ETV Bharat / sports

Cricket World Cup 2023: পাকিস্তানৰ বিৰুদ্ধে প্ৰথম উইকেট দখল কৰাৰ কৃতিত্ব ৰোহিত-বিৰাটক দিলে চিৰাজে

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 4:47 PM IST

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে শক্তিশালী বলিং কৰি ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজে ভাৰতৰ হৈ প্ৰথমটো উইকেট লাভ কৰে ৷ সংবাদমেলত এই বিষয়ে কওঁতে তেওঁ ইয়াৰ কৃতিত্ব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক দিয়ে ৷ ইয়াৰ মাজতে ছিৰাজে পূৰ্বৰ মেচসমূহৰ প্ৰদৰ্শনৰ বিষয়েও কয় ৷

Cricket World Cup 2023
ৰোহিত-বিৰাটক কৃতিত্ব দিলে মহম্মদ চিৰাজে

স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ : আহমেদাবাদত শনিবাৰে ভাৰতে চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ কৰে ৷ এই জয়ত অ’পেনাৰ আব্দুল্লা ছফিক আৰু অধিনায়ক বাবৰ আজমৰ উইকেট গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয় ৷ ভাৰতীয় ফাষ্ট বলাৰ মহম্মদ ছিৰাজে এই দুয়োজন বেটছমেনৰ উিকেট দখল কৰিছিল ৷ প্ৰথমটো উইকেটৰ কৃতিত্ব অধিনায়ক ৰোহিত শৰ্মাক দিছে ছিৰাজে ৷ এই মেচখনত ছিৰাজে ৮ অভাৰত ৫০ ৰাণ খৰছ কৰি ২টা উইকেট দখল কৰে ৷

শনিবাৰে খেলখনৰ অন্তত সংবাদমেলত ছিৰাজে কয় যে, ‘‘আব্দুল্লা চফিকৰ উইকেট এটা পৰিকল্পনা আছিল, এই সন্দৰ্ভত ৰোহিত ভাইৰ সৈতে কথা পাতিছিলো । মই আগতেও তেওঁক বাউন্সাৰ বল কৰিছিলোঁ । তাৰ পিছত কিছু সময় ৰোহিতৰ লগত কথা পাতি পাতিছিলো । তেওঁলোকে ভাবিছিল যে মই আকৌ বাউন্সাৰ বলিং কৰিম ৷ তেওঁ বেকফুটত আছিল আৰু মই বলটো ওপৰলৈ পিটচ কৰিলোঁ আৰু সফলতা লাভ কৰিলোঁ ৷’’

ছিৰাজক বল দিয়াৰ পূৰ্বে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে আলোচনা কৰিছিল । ইয়াৰ পিছত ভাৰতৰ হৈ প্ৰথমটো উইকেট লাভ কৰে ছিৰাজে । দুয়োৰে পৰা পোৱা পৰামৰ্শ আৰু উৎসাহৰ পৰা কেৱল তেওঁ নহয় সমগ্ৰ দলটোৱেই উপকৃত হোৱা বুলি চিৰাজে কয় ৷

ছিৰাজে কয়, "মই কি ক’ম ? এজন জ্যেষ্ঠ খেলুৱৈৰ পৰা যি কথা জানিব পাৰি, সেই কথাই সমগ্ৰ দলটোক সহায় কৰে ৷ এইটো কেৱল এজন খেলুৱৈৰ বাবে নহয় সমগ্ৰ দলটোৰ বাবে ৷ কাৰণ যেতিয়া দলটো জয়ী হয়, কেৱল এজন ব্যক্তি নহয়, তেতিয়া সমগ্ৰ দলটোৱেই জয়ী হয় ৷ গতিকে যদি সকলোৱে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, তেন্তে ই দলৰ বাবে সহায়ক হয় ৷

হায়দৰাবাদৰ ২৯ বছৰীয়া বেগী বলাৰগৰাকীয়ে আফগানিস্তান (০-৭৬) আৰু অষ্ট্ৰেলিয়া (১-২৬)ৰ বিৰুদ্ধে যোৱা দুখন মেচত বিশেষ সফলতা লাভ কৰা নাছিল যদিও নিজৰ আত্মবিশ্বাস হেৰুওৱা নাছিল বুলি কয় ৷

ছিৰাজে কয়, "যেতিয়া অফিচলৈ যায় তেতিয়া আপোনাৰো এদিন ছুটী থাকে ৷ প্ৰতিবাৰেই প্ৰদৰ্শন একে নহ’বও পাৰে, প্ৰদৰ্শনৰ গ্ৰাফটো কেতিয়াবা তললৈ নামি আহে ৷ গতিকে মই মনতে ভাবো যে মই এখন মেচৰ বাবেই বেয়া বলাৰ নহয় ৷ মই সদায় মোৰ আত্মবিশ্বাস উচ্চ কৰি ৰাখোঁ যে মোৰ বলিং ভাল আৰু মই এক নম্বৰ বলাৰ হোৱা উচিত ৷ এই আত্মবিশ্বাসে মোক বলিঙত সহায় কৰে আৰু যদি এখন মেচত পৰাস্ত হওঁ তেন্তে মই বেয়া বলাৰ হ’ব নোৱাৰো ৷ এই কাম কৰিবলৈ মই নিজকে প্ৰস্তুত কৰিছো ৷ ফলাফল পাইছো ৷"

ক্ৰছ চিমত বলিং কৰি উইকেট লাভ কৰা ছিৰাজে কয় যে তেওঁ অতিৰিক্ত বাউন্স পোৱাৰ আশাৰে তৃতীয় অভাৰৰ পৰাই তেনে কৰাৰ সিদ্ধান্ত লৈছিল ৷

ছিৰাজে আৰু কয়, "মই তৃতীয় অভাৰৰ পৰা আৰম্ভ কৰিছিলো কাৰণ শেষত বিপৰীত হোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ কাৰণ মই যেতিয়া চিম পাৰ হৈ আছিলো তেতিয়া বেটত সহজে আহি আছিল । বেটছমেনজনে সংগ্ৰাম কৰা নাছিল ৷ বল সহজে আহি আছিল ৷ এই উইকেটত বহুতো ক্ৰছ চিম আছে কাৰণ ই চুটি হ’ব পাৰে, কেতিয়াবা অতিৰিক্ত বাউন্স পায় আৰু যদি উইকেট পায় তেন্তে ই বৰ ভাল আৰু ফলাফল আপুনি দেখিছে ৷"

লগতে পঢ়ক : World Cup 2023: বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে ক্ৰমাগতভাৱে অষ্টমটো জয় ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.