ETV Bharat / sports

সামূহিক প্ৰচেষ্টাৰ অভাৱৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ শোচনীয় পৰাজয়

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 11:05 AM IST

IND vs SA
সামূহিক প্ৰচেষ্টাৰ অভাৱৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ শোচনীয় পৰাজয়

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত প্ৰথমখন টেষ্টত ভাৰতৰ এটা ইনিংছ আৰু ৩২ ৰাণৰ ব্যৱধানত পৰাজয় (SA defeat IND)। দলটোৰ দুৰ্বল প্ৰদৰ্শনৰ কথা স্বীকাৰ কৰিলে অধিনায়ক ৰোহিত শৰ্মাই । তেওঁৰ মতে ভাৰতীয় দলটো জয়ী হোৱাৰ যোগ্য নাছিল ।

স্পৰ্টছ ডেস্ক, ২৯ ডিচেম্বৰ : চেঞ্চুৰিয়ানত প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ শোচনীয় পৰাজয় । বিনা দ্বিধাই পৰাজয় স্বীকাৰ কৰিলে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই । ৰোহিত শৰ্মাই দলৰ সামূহিক প্ৰচেষ্টাৰ অভাৱৰ কথাও স্বীকাৰ কৰে ।

উল্লেখ্য যে, টেষ্ট শৃংখলাটোৰ প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাই ভাৰতক এটা ইনিংছ আৰু ৩২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে । এই পৰাজয়ৰ পাচতে ভাৰতীয় দল আৰু দৰ্শকসকলক নিৰাশ দেখা গৈছে । অৱশ্যে খেলৰ পিচত শোচনীয় পৰাজয়ৰ কাৰণো বাখ্যা কৰিলে অধিনায়ক ৰোহিত শৰ্মাই । তেওঁ স্বীকাৰ কৰিছে যে ভাৰতীয় দলটোৱে ঘৰুৱা দলটোক প্ৰত্যাহ্বান জনাব পৰা নাছিল ।

ভাৰতীয় দলটোৱে বেট আৰু বলেৰে দুৰ্বল প্ৰদৰ্শন কৰিছে । প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাক ১০৮.৪ অভাৰত ৪০৮ ৰাণ সংগ্ৰহ কৰিবলৈ দিয়াৰ পিচত, ভাৰতীয় দলটো দ্বিতীয় ইনিংছত ৩৪.১ অভাৰত মাত্ৰ ১৩১ ৰাণহে সংগ্ৰহ কৰে । ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ২৪৫ ৰাণ সংগ্ৰহ কৰিছিল ।

খেলৰ অন্তত ৰোহিত শৰ্মাই কয় যে ভাৰতীয় দলটো জয়ী হোৱাৰ যোগ্য নাছিল । টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰি কে এল ৰাহুলৰ দৰ্শনীয় বেটিঙৰ ফলত ভাৰতে এক উৎকৃষ্ট স্ক'ৰ কৰিবলৈ সক্ষম হয় যদিও তাৰ পিচত বলাৰসকলে পৰিস্থিতিৰ সুবিধা ল'ব নোৱাৰিলে । পৰৱৰ্তী ইনিংছত বেটিঙেৰেও দলটোৱে ভাল কৰিব নোৱাৰিলে বুলি ৰোহিত শৰ্মাই উল্লেখ কৰে ।

তেওঁৰ মতে যদি এখন টেষ্ট মেচত জয়ী হ'ব বিচাৰে তেন্তে সামূহিকভাৱে অৱদান আগবঢ়াব লাগিব আৰু দলটোৱে সেইটো কৰাত ব্যৰ্থ হৈছিল । সতীৰ্থসকলে দক্ষিণ আফ্ৰিকাত পূৰ্বেও খেলিছিল আৰু তেওঁলোকৰ পৰা কি আশা কৰিব লাগে সেয়া দলটোৱে ভালদৰে জানে । সকলোৰে নিজা পৰিকল্পনা আছে বুলিও তেওঁ উল্লেখ কৰে ।

ভাৰতীয় অধিনায়কগৰাকীয়ে লগতে কয় যে বেটছমেনসকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । বিপক্ষৰ দলটোক ভাল স্কৰিং কৰা দেখা গৈছিল । সেয়ে প্ৰতিদ্বন্দী হিচাপে ভাৰতে তেওঁলোকৰ শক্তি বুজিব লাগিব বুলি তেওঁ উল্লেখ কৰে । ভাৰতীয় দলটোৱে দুয়োটা ইনিংছতে ভাল বেটিং কৰা নাছিল ৷ যাৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছে বুলি স্বীকাৰ কৰে অধিনায়ক ৰোহিত শৰ্মাই ।

লক্ষণীয়ভাৱে ভাৰতৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে তিনি দিনৰ ভিতৰত খেলখন সমাপ্ত হয় । যাৰ বাবে ৰোহিতে খেলখনত বেছি ইতিবাচক দিশ দেখা নাপালে ।অৱশ্যে ৰাহুলে দেখুৱাইছে যে ভাৰতীয় দলটোৱে এনে ধৰণৰ পিটছতো ৰাণ কৰিব পাৰে । ইফালে দ্বিতীয় ইনিংছত ডিন এলগাৰে ১৮৫ ৰাণ সংগ্ৰহ কৰে । তেওঁ ইয়াক বিশেষ ইনিংছ বুলিও অভিহিত কৰিছে ।

লগতে পঢ়ক : লিফ্টত আবদ্ধ আম্পায়াৰ, খেলপথাৰত ৰৈ থাকিল খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.