ETV Bharat / sports

IND vs NZ ODI series : ৩ বছৰত এটাও শতক নাই ৰোহিতৰ, প্ৰতিক্ৰিয়া হিটমেনৰ

author img

By

Published : Jan 22, 2023, 12:37 PM IST

নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই ৫১ ৰাণ সংগ্ৰহ কৰিছে (Rohit score 51 in 2nd ODI against NZ)। কিন্তু ৰোহিতে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা এদিনীয়াত এটাও শতক অৰ্জন কৰিব পৰা নাই । যাৰ বাবে তেওঁৰ অনুৰাগীসকল যথেষ্ট চিন্তিত হৈছে । অৱশ্যে ৰোহিত শৰ্মাই এই বিষয়ত নীৰৱতা ভংগ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁৰ বেট কিয় শান্ত হৈ আছে, সেই বিষয়েও ক'লে ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে ।

IND vs NZ ODI series
৩ বছৰত এটাও শতক নাই ৰোহিতৰ

স্পৰ্টছ ডেস্ক,২২ জানুৱাৰী : কিৱি বাহিনীৰ বিৰুদ্ধে আন এক বৃহৎ জয় ভাৰতৰ (India won 2nd ODI against NZ)। ৰায়পুৰত অনুষ্ঠিত দ্বিতীয় এদিনীয়াত ৮ উইকেটত জয়লাভ ৰোহিত শৰ্মাৰ নেতৃত্বৰ ভাৰতীয় দলটোৰ । খেলখনত ১০৯ ৰাণৰ লক্ষ্যৰ পিছত দৌৰি ভাৰতৰ অধিনায়কৰ ৫১ ৰাণৰ সৈতে দলটোৱে জয় লাভ কৰে । ইয়াৰ লগে লগে এদিনীয়া শৃংখলাও ভাৰতে নিজৰ হাতলৈ আনিলে । যদিও খেলখনত অধিনায়ক ৰোহিত শৰ্মাই অৰ্ধশতক ৰাণ সংগ্ৰহ কৰিছে কিন্তু তেওঁ ফৰ্মক লৈ বিভিন্ন মহলত উদ্বেগৰ সৃষ্টি হৈছে (Rohit Sharma form out)।

ৰোহিত শৰ্মাৰ ফৰ্মক লৈ বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে । দীৰ্ঘদিন ধৰি শতক অৰ্জন কৰিব নোৱাৰাটোও দুৰ্ধৰ্ষ বেটছমেনগৰাকীৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে (Rohit Sharma century missing)। অৱশ্যে এই সকলো প্ৰশ্নৰ উত্তৰত ৰোহিত শৰ্মাই কয় যে তেওঁ যি ধৰণে খেলি আছে তাত তেওঁ সুখী ।

উল্লেখ্য যে এদিনীয়া ক্ৰিকেটত, ৰোহিতে ২০২০ চনৰ ১৯ জানুৱাৰীত বেংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তমিটো শতক অৰ্জন কৰিছিল (Last century of Rohit Sharma)। তেতিয়াৰ পৰা, তেওঁৰ বেট শান্ত হৈ আছে যাৰ পৰিণতি স্বৰূপে এতিয়ালৈ এদিনীয়া মেচত এটাও শতক নাই ।

শতক অৰ্জন কৰিব নোৱাৰাৰ প্ৰশ্নৰ উত্তৰত ৰোহিত শৰ্মাই কয় যে তেওঁ নিজৰ খেল সলনি কৰিবলৈ চেষ্টা কৰি আছে আৰু আৰম্ভণিৰে পৰা বলাৰসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে । তেওঁৰ মতে বিপক্ষ দলৰ ওপৰত হেঁচা দিয়াটো অতি গুৰুত্বপূৰ্ণ । তেওঁ জানে যে ডাঙৰ স্ক'ৰ কৰিব পৰা নাই কিন্তু ইয়াক লৈ তেওঁ অত্যধিক চিন্তিত নহয় । তেওঁ যিধৰণে প্ৰদৰ্শন কৰি আছে তাত লৈ সন্তুষ্ট । এতিয়া ডাঙৰ স্ক'ৰও বেছি দূৰত নাই বুলি তেওঁ উল্লেখ কৰে ।

এনে পৰিস্থিতিত, ভাৰতীয় দলটোৱে আশা কৰে যে অধিনায়ক ৰোহিত শৰ্মা সোনকালেই ফৰ্মলৈ উভতি আহিব । কিয়নো ৰোহিতক এদিনীয়া ক্ৰিকেটৰ কিংবদন্তি বুলি গণ্য কৰা হয় । আৰু মাত্ৰ কেইটামান ৰাণ হ'লেই তেওঁৰ এদিনীয়াত ১০ হাজাৰ ৰাণ সম্পূৰ্ণ হ'ব ।

২০০৭ চনত ভাৰতৰ হৈ এদিনীয়া আৰু টি-২০ ত আত্মপ্ৰকাশ কৰা ৰোহিত শৰ্মা বৰ্তমান যুগৰ অন্যতম কিংবদন্তি বেটছমেন (Rohit Sharma cricket carrier)। তেওঁ ২০১০ চনত বুলাৱায়োত জিম্বাব'ৱেৰ বিৰুদ্ধে ভাৰতৰ হৈ প্ৰথম এদিনীয়া শতক অৰ্জন কৰিছিল । ২০১৩ চনত, তেওঁ প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়াত দ্বিশতক অৰ্জন কৰিছিল আৰু এতিয়ালৈকে এদিনীয়াত অভিলেখ তিনিটা দ্বিশতক অৰ্জন কৰা তেওঁ একমাত্ৰ খেলুৱৈ ।

তেওঁৰ অন্তিম এদিনীয়া শতকৰ পাছত যোৱা ১৫ টা ইনিংছত ২৮, ২৫, ৩৭, ৬০, ৫, ১৩, ৭৬, ০, ১৭, ২৭, ৮৩, ১৭, ৪২, ৩৪ ৰাণ সংগ্ৰহ কৰিছে । ৰোহিতে ২০২২ চনত ভাৰতৰ হৈ ৮ খন এদিনীয়া খেলিছে । এই সময়ছোৱাত তেওঁ ৪১.৫০ গড়ে ২৪৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১১৪.২২ আৰু সৰ্বাধিক স্ক'ৰ আছিল ৭৬ নট আউট ।

লগতে পঢ়ক :IND vs NZ 1st ODI: গিলৰ দ্বিশতকেৰে নিউজিলেণ্ডক 12 ৰাণত পৰাস্ত কৰিলে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.