ETV Bharat / entertainment

স্বামীৰ খেল উপভোগ কৰিবলৈ দৰ্শকৰ শাৰীত অনুষ্কা-আথিয়া

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 5:19 PM IST

World Cup Final 2023: Anushka Sharma, Athiya Shetty, Ritika Sajdeh and others inside stadium as India vs Australia commences - watch
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিৰাট কোহলীৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মা

World Cup 2023 Final: আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিৰাট কোহলীৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাই স্বামীৰ বাবে হৰ্ষোল্লাস কৰা দেখা গ’ল । লগতে উপস্থিত আছিল আথিয়া শ্বেট্টী আৰু ঋতিকা সজদেহ ।

চিটাৰা ডেস্ক, 19 নৱেম্বৰ: আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চলি আছে ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ চূড়ান্ত খেল । এই খেলখন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে । এনে পৰিস্থিতিত ক্ৰিকেটাৰ স্বামীৰ পত্নীয়েও তেওঁলোকক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হৈছে । শেহতীয়াকৈ ষ্টেডিয়ামৰ পৰা বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা আৰু কে এল ৰাহুলৰ পত্নী আথিয়া শ্বেট্টীৰ ছবি পোহৰলৈ আহিছে ।

বিৰাটক সমৰ্থন কৰিবলৈ আহিছে অনুষ্কা শৰ্মা

বৰ্তমান দেশজুৰি বিশ্বকাপ ২০২৩ ৰ জোৱাৰ উঠিছে । এনে পৰিস্থিতিত টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰৰ পত্নীসকলেও স্বামীক উৎসাহিত কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হৈছে । শেহতীয়াকৈ ষ্টেডিয়ামৰ পৰা কিছু ছবি প্ৰকাশ পাইছে । য’ত বিৰাট কোহলীৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাই স্বামীৰ বাবে হৰ্ষোল্লাস কৰা দেখা গৈছে । ছবিবোৰত অনুষ্কাক বগা আৰু নীলা ৰঙৰ দীঘলীয়া প্ৰিণ্টেড ড্ৰেছ পৰিধান কৰা দেখা গৈছে ।

আথিয়া শেট্টী আৰু ঋতিকা সজদেহকো দেখা গ’ল ষ্টেডিয়ামত

অনুষ্কা শৰ্মাৰ সৈতে কে এল ৰাহুলৰ পত্নী তথা অভিনেত্ৰী আথিয়া শ্বেট্টীকো ষ্টেডিয়ামত দেখা পোৱা গৈছে । বগা টি-চাৰ্টৰ সৈতে দীঘল কোট পৰিধান কৰা দেখা গৈছে আথিয়াক । তেওঁৰ সৈতে ৰোহিত শৰ্মাৰ পত্নী ঋতিকা সজদেহও উপস্থিত আছিল । ঋতিকাই পৰিধান কৰিছিল শ্বৰ্ট ড্ৰেছ । তাৰকা ক্ৰিকেটাৰৰ পত্নীৰ এই ছবি আৰু ভিডিঅ’ ক্ৰমান্বয়ে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ।

অনুষ্কা শৰ্মাই ছেমি ফাইনেলতো বিৰাটক সমৰ্থন জনাবলৈ উপস্থিত আছিল ষ্টেডিয়ামত

উল্লেখ্য যে, অনুষ্কা শৰ্মাই ইয়াৰ পূৰ্বে ছেমি ফাইনেল মেচতো বিৰাটক সমৰ্থন কৰিবলৈ আহিছিল । সেই মেচখনত বিৰাটে এদিনীয়াত নিজৰ ৫০ তম শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছিল । ইয়াৰ সমান্তৰালকৈ তেওঁ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ অভিলেখো ভংগ কৰিছিল ।

লগতে পঢ়ক: ৰোহিত শৰ্মা-টিম ইণ্ডিয়ালৈ কেবিচিৰ সঞ্চালক অমিতাভ বচ্চনৰ বিশেষ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.