ETV Bharat / sports

ICC suspends Sri Lanka Cricket: শ্ৰীলংকাৰ ক্ৰিকেট দলক আই চি চিৰ সদস্য পদৰ পৰা নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 9:48 PM IST

ভাৰতৰ বিৰুদ্ধে হতাশাজনক প্ৰদৰ্শন কৰাৰ বাবে শ্ৰীলংকাৰ চৰকাৰে বৰ্খাস্ত কৰিছিল দেশখনৰ ক্ৰিকেট ব’ৰ্ড ৷ ইয়াৰ পিচতে ক্ৰীড়াক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপৰ দোহাই দি ICC য়ে নিলম্বন কৰিছে শ্ৰীলংকান ক্ৰিকেট দলক ৷

ICC suspends Sri Lanka Cricket
ICC suspends Sri Lanka Cricket

স্প’ৰ্টছ ডেস্ক, 10 নৱেম্বৰ: শ্ৰীলংকাৰ চৰকাৰে দেশখনৰ ক্ৰিকেট ব’ৰ্ড ভংগ কৰাৰ পিচতেই এইবাৰ ICC এ নিলম্বন কৰিলে শ্ৰীলংকাৰ ক্ৰিকেট দলক ৷ ক্ৰীড়াক্ষেত্ৰত চৰকাৰী হস্তক্ষেপৰ দোহাই দি নিলম্বন কৰা হৈছে দলটোক ৷ ভাৰতত চলি থকা বিশ্বকাপত দলটোৱে ভাৰতৰ বিৰুদ্ধে কৰা বিপৰ্যয়জনক প্ৰদৰ্শনৰ পিছত শ্ৰীলংকাৰ চৰকাৰে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক বৰ্খাস্ত কৰিছিল ৷ বিশ্বকাপত দলটোৱে 9 খন খেলৰ ভিতৰত 7 খন খেলত পৰাস্ত হৈছে আৰু দুখনতহে জয়লাভ কৰিছে ।

আপিল আদালতে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক পুনৰ প্ৰৱৰ্তন কৰে, যাৰ ফলত দেশৰ ক্ৰিকেটৰ সংস্থাৰ সংকট আৰু অধিক গভীৰ হৈ পৰে । বৃহস্পতিবাৰে সংসদত চৰকাৰ আৰু বিৰোধীৰ যৌথ প্ৰস্তাৱত শ্ৰীলংকান ক্ৰিকেট কাউঞ্চিলৰ পদত্যাগৰ দাবী উত্থাপন হয় ।

আইচিচিয়ে এক বিবৃতিত কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ব’ৰ্ডে শ্ৰীলংকা ক্ৰিকেটৰ আইচিচিৰ সদস্যপদ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰাখিছে ।

"আই চি চি ব'ৰ্ডে আজি বৈঠকত মিলিত হৈ নিৰ্ণয় কৰে যে শ্ৰীলংকা ক্ৰিকেটে সদস্য হিচাপে নিজৰ বাধ্যবাধকতা বিশেষকৈ, স্বায়ত্তশাসিতভাৱে নিজৰ কাম-কাজ পৰিচালনা কৰাৰ প্ৰয়োজনীয়তা আৰু শাসন, নিয়ন্ত্ৰণ বা প্ৰশাসনত যাতে কোনো চৰকাৰী হস্তক্ষেপ নহয়, তাৰ প্ৰয়োজনীয়তা গুৰুতৰভাৱে উলংঘা কৰিছে ৷ আইচিচি ব’ৰ্ডে যথা সময়ত নিলম্বনৰ চৰ্ত নিৰ্ধাৰণ কৰিব ।’’ বিবৃতিটো লগতে কোৱা হৈছে ।

এছ এল চিৰ পৰিচালনা ব’ৰ্ডক বৰ্খাস্ত কৰাৰ সিদ্ধান্তক লৈ বিভাজিত হোৱা চৰকাৰখনে এক প্ৰতিবেদন প্ৰকাশ কৰিছে, য’ত বিষয়া নিযুক্তিৰ বাবে নতুন ভোটিং গাঁথনিৰ সৈতে শাসকীয় সংস্থাটোৰ বাবে একেবাৰে নতুন সংবিধানৰ পৰামৰ্শ দিয়া হৈছে ।

উল্লেখ্য যে, শেহতীয়া বাংলাদেশৰ সৈতে হোৱা খেলখনতো শ্ৰীলংকা আন এক বিপৰ্যয়ৰ সন্মুখীন হয় ৷ খেলপথাৰত বেটিঙৰ বাবে নিৰ্ধাৰিত সময়তকৈ পলমকৈ প্ৰৱেশ কৰাৰ বাবে বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানৰ আবেদন মৰ্মে আম্পায়াৰে এঞ্জেলো মেথিউজক টাইম আউট ঘোষণা কৰে ৷ যাক লৈ আন এক বিতৰ্কৰ সূত্ৰপাত ঘটে ৷

লগতে পঢ়ক: ICC World Cup 2023 : শ্ৰীলংকাৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ নিউজীলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.