ETV Bharat / sports

টিম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পৰিয়ালসহ শ্বাহৰুখ খান

author img

By ANI

Published : Nov 19, 2023, 5:37 PM IST

World Cup 2023 final match
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পৰিয়ালসহ শ্বাহৰুখ খান

World Cup 2023: বিশ্বকাপৰ ফাইনেলক লৈ সমগ্ৰ দেশ অতিশয় উৎসাহিত । ইফালে শ্বাহৰুখ খানেও সমগ্ৰ পৰিয়ালসহ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বহি উপভোগ কৰিছে খেলখন ।

চিটাৰা ডেস্ক, 19 নৱেম্বৰ: আজি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হৈছে বিশ্বকাপ ২০২৩ ৰ অন্তিমখন খেল । এই মেচখনত দৃষ্টি নিবদ্ধ হৈ আছে প্ৰতিগৰাকী ভাৰতীয়ৰ । সকলোৱে অপেক্ষা কৰি আছে সেইটো মুহূৰ্তলৈ যেতিয়া টিম ইণ্ডিয়াই হাতত তুলি ল’ব বিশ্বকাপৰ ট্ৰফী । এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ আহমেদাবাদত চলচ্চিত্ৰ জগতৰ বহু চেলিব্ৰিটিয়ে টিম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ উপস্থিত আছে ৷

টিম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত শ্বাহৰুখ খান

বিশ্বকাপৰ ফাইনেলক লৈ সমগ্ৰ দেশ অতিশয় উৎফুল্লিত । বলীউডৰ তাৰকাসকলৰ মাজত এই খেলখনক লৈ এক আচৰিত উন্মাদনা দেখা গৈছে । ইফালে শ্বাহৰুখ খানেও সমগ্ৰ পৰিয়ালসহ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বহি উপভোগ কৰিছে এই হাই ভ’লটেজ খেলখন । ষ্টেডিয়ামৰ পৰা ভাইৰেল হৈ পৰিছে কিং খানৰ সৈতে সমগ্ৰ পৰিয়ালৰ ফটো আৰু ভিডিঅ’ ।

ইফালে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভগ্নী অনিশা আৰু পিতৃ প্ৰকাশ পাডুকন আৰু ৰণবীৰ সিঙৰ সৈতে খেলখন উপভোগ কৰিছে দীপিকা পাডুকনে । কেৱল ইমানেই নহয়, কিয়াৰা আদৱানী-সিদ্ধাৰ্থ মালহোত্ৰা, ৰণবীৰ কাপুৰ, শ্বাহিদ কাপুৰ-মীৰা ৰাজপুত, বিকি কৌশলকে ধৰি বলীউডৰ আন বহু তাৰকাসকলে ষ্টেডিয়ামত উপস্থিত থাকি টিম ইণ্ডিয়া’ক সমৰ্থন কৰিছে ।

ফাইনেলত কিং কোহলীয়ে ৫৬ টা বলত অৰ্ধশতক অৰ্জন কৰে

উল্লেখ্য যে, বিৰাট কোহলীয়ে ছেমি ফাইনেল আৰু ফাইনেলত ৫০ ৰানতকৈ অধিক ৰান কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে । ফাইনেলত কিং কোহলীয়ে ৫৬ টা বলত অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ পূৰ্বে ছেমি ফাইনেলত শতক অৰ্জন কৰিছিল । কোহলীয়ে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰাৰ পিচতে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুঞ্জৰিত হাতচাপৰি শব্দ ।

তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপ খিতাপ দখল কৰাৰ ওচৰ চাপিছে টিম ইণ্ডিয়া

ভাৰতীয় ক্ৰিকেট দলে তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰাৰ ওচৰ চাপিছে । ১৯৮৩ আৰু ২০১১ চনত ভাৰতে জয়লাভ কৰিছিল বিশ্বকাপত । এতিয়া তৃতীয় খিতাপৰ পৰা মাত্ৰ এখোজ দূৰত ভাৰতীয় দল ।

লগতে পঢ়ক: স্বামীৰ খেল উপভোগ কৰিবলৈ দৰ্শকৰ শাৰীত অনুষ্কা-আথিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.