ETV Bharat / sports

Cricket World Cup 2023 NZ Vs BAN : বাংলাদেশৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ কিৱি বাহিনীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 6:11 PM IST

Updated : Oct 13, 2023, 9:56 PM IST

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত হোৱা একাদশ সংখ্যক মেচখনত নিউজিলেণ্ডে 8 উিকেটত পৰাস্ত কৰে বাংলাদেশক ৷ 42.5 অভাৰতে বিজয় লক্ষ্যত উপনীত হয় নিউজীলেণ্ড ৷

Cricket World Cup 2023 NZ Vs BAN
নিউজিলেণ্ডৰ মুখামুখি বাংলাদেশ

স্পৰ্টছ ডেস্ক, 13 অক্টোবৰ : চলিত বিশ্বকাপ ক্ৰিকেটৰ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত হোৱা একাদশ সংখ্যক মেচখনত নিউজীলেণ্ডে 8 উইকেটত পৰাস্ত কৰিছে বাংলাদেশক ৷ প্ৰথমে বেটিং কৰি নিউজীলেণ্ডক 246 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছিল বাংলাদেশে ৷

246 ৰাণৰ বিজয় লক্ষ্য আগত লৈ নিজৰ ইনিংছ আৰম্ভ কৰি কিৱি বাহিনীয়ে 42.5 অভাৰতে 2 উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে ৷ ডেৰিল মিচেলে সাৰ্বাধিক 67 বলত 89 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ অধিনায়ক কেন উইলিয়ামছনে সংগ্ৰহ কৰে 78 ৰাণ ৷ ডেভন কনৱেই সংগ্ৰহ কৰে 45 ৰাণ ৷ বাংলাদেশৰ হৈ চাকিব আল হাছান আৰু মুস্তাফিজুৰ ৰহমানে 1টাকৈ উইকেট দখল কৰে ৷

শুকুৰবাৰে অনুষ্ঠিত হোৱা খেলখনত টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় কিৱি বাহিনীয়ে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি, নিজৰ ইনিংছ আৰম্ভ কৰি নিৰ্ধাৰিত 50 অভাৰত 9 টা উইকেট হেৰুৱাই 245 ৰাণ সংগ্ৰহ কৰে বাংলাদেশে ৷

অভাৰৰ প্ৰথমতো বলতে অপেনাৰ লিটন দাসৰ উইকেট হেৰুৱাই শলঠেকত পৰে বাংলাদেশ ৷ মাত্ৰ 56 ৰাণতে 4 টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই বাংলাদেশ দলটো বিপদত পৰিছিল যদিও অধিনায়ক চাকিব আল হাচান আৰু উইকেট কীপাৰ বেটছমেন মুছফিকুৰ ৰহমানে ধৈৰ্য সহকাৰে খেলি দলক এক সন্মানজনক স্থিতিত উপনীত কৰায় ৷ মুছফিকুৰ ৰহমানে 75 টা বলত 66 ৰাণ সংগ্ৰহ কৰি মেট হেনৰীৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়াৰ বিপৰীতে অধিনায়ক চাকিব আল হাচানে 51 টা বলত 40 ৰাণ সংগ্ৰহ কৰি ল’কি ফাৰ্গুছনৰ বলত পেভিলিয়নমুখী হয় ৷

ইফালে মেহদী হাচান মিৰাজে 46 টা বলত 30 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ মহম্মদউল্লাহে 49 টা বলত 41 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷

নিউজীলেণ্ডৰ হৈ ল’কি ফাৰ্গুছন সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ ট্ৰেন্ট ব’ল্ট আৰু মেট হেনৰীয়ে 2 টাকৈ উইকেট দখল কৰে ৷ মিটছেল ছেন্টনাৰ আৰু গ্লেন ফিলিপছে দখল কৰে এটাকৈ উইকেট ৷

বাংলাদেশৰ মূল একাদশ-

লিটন দাস, তাঞ্জিদ হাছান, নাজমুল হোছেইন শান্তো, মেহিদি হাছান মিৰাজ, চাকিব আল হাছান (অধিনায়ক), মুছফিকুৰ ৰহিম (উইকেট ৰক্ষক), তৌহিদ হৃদয়, মাহমুদুল্লাহ, তাস্কিন আহমেদ, শ্বোৰিফুল ইছলাম, মুস্তাফিজুৰ ৰহমান।

নিউজীলেণ্ডৰ মূল একাদশ-

ডেভন কনৱে, ৰাচিন ৰবিন্দ্ৰ, কেন উইলিয়ামছন(অধিনায়ক), ডেৰিল মিচেল, টম লাথাম(উইকেট ৰক্ষক), গ্লেন ফিলিপছ, মাৰ্ক চেপমেন, মিচেল ছাণ্টনাৰ, মেট হেনৰী, লকি ফাৰ্গুচন, ট্ৰেণ্ট ব’ল্ট।

লগতে পঢ়ক : World Cup 2023: দুটা দল; এখন খেল; লক্ষ লক্ষ দৰ্শকৰ উৎকণ্ঠা...বিশ্বকাপৰ বিগ মেচৰ বাবে মটেৰা সাজু

Last Updated : Oct 13, 2023, 9:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.