ETV Bharat / sports

শৃংখলাত সমতা অৰ্জনৰ লক্ষ্যৰে বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব টীম ইণ্ডিয়া

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 12:41 PM IST

শৃংখলাত সমতা অৰ্জনৰ লক্ষ্যৰে বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব টীম ইণ্ডিয়া
শৃংখলাত সমতা অৰ্জনৰ লক্ষ্যৰে বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব টীম ইণ্ডিয়া

India vs SA 2nd Test : দক্ষিণ আফ্ৰিকাৰ ভূমিত খেলা দুখন টেষ্ট মেচ শৃংখলাৰ অন্তিমখন মেচত ডিন এলগাৰৰ প্ৰটিয়াছ বনাম ৰোহিত শৰ্মাৰ মেন ইন ব্লুৰ মাজত শৃংখলা দখল আৰু সমতা স্থাপনৰ যুঁজ হ'ব । শৃংখলাটো জয় কৰি এক ঐতিহাসিক ভ্ৰমণ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰামধেনু দেশত উপনীত হোৱা ভাৰতীয় দলটোৱে সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও অন্তিম টেষ্টত জয়েৰে শৃংখলাটোত সমতা স্থাপন কৰিব বিচাৰিব ।

স্পৰ্টছ ডেস্ক, ২ জানুৱাৰী : দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলা জয়ৰ সপোন প্ৰথমখন টেষ্টতে ইনিংছ ব্যৱধানত পৰাজয়ৰ পিছত অসম্পূৰ্ণ হৈ ৰৈছে ভাৰতৰ । ইয়াৰ বিপৰীতে এতিয়া ভাৰতীয় দলটোৱে বুধবাৰৰ পৰা নিউলেণ্ডছত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় টেষ্টত আয়োজক দলৰ বিৰুদ্ধে জয়লাভেৰে শৃংখলাটোত সমতা স্থাপনৰ লক্ষ্য ৰাখিব ।

অৱশ্যে বিশ্বৰ আটাইতকৈ মনোৰম খেলপথাৰসমূহৰ ভিতৰত অন্যতম নিউলেণ্ডছ ভাৰতৰ বাবে এক দুঃস্বপ্ন । কিয়নো টীম ইণ্ডিয়াই এই মনোৰম স্থানত খেলা ছয়খন টেষ্ট মেচতে পৰাস্ত হৈছে ।

যদি ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে এই অনাকাংক্ষিত অভিলেখ ভংগ কৰিবলগা হয়, তেন্তে মুম্বাইকাৰে দলটোক সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব আৰু তেওঁ বেটত ৰাণ পাব লাগিব ।

চেঞ্চুৰিয়ানৰ ছুপাৰস্পৰ্ট পাৰ্কত দক্ষিণ আফ্ৰিকাৰ দুৰ্দান্ত বলিং আক্ৰমণৰ বিৰুদ্ধে ভাৰতীয় বেটছমেনসকল বিফল হ'বলগা হয় । অৱশ্যে তেওঁলোকৰ বাবে একমাত্ৰ ভাল কথাটো হৈছে যে কেপটাউনত তেওঁলোকে পেচাৰ গেৰাল্ড কোয়েটজীৰ বিষাক্ত স্পেলৰ পৰা ৰেহাই পাব । কিয়নো আঘাতৰ বাবে তেওঁ দলৰ পৰা বাহিৰ হৈছে ।

কিন্তু চেঞ্চুৰিয়নত বলিঙত অগ্নি বৰষা বাঁওহতীয়া পেচাৰ নান্দ্ৰে বাৰ্গাৰ আৰু সোঁহাতীয়া পেচাৰ কাচিগো ৰাবাডাই পুনৰ এবাৰ কেপটাউনতো কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব । কিয়নো তাত পিটছে ছিমাৰসকলক সহায় কৰে । সেয়ে লুঙ্গি এনগিডিৰ আক্ৰমণৰ সৈতে দক্ষিণ আফ্ৰিকাৰ পেচ বেটাৰীয়ে ভাৰতীয় বেটাৰসকলক পুনৰবাৰ বিপদত পেলাব পাৰে ।

কিন্তু সেয়া প্ৰতিহত কৰিবলৈ কে এল ৰাহুলক বাদ দি প্ৰথম টেষ্টত নিকৃষ্টভাৱে আত্মসমৰ্পণ কৰা ভাৰতীয় বেটছমেনসকলে একেলগে সাৰ পাব লাগিব আৰু স্ক'ৰ বোৰ্ডত ৰাণ সংখ্যা যোগ কৰিব লাগিব । শুভমন গিল, যশস্বী জয়ছোৱাল, তাৰকা বেটাৰ বিৰাট কোহলী, শ্ৰেয়স আয়াৰৰ দৰে খেলুৱৈয়ে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিব লাগিব । তেতিয়াহে ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষকৰ নেতৃত্বত দলটোৱে শৃংখলাটোত সমতা স্থাপন কৰিবলৈ আগবাঢ়িব পাৰিব ।

উল্লেখ্য যে বিৰাট কোহলীয়ে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত অৰ্ধশতক অৰ্জন কৰিছিল আৰু তেওঁ য'ত এৰিছিল তাৰ পৰাই নিজৰ ইনিংছ আৰম্ভ কৰিবলৈ বিচাৰিব লাগিব ।

