ETV Bharat / sports

বিশাখাপট্টনমত প্ৰথমখন T-20ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2 উইকেটত জয়লাভ ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:48 PM IST

Updated : Nov 23, 2023, 10:57 PM IST

IND vs AUS 1st T20I
ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন T-20

বৃহস্পতিবাৰে বিশাখাপট্টনমৰ এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক 2 উইকেটত পৰাস্ত কৰে ৷ 19.5 অভাৰত 8টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ভাৰতীয় দলটো ৷

স্পৰ্টছ ডেস্ক, 23 নৱেম্বৰ : অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত, এদিনীয়া বিশ্বকাপৰ পিছত তুলনামূলকভাৱে যুৱ তথা নতুন মুখৰ ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে বিশাখাপট্টনমৰ এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন T-20 মেচত 2 উইকেটত জয়লাভ কৰে ৷ টছত জিকি ভাৰতীয় দলটোৱে প্ৰথম বলিঙৰ সিদ্ধান্ত লয় ৷

209 ৰাণৰ লক্ষ্য আগত লৈ ভাৰতে 19.5 অভাৰত 8 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ দলৰ হৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱে সাৰ্বাধিক 80 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ইশান কিষণে 58 ৰাণ সংগ্ৰহ কৰে ৷ যশস্বী জয়ছোৱালে 8 টা বলতে সংগ্ৰহ কৰে 21 ৰাণ ৷ ৰিংকু সিঙে 14 টা বলত 22 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷

অষ্ট্ৰেলিয়াৰ হৈ টানবীৰ সাংঘাই সাৰ্বাধিক 2টা উইকেট দখল কৰে ৷ শ্বীন এবট, জেছন বেহৰেণ্ডৰ্ফ আৰু মেথিউ শ্বৰ্টে 1 টাকৈ উইকেট দখল কৰে ৷

ইফালে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি অষ্ট্ৰেলিয়াই নিজৰ ইনিংছ আৰম্ভ কৰি নিৰ্দ্ধাৰিত 20 অভাৰত 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 208 ৰাণ ৷ দলৰ হৈ জ’ছ ইংলিছে সাৰ্বাধিক 110 ৰাণ সংগ্ৰহ কৰে ৷ ষ্টিভেন স্মিথে সংগ্ৰহ কৰে 52 ৰাণ ৷ ভাৰতৰ হৈ ৰবি বিষ্ণোই আৰু প্ৰসিদ্ধ কৃষ্ণই দখল কৰে 1 টাকৈ উইকেট ৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-২০ শৃংখলাৰ বাবে ভাৰতীয় দলটোৰ বেছিভাগেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আপেক্ষিক নতুন খেলুৱৈৰে গঠিত আৰু এই খেলুৱৈসকলৰ বহুতেই এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী দলৰ অংশও আছিল ৷ T-২০ বিশ্বকাপ 2024 লৈ মাত্ৰ ছমাহ বাকী থকাৰ বাবে দল পৰিচালনা আৰু নিৰ্বাচকসকলে এই খেলুৱৈসকলৰ ওপৰত তীব্ৰ দৃষ্টি ৰাখিব ৷

আনহাতে অষ্ট্ৰেলিয়াই নিয়মীয়া অধিনায়ক পেট কামিন্স, মিচেল ষ্টাৰ্ক, জ’ছ হেজেলউড, আডাম জাম্পা, ডেভিদ ৱাৰ্নাৰকে ধৰি কেইজনমান গুৰুত্বপূৰ্ণ খেলুৱৈক জিৰণি দিয়াৰ সিদ্ধান্ত লৈছে ৷ এই চিৰিজত চৰ্চাত থাকিব বাওঁহাতৰ বেটছমেন ট্ৰেভিছ হেড যি এদিনীয়া বিশ্বকাপৰ ফাইনেলত মেন অৱ দ্য মেচৰ সন্মান লাভ কৰিছিল আৰু তেওঁৰ শতকেৰে অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিছিল ৷

উল্লেখ্য যে, এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হৈ খিতাপ দখলৰ পৰা বঞ্চিত হোৱাৰ লগতে দলৰ জ্যেষ্ঠ খেলুৱৈৰ অনুপস্থিতিত ভাৰতীয় দলটোৱে এই চিৰিজত কেনেধৰণৰ প্ৰদৰ্শন আগবঢ়াই সেইয়া লক্ষ্যণীয় হ’ব ৷

ভাৰত প্লেয়িং একাদশ: ঋতুৰাজ গাইকোৱাদ, যশস্বী জয়ছোৱাল, ঈশান কিষাণ (উইকেট কীপাৰ), সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বৰ্মা, ৰিংকু সিং, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, অৰ্শদীপ সিং, মুকেশ কুমাৰ, প্ৰসিদ্ধ কৃষ্ণ ৷

অষ্ট্ৰেলিয়াৰ প্লেয়িং একাদশ: মেথিউ শ্বৰ্ট, ষ্টিভেন স্মিথ, জ’ছ ইংলিছ, এৰন হাৰ্ডি, মাৰ্কাছ ষ্ট’ইনিছ, টিম ডেভিদ, মেথিউ ৱেড (অধিনায়ক/উইকেট কীপাৰ), শ্বীন এবট, নাথান এলিছ, জেছন বেহৰেণ্ডৰ্ফ, টানবীৰ সাংঘা ৷

লগতে পঢ়ক : খেলপথাৰত ৬ বছৰৰ বাবে নিষিদ্ধ হ’ল ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ মাৰ্লন চেমুৱেলছ

Last Updated :Nov 23, 2023, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.