ETV Bharat / sports

India vs West Indies 3rd ODI : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়া হ'ব সূৰ্যকুমাৰৰ অন্তিম সুযোগ

author img

By

Published : Jul 31, 2023, 12:15 PM IST

India vs West Indies 3rd ODI
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়া হ'ব সূৰ্যকুমাৰৰ অন্তিম সুযোগ

ত্ৰিনিদাদ আৰু টোবাগোৰ টাৰুবাত ৱেষ্ট ইণ্ডিজৰ সৈতে ভাৰত মুখামুখি হ'ব । মিডল অৰ্ডাৰ বেটছমেন সূৰ্যকুমাৰ যাদৱে ভাল প্ৰদৰ্শন দেখুৱাব পৰা নাই । যাৰ বাবে তেওঁৰ এয়া অন্তিম সুযোগ হ'ব । তৃতীয় মেচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে এদিনীয়া দলৰ পৰা বাহিৰ হ'ব সূৰ্যকুমাৰ !

স্পৰ্টছ ডেস্ক, ৩১ জুলাই : ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি আছে এদিনীয়া শৃংখলা । দুখন মেচত দুয়োটা দলে এখনকৈ খেলত জয়ী হৈছে । আনহাতে মঙলবাৰে ত্ৰিনিদাদ আৰু টোবাগোৰ টাৰুবাত দুয়োটা দল নিৰ্ণায়ক মেচৰ বাবে খেলপথাৰত নামিব । কিন্তু তাৰ প্ৰাকক্ষণত ভাৰতীয় বেটছমেন সূৰ্যকুমাৰ যাদৱৰ ফৰ্মক লৈ বিভিন্ন মহলত চৰ্চা চলিছে । এদিনীয়া দলৰ পৰা তেওঁ বাদ দিয়া হ'ব বুলিও বহুতে সন্দেহ কৰিছে ।

ভাৰতৰ প্ৰাক্তন অপেনাৰ ৱাছিম জাফৰে সন্দেহ কৰা মতে মঙলবাৰৰ খেলখনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যদি সূৰ্যকুমাৰ যাদৱে ভাল প্ৰদৰ্শন কৰিব নোৱাৰে, তেতিয়া মধ্যক্ৰমৰ বেটছমেনজনক এদিনীয়া দলৰ পৰা বাদ দিয়া হ'ব পাৰে । এয়া তেওঁৰ এদিনীয়া কেৰিয়াৰৰ বাবে শেষ সুযোগ হিচাপেও প্ৰমাণিত হ'ব পাৰে ।

উল্লেখ্য যে, মঙলবাৰে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত এদিনীয়া শৃংখলাৰ অন্তিমখন খেল অনুষ্ঠিত হ'ব । য'ত ভাৰতে যিকোনো প্ৰকাৰে জয়ী হ'বলৈ চেষ্টা কৰিব কিয়নো দলটোৱে দ্বিতীয়খন মেচ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি হেৰুৱাইছে সেয়ে এই মেচখনতো অধিক পৰীক্ষা-নিৰীক্ষা কৰি শৃংখলাটো হেৰুওৱাব নিবিচাৰিব ।

সূৰ্যকুমাৰ যাদৱে তেওঁৰ ৩৬০ ডিগ্ৰী ষ্ট্ৰোকপ্লেৰে টি-২০ ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । যাৰ বাবে বৰ্তমান তেওঁক টি-২০ ফৰ্মেটত ভাৰতীয় দলৰ উপ-অধিনায়ক হিচাপেও দায়িত্ব দিয়া হৈছে । কিন্তু তেওঁ এদিনীয়া ক্ৰিকেটত নিজৰ ফৰ্ম ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩ খন খেলত প্ৰথম বলতে আউট হোৱা সূৰ্যকুমাৰ যাদৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়াত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা নাই । আনকি তেওঁ নিৰ্বাচক আৰু দল পৰিচালনাৰ আত্মবিশ্বাস বজাই ৰাখিব পৰা কোনো ইনিংছো খেলিব পৰা নাই ।

প্ৰথম এদিনীয়াত, তেওঁ বাওঁহাতৰ স্পীনাৰ গুডাকেশ মতিৰ বল চুইপ কৰাৰ সময়তে ১৯ ৰাণত এলবিডব্লিউ আউট হয় । শনিবাৰে দ্বিতীয় এদিনীয়াত, মতিৰ বলতে ২৪ ৰাণত আউট হয় । ২৫ খন এদিনীয়াত, সূৰ্যকুমাৰৰ গড় ষ্ট্ৰাইক ৰেট মাত্ৰ ২৩.৮, যাৰ ভিতৰত আছে দুটা অৰ্ধশতক । এনে পৰিস্থিতিত, প্ৰাক্তন খেলুৱৈ জাফৰে অনুভৱ কৰিছে যে সূৰ্যকুমাৰে এদিনীয়া খেলিবলৈ প্ৰয়োজনীয় ধৈৰ্য বিকাশ কৰিবলৈ সক্ষম হোৱা নাই ।

জাফৰৰ মতে সঞ্জু চেমছনক দ্বিতীয় এদিনীয়াত ৩ নম্বৰত বেটিং কৰাৰ সুযোগ দিয়া উচিত আছিল । চেমছন প্ৰথম এদিনীয়াত প্লেয়িং ১১ত নাছিল আৰু দ্বিতীয় এদিনীয়াত লেগ স্পীনাৰ য়ানিক কেৰিয়াৰ বলত মাত্ৰ ৯ ৰাণত আউট হয় ।

লগতে পঢ়ক :Rahul Dravid: ৰোহিত, বিৰাটক বিশ্ৰাম দিয়াৰ সন্দৰ্ভত স্পষ্টীকৰণ মুখ্য প্ৰশিক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.