ETV Bharat / sports

ৰোহিতৰ অশ্ৰুসিক্ত নয়ন, ভাবুক কোহলী, কান্দোনত ভাগি পৰা চিৰাজক শান্ত্বনা বুমৰাহৰ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 12:32 PM IST

Cricket word cup 2023
কান্দোনত ভাগি পৰা চিৰাজক শান্ত্বনা বুমৰাহৰ

অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ পাচতে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হতাশা । ৰোহিতে কান্দি কান্দি ড্ৰেছিং ৰুমলৈ অগ্ৰসৰ হৈছে । কোহলীয়ে বেদনা ভৰা মুখখন টুপীটোৰে লুকুৱাইছে । হুকহুকাই কান্দি উঠিল চিৰাজ ।

স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ : আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ ৰ ফাইনেলত ভাৰতীয় দলটো পৰাজিত হোৱাৰ লগে লগে ১৪০ কোটি দেশবাসীৰ হৃদয় ভাঙি গৈছে । কেৱল হিয়া ভগাই নহয় ২০২৩ চনৰ বিশ্বকাপত ভাৰতক ট্ৰফী লাভ কৰাৰ সপোনো ভংগ হৈছে । ইফালে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰায় ১.৫ লাখ লোকে তেওঁলোকৰ অধিনায়কৰ হাতত ট্ৰফী নেদেখি মৰ্মাহত হৈছে ।

কিছু অনুৰাগীয়ে আকৌ এই মুহূৰ্তটো চাব নোৱাৰিলে । যাৰ বাবে তেওঁলোকে খেলৰ মাজতে ষ্টেডিয়াম এৰি ওলাই গ'ল । খেলখন চাই থকা প্ৰতিগৰাকী অনুৰাগীয়ে কান্দি উঠিছিল আৰু পৰাজয়ৰ পাচতো চমৎকাৰী প্ৰদৰ্শনৰ বাবে দলটোক অভিনন্দন জনাইছে । কেৱল লাখ লাখ অনুৰাগীৰ চকুত চকুপানী নাছিল ।

  • This man gave his everything in this World Cup to bring glory, but unfortunately we couldn't win.

    This sport is cruel, very cruel when you're Virat Kohli. 🥲 pic.twitter.com/CJ1HSs7ovr

    — Mufaddal Vohra (@mufaddal_vohra) November 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই খেলখনত পৰাজিত হোৱাৰ পাচতে অশ্ৰুসিক্ত নয়নেৰে খেলপথাৰ ত্যাগ কৰিছিল । বিৰাট কোহলীও ভিতৰৰ পৰা বহুত দুখী যেন লাগিছিল । হয়তো তেওঁ আৱেগিক মুখ লুকুৱাবলৈ টুপীৰ আশ্ৰয় লৈছিল । ভাৰতীয় দলৰ উইকেটকিপাৰ কে এল ৰাহুল খেলপথাৰত বহি পৰিছিল । মহম্মদ চিৰাজে কান্দোনত ভাগি পৰিছিল আৰু ভাৰতীয় পেচাৰগৰাকীৰ মুখত চকুপানী স্পষ্টভাৱে দেখা গৈছিল । ঠিক তেতিয়াই, তেওঁৰ কাষত থিয় হৈ যশপ্ৰীত বুমৰাহে সাৱতি ধৰি শান্ত্বনা দিয়াৰ চেষ্টা কৰিছিল ।

ভাৰতীয় দলৰ পৰাজয়ৰ পাচত, ষ্টেডিয়ামত উপস্থিত থকা খেলুৱৈসকলৰ পৰিয়ালৰ সদস্যসকলকো দুখী দেখা গৈছিল । অনুষ্কা শৰ্মাকো ষ্টেডিয়ামত আৱেগিক দেখা গৈছিল । ৰোহিত শৰ্মাৰ পত্নী ৰিতিকাৰ বেদনাও মুখত স্পষ্টভাৱে দেখা গৈছিল । কে এল ৰাহুলৰ পত্নী আথিয়া চেট্টীয়ে ভাৰতৰ এই পৰাজয়ক যেন বিশ্বাস কৰি ল'ব নোৱাৰিলে । আনকি ভাৰতীয় দলৰ খেলুৱৈসকলক পদক প্ৰদান কৰাৰ সময়তো খেলুৱৈসকলৰ মুখত হাঁহি দেখা যোৱা নাছিল ।

উল্লেখ্য যে, ফাইনেল খেলখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ২৪০ ৰাণ সংগ্ৰহ কৰে আৰু অষ্ট্ৰেলিয়াক ২৪১ ৰাণৰ টাৰ্গেট দিয়ে । প্ৰথম অৱস্থাত অষ্ট্ৰেলিয়াই ৪ টা উইকেট হেৰুৱাই যদিও ৪৩ অভাৰত দলটোৱে বিজয় সাব্যস্ত কৰে আৰু অষ্ট্ৰেলিয়া দলে এদিনীয়া বিশ্বকাপৰ ষষ্ঠ ট্ৰফী তুলি লয় ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত, টিম ইণ্ডিয়াৰ মনোবল বৃদ্ধিৰ বাবে শ্বাহৰুখে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.