ETV Bharat / sports

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন এদিনীয়াৰ বাবে ৰাঁচীত কটকটীয়া নিৰাপত্তা

author img

By

Published : Oct 8, 2022, 9:31 PM IST

Ranchi
ৰাঁচীত কটকটীয়া নিৰাপত্তা

দেওবাৰে ৰাঁচীৰ জেএছচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয়খন এদিনীয়া মেচ (IND vs SA 2nd ODI in Ranchi)। ইতিমধ্যে খেলখনক লৈ ৰাঁচীত অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে । ষ্টেডিয়াম আৰু হোটেলৰ বাহিৰত অনুৰাগীৰ ভিৰ । চহৰখনত কটকটীয়া নিৰাপত্তা বেষ্টনী ।

স্পৰ্টছ ডেস্ক,৮ অক্টোবৰ : ৯ অক্টোবৰত ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন এদিনীয়া মেচ (IND vs SA ODI series)। খেলৰ পূৰ্বে জেএছচিএ ষ্টেডিয়ামত দুয়োটা দলে কঠোৰ অনুশীলন কৰা দেখা গৈছে (India and SA team practice in JSCA Stadium)। ইফালে হোটেল আৰু ষ্টেডিয়ামৰ বাহিৰত শ শ ক্ৰিকেট প্ৰেমীয়ে ভিৰ কৰা দেখা গৈছে । মন পচন্দৰ খেলুৱৈগৰাকীক এবাৰলৈ চাবলৈ আগ্ৰহী ক্ৰীড়াপ্ৰেমীসকল । আনহাতে ষ্টেডিয়াম কৰ্তৃপক্ষইও অনুশীলনৰ বাবে সময়সূচী নিৰ্ধাৰণ কৰিছে ।

সময়সূচী অনুসৰি, ভাৰতীয় দলটোৱে দুপৰীয়া ১২.৩০ বজাৰ পৰা অনুশীলন কৰিব । দ্বিতীয়াৰ্ধত, দক্ষিণ আফ্ৰিকাৰ দলটোৱে অনুশীলন কৰিব । নিশা ৮.৩০ বজালৈকে অনুশীলনৰ এই প্ৰক্ৰিয়া চলিব আৰু তাৰ পাছত দুয়োটা দল হোটেললৈ উভতিব । ইফালে অনুৰাগীৰ ভিৰৰ বাবে দুয়োটা দলৰ খেলৰ অনুশীলনৰ বাবে ষ্টেডিয়ামৰ আশে-পাশে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে (High security in Ranchi ahead of IND vs SA)।

হাইভল্টেজ খেলখনৰ বাবে সমগ্ৰ চহৰখনতে মুঠ ১৫০০ গৰাকী জোৱান মোতায়েন কৰা হৈছে । ইয়াৰ উপৰিও, ষ্টেডিয়ামৰ ভিতৰত আৰু বাহিৰত ২৯ গৰাকী ডিএছপি পৰ্যায়ৰ আৰক্ষী বিষয়া, ৫০০ গৰাকী আৰক্ষী বিষয়া, পৰিদৰ্শক আৰু জামাদাৰ মোতায়েন কৰা হৈছে ।

উল্লেখ্য যে শৃংখলাটোৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই ৯ ৰাণত জয় লাভ কৰিছিল (IND vs SA ODI 1st match)। লক্ষ্ণৌত অনুষ্ঠিত হোৱা খেলখনত জয়ী হৈ ইতিমধ্যে শৃংখলাটোত অগ্ৰগতি লাভ কৰিছে আলহী দলটোৱে । সেয়ে ৰাঁচীৰ এই খেলখন দুয়োটা দলৰ বাবেই অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক :National Games 2022: বিজয়া দশমীৰ দিনা অসমলৈ আহিল কেইবাটাও পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.