ETV Bharat / entertainment

ৰোহিত শৰ্মা-টিম ইণ্ডিয়ালৈ কেবিচিৰ সঞ্চালক অমিতাভ বচ্চনৰ বিশেষ বাৰ্তা

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 3:43 PM IST

World Cup 2023 Final: Amitabh Bachchan sends good luck from KBC
টিম ইণ্ডিয়ালৈ অমিতাভ বচ্চনৰ বিশেষ বাৰ্তা

World Cup 2023: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তেওঁৰ দলৰ বাবে কৌন বনেগা ক্রোড়পতিৰ আঁত ধৰোতা অমিতাভ বচ্চনে এক আৱেগিক আৰু হৃদয়স্পৰ্শী বাৰ্তা শ্বেয়াৰ কৰিছে ।

চিটাৰা ডেস্ক, 19 নৱেম্বৰ: সম্প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ ওপৰত । কিয়নো আহমেদাবাদত অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বিশ্বকাপ ২০২৩ ৰ অন্তিমখন খেল । এইবাৰ বিশ্বকাপত কোনটো দলে জয়লাভ কৰিব তাকে লৈ উৎফুল্লিত হৈ পৰিছে দৰ্শক । ইফালে সকলোৱে প্ৰাৰ্থনা কৰি আছে যাতে আজি টিম ইণ্ডিয়াই ভাল খেলাৰ বাবে শক্তি লাভ কৰে ।

সমগ্ৰ দেশৰ চকু আজি বিশ্বকাপৰ ফাইনেল মেচত

আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেল মেচ চাবলৈ বিপুল জনসমাগম দেখা গৈছে । মুঠৰ ওপৰত আজি প্ৰতিগৰাকী ভাৰতীৰ মাজত ক্ৰিকেটৰ উন্মাদনা দেখা পোৱা গৈছে । এইক্ষেত্ৰত পিচ পৰি থকা নাই বলীউড চেলিব্ৰিটিও ৷ ৰণবীৰ সিং, দীপিকা পাডুকন, অনিল কাপুৰ, ছানিয়া মিৰ্জা, জেকী শ্ৰফ, ছানি দেওল, হৰ্ষবৰ্ধন কাপুৰকে ধৰি বহুকেইগৰাকী বলীউড চেলিব্ৰিটিয়ে ফাইনেল মেচখন চাবলৈ আহমেদাবাদলৈ ৰাওনা হৈছে ।

টিম ইণ্ডিয়াৰ বাবে অমিতাভ বচ্চনৰ বিশেষ বাৰ্তা

সকলোৱে টিম ইণ্ডিয়াৰ বাবে প্ৰাৰ্থনা কৰি আছে ৷ ইফালে কৌন বনেগা ক্রোড়পতিৰ আঁত ধৰোতা অমিতাভ বচ্চনে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু তেওঁৰ দলৰ বাবে এটা বিশেষ বাৰ্তা শ্বেয়াৰ কৰিছে । শ্ব’টোৰ সঞ্চালকগৰাকীয়ে টিম ইণ্ডিয়াক শুভেচ্ছা জনাই কয় যে সকলো ভাৰতীয় তেওঁলোকৰ লগত আছে ।

অমিতাভ বচ্চনে কয়, ‘‘প্ৰিয় ৰোহিত আৰু টিম ইণ্ডিয়া । আজি সেই দিন যাৰ বাবে আপুনি আৰু আপোনাৰ দলটোৱে বহু বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু আপোনালোক সাজু হৈছে । আপোনাৰ লগতে সমগ্ৰ দেশে এই দিনটোৰ বাবে অপেক্ষা কৰি আছিল । আমি সকলোৱে টিম ইণ্ডিয়াৰ প্ৰতিজন খেলুৱৈক ক’ব বিচাৰো যে আজি যেতিয়া আপুনি খেলপথাৰত থাকিব তেতিয়া আমি ১৪০ কোটি ভাৰতীয় আপোনালোকৰ লগত থাকিম ।’’

বিগ বিয়ে লগতে ক’লে- ‘‘আজি এই ১১ জন খেলুৱৈৰ উশাহৰ সৈতে সমগ্ৰ দেশে উশাহ ল’ব । আজি ১৪০ জন ভাৰতীয়ৰ সাহস আপোনালোকৰ লগত খেলপথাৰত থাকিব । প্ৰতিগৰাকী ভাৰতীয়ৰ শক্তি খেলপথাৰত আপোনাৰ লগত থাকিব আৰু যেতিয়া আপুনি বিশ্বকাপক কোলাত ল’ব তেতিয়া ১৪০ জন ভাৰতীয়ই গৌৰৱেৰে ক’ব ‘বিজয়ী বিশ্ব ত্ৰিংৰগা প্যাৰা, ঝাণ্ডা উঞ্চা ৰাহে হামাৰা ’।’’

লগতে পঢ়ক: কন্যাৰ সৈতে আহমেদাবাদত উপস্থিত অনুষ্কা শৰ্মা, ছাৰা টেণ্ডুলকাৰকো দেখা গ’ল আহমেদাবাদত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.