ETV Bharat / sports

বিশ্ব চেম্পিয়ন হ’বলৈ কোহলীৰ পৰা এটা বিশাল শতকৰ আশা

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 2:07 PM IST

cricket world cup 2023 final match ind vs aus virat kohli stats against josh hazlewood and adam zampa
বিশ্ব চেম্পিয়ন হ’বলৈ কোহলীৰ পৰা এটা বিশাল শতকৰ আশা, সাৱধানে থাকিব লাগিব এই দুজন বলাৰৰ পৰা

বিশ্বকাপ ২০২৩ ৰ অন্তিমখন খেলৰ বাবে আহমেদাবাদত উপস্থিত হৈছে ক্ৰিকেট অনুৰাগী । ফাইনেল মেচত বিৰাট কোহলীৰ পৰা অনুৰাগীৰ বহু আশা । কিন্তু বিৰাট কোহলীৰ সন্মুখত আছে দুজন অষ্ট্ৰেলিয়ান বলাৰ আছে যিয়ে তেওঁক অশান্তি দিব পাৰে, তেওঁলোকৰ পৰিসংখ্যা জানি লওক...

স্পৰ্টছ ডেস্ক, ১৯ নৱেম্বৰ : বিশ্বকাপ ২০২৩ ৰ অন্তিমখন খেলৰ বাবে দুয়োটা দলৰ খেলুৱৈৰ সৈতে সাজু হৈছে সমগ্ৰ দেশ ৷ যদিহে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চূড়ান্ত মেচত জয়লাভ কৰে তেন্তে ভাৰতে তৃতীয়বাৰৰ বাবে ট্ৰফী দখল কৰিব ৷ ইয়াৰ পূৰ্বে ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত আৰু ২০১১ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ভাৰতে বিশ্বকাপ জয় কৰিছিল ৷ আজি ভাৰতীয় দলটোৱে আহমেদাবাদত ৰোহিত শৰ্মাৰ নেতৃত্বত বিশ্ব চেম্পিয়ন হ'বলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৷

  • One hundred international centuries on the horizon for Virat Kohli? 🤔

    On the latest episode of The ICC Review, Ravi Shastri ponders the India superstar's chances 💬https://t.co/3oAYRqJ63H

    — ICC Cricket World Cup (@cricketworldcup) November 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, এই মেচত সমগ্ৰ দেশৰ চকু ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ ওপৰত নিবদ্ধ হ’ব ৷ কোহলীক ডাঙৰ মেচৰ খেলুৱৈ বুলি গণ্য কৰা হয় আৰু কোহলী চেজ মাষ্টাৰ নামেৰে বিখ্যাত ৷ আনহাতে পূৰ্বৰ মেচখনত বিৰাটে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰাৰ পিছত এই সমগ্ৰ ভাৰতবাসীয়ে বিৰাটক লৈ নিজৰ মৰম সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে ৷

বিজয়ৰ মুকুট পিন্ধিবলৈ ভাৰতীয় দলক প্ৰয়োজন বিৰাটৰ উত্তম প্ৰদৰ্শন

এই মেচখনত তেওঁ এক উজ্জ্বল শতক অৰ্জন কৰি ভাৰতৰ হৈ এই বিশ্বকাপ জয় কৰাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছে৷ এই বিশ্বকাপত এতিয়ালৈকে বিৰাট কোহলীয়ে ৭০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে ৷ য’ত তিনিটা শতিকো অন্তৰ্ভুক্ত ৷ শেহতীয়াকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰি শচীন টেণ্ডুলকাৰৰ ৪৯টা শতকৰ অভিলেখ ভংগ কৰে বিৰাটে ৷

  • Virat Kohli has struggled to get going against Josh Hazlewood thus far in ODIs.

    The Australian pacer has dismissed the Indian run machine five times in ODI cricket. pic.twitter.com/h9Vm2YNvsc

    — CricTracker (@Cricketracker) November 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

হেজলউড আৰু জাম্পাৰ পৰা বাচি থাকিব লাগিব

আনহাতে অষ্ট্ৰেলিয়াৰ দুজন গুৰুত্বপূৰ্ণ বলাৰ জোছ হেজলউড আৰু এডাম জাম্পাও ফৰ্মত আছে আৰু এই দুজন বলাৰৰ বিৰুদ্ধে বিৰাট কোহলীৰ অভিলেখ ভাল নহয় ৷ এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব কোহলীয়ে ৷ এই বিশ্বকাপত মহম্মদ ছামী (২৩)ৰ পিচতে দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰিছে আদম জাম্পাই (২২) ৷ জোছ হেজলউডেও ১০ খন মেচত ১৪টা উইকেট দখল কৰিছে আৰু বেটছমেনসকলৰ বাবে যথেষ্ট অশান্তিৰ সৃষ্টি কৰিছে ৷

এডাম জাম্পা আৰু জোছ হেজলউডৰ বিৰুদ্ধে বিৰাট কোহলীৰ পৰিসংখ্যা

জোছ হেজলউড- জোছ হেজলউডে বিৰাট কোহলীৰ হাতত ৮ টা এদিনীয়া ইনিংছত বলিং কৰি কোহলীক ৫ বাৰ আউট কৰিছে ৷ হেজলউডৰ ৮৮টা বলত ৫৪টা ডট বল খেলি কোহলীয়ে ৫১ ৰান সংগ্ৰহ কৰে ৷ হেজলউডৰ বিৰুদ্ধে কোহলীৰ নামত মাত্ৰ তিনিটা চাৰিটা আছে আৰু তেওঁৰ বিৰুদ্ধে কোনো ছয় মাৰিব পৰা নাই ৷ হেজলউডৰ বিৰুদ্ধে ৫৭.৯৫ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰিছে কোহলীয়ে ৷

আদম জাম্পা- বিৰাট কোহলীক আদম জাম্পাৰ বিৰুদ্ধেও চিন্তিত যেন লাগিছিল ৷ কিন্তু জাম্পা আৰু কোহলীৰ মাজত হ’ব কঠোৰ প্ৰতিযোগিতা ৷ জাম্পাই ইতিমধ্যে ১৩ ইনিংছত ৫ বাৰ আউট কৰিছে কোহলীক ৷ অৱশ্যে জাম্পাৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ২৩২টা বলত ২৫৪ ৰান সংগ্ৰহ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে ১০৯.৪৮ ষ্ট্ৰাইক ৰেটত বেটিং কৰিছে ৷ জাম্পাৰ বিৰুদ্ধে কোহলীৰ গড় বৰ্তমান ৫০.৮০ ৷

লগতে পঢ়ক: আজি কেনে হ'ব আহমেদাবাদৰ বতৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.