ETV Bharat / sports

আজি কেনে হ'ব আহমেদাবাদৰ বতৰ ?

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 1:21 PM IST

World Cup 2023
আজি এদিনীয়া বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ চূড়ান্ত খেল

আজি এদিনীয়া বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ চূড়ান্ত খেল । দুয়োটা দলেই আত্মবিশ্বাসী আৰু এই গুৰুত্বপূৰ্ণ খেলখনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত । কিন্তু বতৰে খেলিমেলি লগাব নেকি ?

স্পৰ্টছ ডেস্ক, ১৯ নৱেম্বৰ : আজি ক্ৰিকেটৰ মহাৰণ । সন্মুখ সমৰত ভাৰত আৰু আষ্ট্ৰেলিয়া বাহিনী । ৰণক্ষেত্ৰত পৰিণত হ'ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম । এই মহাৰণৰ প্ৰত্যক্ষ সাক্ষী হ'ব ১ লাখ ৩০ হাজাৰ লোক ।

কেৱল ভাৰতৰে নহয় বিশ্বৰ সকলো অনুৰাগীৰ দৃষ্টি এই মহাৰণত । ভাৰতীয় দলটোৱে ইতিমধ্যে বিশ্বকাপৰ আটাইকেইখন খেলত জয়ী হৈ শক্তিশালী স্থিতিত আছে । দলটোৰ প্ৰতিগৰাকী সেনাপতি আৰু ৰণুৱাৰ মনোবলো বৃদ্ধি পাইছে । একে সময়তে, প্ৰথম দুখন মেচত পৰাজিত হ'লেও ৫ বাৰকৈ বিশ্বকাপৰ ট্ৰফী দখল কৰা কেংগাৰু বাহিনীও জয়ী হ'ব বুলি আত্মবিশ্বাসী ।

দুয়োটা দলে সম্পূৰ্ণৰূপে প্ৰস্তুত । অষ্ট্ৰেলিয়া অধিনায়ক পেট কামিন্সে কৈছে যে তেওঁলোকে ১ লাখ ৩০ হাজাৰ দৰ্শকক নীৰৱ কৰিব লাগিব । ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই কৈছে যে তেওঁলোকে চাপৰ মাজত কেনেদৰে খেলিব লাগে সেয়া ভালকৈ জানে আৰু প্ৰতিজন খেলুৱৈয়ে তেওঁৰ দায়িত্ব ভালদৰে পালন কৰে ।

অষ্ট্ৰেলিয়া আৰু ভাৰতে এতিয়ালৈকে এদিনীয়া বিশ্বকাপৰ ১৫০ খন খেল খেলিছে । তাৰ ভিতৰত ৫৭ খনত ভাৰতীয় দল জয়ী হৈছে আৰু ৮৩ খন মেচত অষ্ট্ৰেলিয়া জয়ী হৈছে । ১০ খন খেলৰ কোনো ফলাফল নাছিল । বিশ্বকাপৰ ইতিহাসত, দুয়োটা দলে এতিয়ালৈকে ১৩ খন মেচত মুখামুখি হৈছে । য'ত অষ্ট্ৰেলিয়াই ৮ খনত আৰু ভাৰতীয় দলে ৫ খন মেচত জয়ী হৈছে । ভাৰতীয় দলটোৱে এই বিশ্বকাপৰ প্ৰথমখন লীগ মেচত অষ্ট্ৰেলিয়াক ১৯৯ ৰাণত অলআউট কৰিছিল । তাৰ পাছত তাৰকা বেটছমেন বিৰাট কোহলী আৰু কে এল ৰাহুলৰ যুঁজাৰু ইনিংছৰ সহায়ত ভাৰতীয় দলে মেচখন ৬ উইকেটত জয়ী হৈছিল ।

আজিৰ খেলখনত অনুষ্ঠিত হ'ব বিশ্বৰ সৰ্ববৃহৎ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম । ষ্টেডিয়ামৰ পিটছ বলিং আৰু বেটিং উভয়ৰ বাবে অনুকূল । বিশ্বকাপ টুৰ্ণামেণ্টত এতিয়ালৈকে এই পিটছত ৪ খন খেল অনুষ্ঠিত হৈছে আৰু ৩ টা দলে টাৰ্গেট অনুসৰণ কৰি জয় লাভ কৰিছে । এক প্ৰতিবেদন অনুসৰি, এই পিটছত ৩১৫ ৰাণৰ টাৰ্গেট অনুসৰণ কৰি জয় লাভ কৰিব পাৰি । কাৰণ দ্বিতীয় ইনিংছৰ মাজভাগত বেটিং কৰাটো কঠিন হ'ব পাৰে ।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ফাইনেল খেলৰ সময়তো বতৰ ভালে থাকিব । আজি আহমেদাবাদত বৰষুণৰ কোনো সম্ভাৱনা নাই । গতিকে দৰ্শকে গোটেই খেলখন সুন্দৰকৈ চাব পাৰিব । একুৱেডাৰৰ প্ৰতিবেদন অনুসৰি, আবেলি সৰ্বাধিক তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলচিয়াছ হ'ব আনহাতে সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ২০ ডিগ্ৰী চেলচিয়াছ হ'ব ।

ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেটকিপাৰ), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ ।

অষ্ট্ৰেলিয়া দল : ডেভিদ ৱাৰ্ণাৰ, মিচেল মাৰ্শ, ষ্টিভেন স্মিথ, মাৰ্নাছ লাবুচাগনে, কেমেৰুন গ্ৰীণ, জছ ইংলিছ (উইকেটকিপাৰ), গ্লেন মেক্সৱেল, পেট কামিন্স (অধিনায়ক), মিচেল ষ্টাৰ্ক, জছ হেজলউড, এডাম জাম্পা ।

লগতে পঢ়ক : বিশ্বকাপৰ ফাইনেল, পুৱাৰে পৰা ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.