ মেণ্ডিছ, চমিকা কৰুণাৰতনে, আকিলা দানঞ্জয়া, দুষ্মন্ত চামিৰা, প্ৰবীণ জয়ৱিক্ৰমা ।

ভাৰতীয় দলত আছে পৃথ্বী শ্ব', শিখৰ ধৱন, সঞ্জু চেমচন, মনীষ পাণ্ডে, সূৰ্যকুমাৰ যাদৱ, নীতিশ ৰাণা, হাৰ্দিক পাণ্ডিয়া, কৃষ্ণাপ্পা গৌথম, ৰাহুল চাহাৰ, নৱদীপ চাইনী, চেতন সাকাৰিয়া । উল্লেখ্য যে, ভাৰতে ইতিমধ্যে দুখন খেলত জয় লাভ কৰিছে ।

লগতে পঢ়ক:Tokyo Olympics : প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত লাভলীনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.