ETV Bharat / sports

খেলপথাৰত ৬ বছৰৰ বাবে নিষিদ্ধ হ’ল ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ মাৰ্লন চেমুৱেলছ

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 4:57 PM IST

আইচিচিয়ে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ মাৰ্লন চেমুৱেলছক ৬ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে । চেমুৱেলছে অৱসৰৰ কথা ঘোষণা কৰিছে যদিও আইচিচিয়ে তেওঁক নিষিদ্ধ কৰিছে । আকৌ আহিব বিচাৰিলেও তেওঁৰ বাবে সেয়া সম্ভৱ নহ’ব ।

Marlon Samuels banned for six years
Marlon Samuels banned for six years

স্প’ৰ্টছ ডেস্ক, ২৩ নৱেম্বৰ: ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন খেলুৱৈ মাৰ্লন চেমুৱেলছক এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ দুৰ্নীতি বিৰোধী সংহিতা উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰাৰ পিছত ছবছৰৰ বাবে সকলো ধৰণৰ ক্ৰিকেট খেলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এই তথ্য প্ৰদান কৰে ।

  • Marlon Samuels has been banned from all cricket for 6 years after he was found guilty of breaching the Emirates Cricket Board Anti Corruption Code. pic.twitter.com/Q0VDIKMUEl

    — Johns. (@CricCrazyJohns) November 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আইচিচিৰ বিবৃতিত কোৱা হৈছে যে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত আইচিচি ইচিবি সংহিতাৰ অধীনত নিৰ্দিষ্ট দুৰ্নীতি বিৰোধী বিষয়াই অভিযোগনামা দাখিল কৰাৰ পিচত চেমুৱেলছক চলিত বৰ্ষৰ আগষ্ট মাহত ন্যায়াধিকৰণে চাৰিটা অপৰাধত দোষী সাব্যস্ত কৰিছিল । আই চি চিৰ এইচ আৰ এণ্ড ইনটিগ্ৰিটি ইউনিটৰ মুৰব্বী এলেক্স মাৰ্শ্বলে কয় যে চেমুৱেলছে প্ৰায় দুটা দশক ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল, এই সময়ছোৱাত তেওঁ কেইবাটাও দুৰ্নীতি বিৰোধী অধিবেশনত অংশগ্ৰহণ কৰিছিল । তেওঁ জানিছিল দুৰ্নীতি বিৰোধী সংহিতাৰ অধীনত তেওঁৰ দায়িত্ব কি ।

  • 🚨 Former West Indies batter Marlon Samuels has been banned for six years after breaching the Emirates Cricket Board's anti-corruption code pic.twitter.com/MrdTLo5m0p

    — ESPNcricinfo (@ESPNcricinfo) November 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

চেমুৱেলছৰ তদন্তৰ সময়ত দুৰ্নীতি বিৰোধী বিষয়াজনক উপহাৰ, ধন বা অন্যান্য সুবিধা লাভ কৰাৰ কথা প্ৰকাশ নকৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল । চেমুৱেলছে ৭৫০ মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ উপহাৰৰ আনুষ্ঠানিক ৰচিদো প্ৰকাশ কৰাত ব্যৰ্থ হয় । দুৰ্নীতি বিৰোধী বিষয়াগৰাকীৰ তদন্ততো সহযোগিতা কৰিব নোৱাৰিলে চেমুৱেলছে।

‘‘যদিও এতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰিছে, অপৰাধ সংঘটিত হোৱাৰ সময়ত চেমুৱেলছ দলত অন্তৰ্ভুক্ত আছিল। ছয় বছৰৰ নিষেধাজ্ঞাই নিয়ম ভংগ কৰাৰ মনস্থ কৰা যিকোনো অংশগ্ৰহণকাৰীৰ বাবে এক শক্তিশালী প্ৰতিৰোধক হিচাপে কাম কৰিব ।’’

চেমুৱেলছে ১৮ বছৰৰ ভিতৰত ৱেষ্ট ইণ্ডিজৰ হৈ ৩০০ ৰো অধিক মেচ খেলি মুঠ ১৭টা শতক অৰ্জন কৰিছিল ৷ আনকি এদিনীয়া পৰ্যায়ত কেৰিবিয়ান দলৰ অধিনায়কত্বও কৰিছিল । পুৰুষৰ টি-২০ বিশ্বকাপৰ ২০১২ আৰু ২০১৬ দুয়োটা সংস্কৰণৰ ফাইনেলত তেওঁ সৰ্বাধিক স্ক’ৰ কৰিছিল ৷ ৱেষ্ট ইণ্ডিজে শেহতীয়াকৈ আইচিচিৰ দুটা ট্ৰফীও লাভ কৰিছিল ।

লগতে পঢ়ক: পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া আৰু T-20 ক্ৰিকেটত ব্যৱহাৰ হ’ব ষ্টপ ক্লক; পেনাল্টি হ’ব পাঁচ ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.