ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে তৃতীয়খন টেষ্টৰ পৰা বাদ পৰিল জেমচ পেটিনচন

author img

By

Published : Jan 4, 2021, 8:00 AM IST

Updated : Jan 4, 2021, 8:40 AM IST

ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া তৃতীয়খন টেষ্টৰ পৰা বাদ পৰিল অষ্ট্ৰেলিয়ান পেচাৰ জেমচ পেটিনচন ৷ নিজ বাসগৃহতে পিচলি পৰি ভৰিৰ হাড়ত আঘাতপ্ৰাপ্ত হৈছে খেলুৱৈগৰাকী ৷

James Pattinson ruled out of third Test vs India
ভাৰতৰ বিৰুদ্ধে তৃতীয়খন টেষ্টৰ পৰা বাদ পৰিল জেমচ পেটিনচন

স্পৰ্টছ ডেস্ক,4 জানুৱাৰী: ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া তৃতীয়খন টেষ্টৰ পৰা বাদ পৰিল অষ্ট্ৰেলিয়ান পেচাৰ জেমচ পেটিনচন ৷ নিজ বাসগৃহত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ বাবে এই খেলখনৰ পৰা বাদ পৰে অষ্ট্ৰেলিয়ান খেলুৱৈগৰাকী ৷ বক্সিং ডে টেষ্টৰ পিছত তৃতীয়খন টেষ্টৰ পূৰ্বে বিৰতিত আছিল খেলুৱৈগৰাকী ৷ বিৰতিৰ সময়ছোৱাতে নিজ বাসগৃহতে পিচলি পৰি ভৰিৰ হাড়ত আঘাতপ্ৰাপ্ত হয় পেটিনচন ৷

James Pattinson ruled out of third Test vs India
ভাৰতৰ বিৰুদ্ধে তৃতীয়খন টেষ্টৰ পৰা বাদ পৰিল জেমচ পেটিনচন

উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে খেলা পূৰ্বৰ দুখন টেষ্টত অষ্ট্ৰেলিয়ান টেষ্ট স্কোৱাডৰ অংশ নাছিল পেটিনচন ৷ ইতিমধ্যেই পূৰ্বৰ টেষ্ট দুখনত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে মিটছেল ষ্টাৰ্ক, পেট কিউমিনছ, জোশ হেজেলউডে ৷

আনহাতে, মিখাইল নেছেৰ আৰু শ্বীন এব্বোটো ইতিমধ্যে দলৰ অন্তৰ্ভক্ত হৈ আছে, গতিকে পেচিনচনক সালসলনি কৰা নহয় ৷ ইয়াৰ বিপৰীতে গাব্বাত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থখন টেষ্টৰ পূৰ্বে তেখেতক সুস্থ কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হ’ব ৷

বক্সিং ডে টেষ্টত আঠ উইকেটত জয়লাভ কৰাৰ পিছত চাৰিখনকৈ টেষ্টত কেংগাৰু বাহিনীৰ সন্মুখীন হ’বলৈ প্ৰস্তুত হয় ভাৰতীয় দলটো ৷

অষ্ট্ৰেলিয়াৰ টেষ্ট স্কোৱাড- টিম পাইন(অধিনায়ক), শ্বীন এব্বোট, পেট কিউমিনছ, কেমেৰন গ্ৰীণ, মাৰ্কাছ হেৰিছ, জোশ হেজেলউড, ট্ৰেভিছ হেড, মোচেছ হেনৰিক, মাৰ্ণাছ লেবাছেঞ্জ, নাথান লিয়ন, মিখাইল নেছেৰ, জেমছ পেটিনচন, উইল পুকোভস্কী, ষ্টীভ স্মীথ, মিটছেল ষ্টাৰ্ক, মিটছেল, মেথিউ ৱাদে, ডেভিড বাৰ্ণাৰ ৷

লগতে পঢ়ক-ফোনযোগে সৌৰভ গাংগুলীৰ স্বাস্থ্যৰ বুজ ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Last Updated : Jan 4, 2021, 8:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.