ETV Bharat / sports

India beat England in Womens Under 19: অনুৰ্ধ-১৯ৰ বিশ্বকাপৰ প্ৰথম সংস্কৰণত ভাৰতৰ ইতিহাস

author img

By

Published : Jan 29, 2023, 9:00 PM IST

India beat England in Womens Under 19
অনুৰ্ধ-১৯ৰ বিশ্বকাপৰ প্ৰথম সংস্কৰণত ভাৰতৰ ইতিহাস

আইচিচি মহিলা অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলৰ প্ৰথম সংস্কৰণত জয়লাভ কৰি ইতিহাস ৰচনা টীম ইণ্ডিয়াৰ ৷ ইংলেণ্ডক সাত উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ খিতাপ দখল ভাৰতীয় মহিলা দলৰ(India VS England under 19 T20 worlds cup ) ৷

স্পৰ্টছ ডেস্ক, ২৯ জানুৱাৰী: আইচিচি মহিলা অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত ভাৰতে ইংলেণ্ডক সাত উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ খিতাপ দখল কৰে । টীম ইণ্ডিয়াই অনুৰ্ধ-১৯ৰ বিশ্বকাপৰ প্ৰথম সংস্কৰণত জয়লাভ কৰি ইতিহাস ৰচনা কৰে(India beat England in Womens Under 19) । ইংলেণ্ডে প্ৰথমে বেটিং কৰি ভাৰতৰ সন্মুখত ৬৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷ ইয়াৰ পাছত টীম ইণ্ডিয়াই বেটিং কৰি সাত উইকেট ইংলেণ্ডক হৰুৱাই মেচখন নিজৰ নামত কৰিবলৈ সক্ষম হয়( ICC Women’s U19 T20 World Cup ) ।

দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেল খেলখনত ভাৰতে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । ইংলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ আহি অতি শোচনীয় প্ৰদৰ্শন কৰে ৷ ভাৰতৰ হৈ তিতাস সাধুৱে প্ৰথমটো উইকেট দখল কৰে ৷ খেলখনৰ চতুৰ্থ বলতে ইংলেণ্ডৰ লিবাৰ্টি হেপক (০) সাধুৱে পেভিলিয়নলৈ ঘূৰাই পঠায় । সাধুৱে নিজৰ বলত লিবাৰ্টিৰ কেচটো ধৰিছিল । ইয়াৰ পিছত, অধিনায়ক গ্ৰেছ আৰু ফিওনা হ'লেণ্ডে ইংলেণ্ডৰ হৈ ইনিংছ বঢ়াইছিল ৷ কিন্তু চতুৰ্থ অভাৰত অৰ্চনা দেৱীয়ে দুয়োৰে উইকেট দখল কৰে ৷ গ্ৰেছে চাৰি আৰু হ'লেণ্ডে ১০ ৰাণ সংগ্ৰহ কৰিছিল(India VS England under 19 T20 worlds cup) ।

১৬ ৰাণত তিনিটা উইকেট হেৰুওৱাৰ পিছত, ইংলেণ্ডৰ দলটো চাপৰ সন্মুখীন হয় আৰু ইয়াৰ সুযোগ লৈ ভাৰতীয় বলাৰসকলে নিয়মীয়া ব্যৱধানত উইকেট দখল কৰে । ইংলেণ্ডৰ ২২ ৰাণৰ চতুৰ্থটো উইকেট হেৰুৱায় । চেৰেন তিতাস সাধুৰ বলত ক্লিন বোল্ড হৈছিল । ইয়াৰ পিছত, চাৰিছ পাৱেল আৰু মেকডনাল্ডে ১৭ ৰাণৰ অংশীদাৰীত্ব কৰে । পাৱলী আউট হোৱাৰ লগে লগে ইংলেণ্ডৰ আধা দল পেভিলিয়নলৈ উভতি আহে ।

অৱশেষত ইংলেণ্ডৰ মহিলা দলটোৱে ৬৮ ৰাণতে খেলখন সামৰিবলৈ বাধ্য হয় ৷ ইংলেণ্ডৰ হৈ মেকডনাল্ডে সৰ্বাধিক ১৯ ৰাণ সংগ্ৰহ কৰিছিল । এলেক্সা ষ্টোনহাউচ আৰু চফিয়াই ক্ৰমে ১১ ৰাণ সংগ্ৰহ কৰিছিল । ইফালে ভাৰতৰ হৈ তিতাস সাধু, অৰ্চনা দেৱী আৰু পাৰ্শ্বৱী চোপ্ৰাই দুটাকৈ উইকেট দখল কৰে । আনহাতে মান্নাত কাশ্যপ, শফালী বাৰ্মা আৰু সোণম যাদৱে এটাকৈ উইকেট লাভ কৰে ।

শফালি বাৰ্মা, ৰিচা ঘোষ আৰু শ্বেতা চেহৰাৱতৰ দৰে তাৰকা খেলুৱৈৰে পৰিপূৰ্ণ টীম ইণ্ডিয়াৰ বাবে ৬৯ ৰাণৰ লক্ষ্য অতি সহজ আছিল ৷ কিন্তু ইংলেণ্ডৰ বলাৰসকলে সুন্দৰ আৰম্ভণি কৰিছিল । ভাৰতীয় ইনিংছৰ তৃতীয় অভাৰত অধিনায়ক শ্বেফালী ১৫ ৰাণত আউট হয় । পৰৱৰ্তী অভাৰত শ্বেতা শ্বেৰাৱতো পাঁচ ৰাণত আউট হয় । ২০ ৰাণত ভাৰতে তেওঁলোকৰ দুজন অতি গুৰুত্বপূৰ্ণ বেটছমেনৰ উইকেট হেৰুৱায় । শ্বেতা এই টুৰ্ণামেণ্টত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল ৷ আনহাতে শ্বাফালী তৃতীয় স্থানত আছে ।

ভাৰতে ততাতৈয়াকৈ দুটা উইকেট হেৰুৱাৰ পাছত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৷ কিন্তু সৌম্য তিৱাৰী আৰু গংদি তৃষাৰ যুটিটোৱে এক সুন্দৰ অংশীদাৰীত্ব গঢ়ি তোলে । দুয়োজনে তৃতীয় উইকেটৰ বাবে ৪৬ ৰাণৰ অংশীদাৰীত্ব কৰে । অৱশ্যে, গংদি তৃষা ভাৰতৰ বিজয়ৰ ঠিক আগতে আউট হয় । তেওঁ ২৯ টা বলত ২৪ ৰাণ সংগ্ৰহ কৰিছিল । শেষত, সৌম্য তিৱাৰীয়ে মেচখন সমাপ্ত কৰে । তেওঁ ৩৭ টা বলত অপৰাজিত ২৪ ৰাণ সংগ্ৰহ কৰিছিল । ভাৰতৰ হৈ সৌম্য তিৱাৰী আৰু তৃষাই সৰ্বাধিক ২৪ ৰাণ সংগ্ৰহ কৰে । শ্বেফালীয়ে ১৫ ৰাণ সংগ্ৰহ আৰু শ্বেতাই ৫ ৰাণ সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ হেনা বেকাৰ, গ্ৰেছ স্ক্ৰিভেনছ আৰু এলেক্সা ষ্টোনহাউছে এটাকৈ উইকেট দখল কৰে(INDIA VS England under 19 T20 worlds cup final ) ।

লগতে পঢ়ক: Indian tennis star Sania Mirza: কেৰিয়াৰৰ অন্তিম গ্ৰেণ্ডশ্লাম ফাইনেলত পৰাস্ত হৈ ভাবুক ছানিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.