প্ৰথম টেষ্টত একমাত্ৰ কে এল ৰাহুলেহে সন্মান ৰক্ষা কৰিছিল । তেওঁ এক ষ্ট্ৰোক-পূৰ্ণ শতক অৰ্জন কৰিছিল আৰু পৰৱৰ্তী মেচতো তেওঁ এই ধাৰা অব্যাহত ৰাখিব লাগিব । তেওঁক পুনৰবাৰ উইকেটৰ পিছত দেখা যাব বুলি আশা কৰা হৈছে । ইয়াৰ অৰ্থ হৈছে কে এছ ভাৰতে পুনৰ ৰিজাৰ্ভ বেঞ্চত বহিয়ে কটাব লাগিব ।

আনহাতে, বলিঙৰ ক্ষেত্ৰত অভিষেক মেচত প্ৰভাৱিত কৰিব নোৱাৰা প্ৰসিদ্ধ কৃষ্ণই বেঞ্চত বহি থকাৰ সম্ভাৱনা অধিক । তেওঁৰ ঠাইত মধ্যপ্ৰদেশৰ ছিমাৰ আৱেশ খানে টেষ্ট অভিষেক কৰাৰ সম্ভাৱনা আছে ।

মহম্মদ ছামীৰ স্থানত ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত হোৱা আৱেশে এদিনীয়া আৰু টি-২০ত ভাৰতৰ হৈ খেলিছে । যদি বুধবাৰে তেওঁ মূল একাদশত স্থানলাভ কৰে, তেন্তে ইন্দোৰৰ স্পীডষ্টাৰগৰাকীৰ বাবে এয়া এক বিশেষ মুহূৰ্ত হ'ব ।

ভাৰতীয় দল পৰিচালনাৰ আন এক সম্ভাৱ্য পৰিৱৰ্তন হ'ল যে তেওঁলোকে অভিজ্ঞ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক বিশ্ৰাম দিয়াৰ সম্ভাৱনা আছে । তেওঁৰ ঠাইত বাঁওহতীয়া স্পিনাৰ ৰবীন্দ্ৰ জাদেজাক খেলাব পাৰে । কিয়নো জাদেজাৰ বেটেৰে ৰাণ সংগ্ৰহ কৰাৰ সামৰ্থ্যও কামত আহিব পাৰে ।

ইয়াৰ উপৰি উপ-অধিনায়ক তথা পেচ আক্ৰমণৰ নেতৃত্ব বহন কৰা যশপ্ৰীত বুমৰাহে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব লাগিব । মেন ইন ব্লুৱে চমৎকাৰ ফৰ্মত থকা আৰু আৰম্ভণি টেষ্টত ১৮৫ ৰাণ সংগ্ৰহ কৰা অধিনায়ক ডিন এলগাৰক ৰাণৰ বাবে ক্ষুধাতুৰ কৰিব লাগিব । ইয়াৰ বাবে বুমৰাহক মহম্মদ চিৰাজ আৰু শাৰ্দুল ঠাকুৰৰ সমৰ্থনৰ প্ৰয়োজন হ'ব ।

আনহাতে, দক্ষিণ আফ্ৰিকাৰ আন বেটিং লাইন আপ তুলনামূলকভাৱে অনভিজ্ঞ আৰু সেয়েহে ডিন এলগাৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব । তেওঁ কেৰিয়াৰৰ অন্তিখন টেষ্ট মেচ খেলিব । কিয়নো তেওঁ ইতিমধ্যে অৱসৰ ঘোষণা কৰিছে ।

কিন্তু দক্ষিণ আফ্ৰিকাই পৰিৱৰ্ত অধিনায়ক ডিন এলগাৰৰ কেৰিয়াৰ এক বিশেষ উচ্চতাত সমাপ্ত কৰিবলৈ হোৱাইটৱাশ্বৰ লক্ষ্য ৰাখিবলৈ আগ্ৰহী হ'ব । আনহাতে, ভাৰতীয় দলটোৱে হেৰুওৱা গৌৰৱ উদ্ধাৰ কৰিবলৈ আৰু শৃংখলাটোত সমতা স্থাপন কৰিবলৈ খেলিব ।

পিছে ভাৰতে অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত দুৰ্গ 'গাব্বা' ভংগ কৰাৰ দৰে মেন ইন ব্লুৱে নিউলেণ্ডছ দুৰ্গ ভাঙিব পাৰেনে নোৱাৰে সেয়া কেৱল সময়হে ক'ব । মেচখন ভাৰতীয় সময় মতে দুপৰীয়া ২ বজাত আৰম্ভ হ'ব ।

দল দুটা

ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেটৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, ৰবীন্দ্ৰ জাদেজা, শ্ৰীকৰ ভৰত, অভিমন্যু ঈশ্বৰণ, মুকেশ কুমাৰ, আৱেশ খান ।

দক্ষিণ আফ্ৰিকা : ডিন এলগাৰ (অধিনায়ক), এডেন মাৰ্ক্ৰাম, টনি ডি জৰ্জি, কিগান পিটাৰছেন, কাইল ভেৰেইন (উইকেটৰক্ষক), ট্ৰিষ্টান ষ্টাবছ (উইকেটৰক্ষক), নান্দ্ৰে বাৰ্গাৰ, মাৰ্কো য়ানচেন, ৱিয়ান মুল্ডাৰ, গেৰাল্ড কোয়েটজি, কেশৱ মহাৰাজ, কাগিচো ৰাবাডা, লুঙ্গি এনগিডি, ডেভিদ বেডিংহাম ।

লগতে পঢ়ক :অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৰমনপ্ৰীত বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.